Tuesday, July 5, 2022
HomeNewsঅলিম্পিকক লৈ জাপানৰ প্ৰধানমন্ত্ৰীৰ বৃহৎ ঘোষণা

অলিম্পিকক লৈ জাপানৰ প্ৰধানমন্ত্ৰীৰ বৃহৎ ঘোষণা

আগন্তুক টকিঅ’ অলিম্পিকক লৈ জাপানত চলি থকা তীব্ৰ বিতৰ্কৰ মাজতে জাপানৰ প্ৰধানমন্ত্ৰী য়োশিহিদে চুগাই ( Yoshihide Suga) সোমবাৰে কয় যে,তেওঁ কেতিয়াও অলিম্পিকক আগ স্থান নিদিয়ে।

সোমবাৰে জাপানৰ সংসদীয় সমিতিৰ এক বৈঠকত দেশত কোভিড-১৯ সংক্ৰমণ বৃদ্ধি হ’লেও অলিম্পিক আগবাঢ়িব নেকি বুলি প্ৰশ্ন উত্থাপন কৰাৰ সময়ত সুগাৰ পৰা এই মন্তব্য আহিছিল।

“মই কেতিয়াও অলিম্পিকক আগ স্থান দিয়া নাই। মোৰ প্ৰাথমিকতা হৈছে জাপানৰ জনসাধাৰণৰ জীৱন আৰু স্বাস্থ্য সুৰক্ষিত কৰা। আমি প্ৰথমে ভাইৰাছৰ সংক্ৰমণ প্ৰতিহত কৰিব লাগিব,” প্ৰধানমন্ত্ৰীয়ে সুগাই কয় এইদৰে।

প্ৰধানমন্ত্ৰীগৰাকীয়ে লগতে কয় যে, অলিম্পিক বাতিল কৰাটো আন্তঃৰাষ্ট্ৰীয় অলিম্পিক সমিতিয়ে গ্ৰহণ কৰিব লগা এক সিদ্ধান্ত। আনহাতে চৰকাৰৰ ভূমিকা হৈছে কেৱল এই প্ৰতিযোগিতাখন সুৰক্ষিতভাৱে অনুষ্ঠিত কৰাত নিশ্চিত কৰা।

উল্লেখযোগ্য যে, কোভিড-19 মহামাৰীৰ বাবে মে’ মাহৰ শেষলৈকে আয়োজক চহৰ টকিঅ’ স্বাস্থ্য জৰুৰীকালীন অৱস্থাৰ অধীনত থাকিব। যাৰবাবে অলিম্পিক স্থগিত বা বাতিল কৰাৰ দাবী অধিক শক্তিশালী হৈছে।

ইয়াৰ উপৰিও জাপানত শেহতীয়াকৈ কৰা এক জৰীপত পোহৰলৈ আহিছে যে, জাপানৰ ৬০% নাগৰিকে এতিয়াও বিশ্বাস কৰে তিনি মাহতকৈও কম সময়ৰ ভিতৰত টকিঅ’ অলিম্পিক বাতিল কৰা হ’ব।

আনহাতে যোৱা এমাহৰ ভিতৰত, জাপানে মুঠ ১১ খন পৰীক্ষা মূলক প্ৰতিযোগিতা আয়োজন কৰিছে, য’ত চাৰিখন প্ৰতিযোগিতাত বিদেশৰ খেলুৱৈ অন্তৰ্ভুক্ত আছিল আৰু এই খেলুৱৈসকলৰ মাজত এটাও কোভিড-19 সংক্ৰমণৰ ঘটনা পঞ্জীয়ন হোৱা নাছিল।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

14 − nine =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Archives list

Recent Comments