অলিম্পিকত অন্তৰ্ভুক্ত হোৱাৰ দিশে ক্ৰিকেট
অলিম্পিয়া প্ৰতিবেদন: অলিম্পিকত অন্তৰ্ভুক্ত হ’ব নেকি বহুল জনপ্ৰিয় ক্ৰিকেট ? ইয়াৰ মাজতে আহিছে কিছু ভাল খবৰ । অলিম্পিক সমিতিৰ দ্বাৰা পুনৰীক্ষণ বাবে তালিকাভুক্ত কৰা হৈছে ক্ৰিকেটক ।
২০২৮ চনত আমেৰিকা যুক্তৰাষ্ট্ৰৰ লছ এঞ্জেলছত অনুষ্ঠিত হ’ব বিশ্বৰ সৰ্বশ্ৰেষ্ঠ ক্ৰীড়া সমাৰোহ অলিম্পিক । তাৰ প্ৰাকক্ষণত নটাকৈ ক্ৰীড়া অন্তৰ্ভুক্তিৰ চিন্তাচৰ্চা অব্যাহত আছে । বেছবল, ছফটবল, ফ্লেগ ফুটবল, লেক্ৰছ, ব্ৰেক ডান্সিং, কাৰাটে, কিক বক্সিং, স্কোৱাছ, মটৰ স্পৰ্টছৰ লগতে ক্ৰিকেটো আছে এই নতুন ইভেণ্টৰ তালিকাত ।ইয়াৰ বাবে উৎসাহিত হৈ পৰিছে ক্ৰিকেট অনুৰাগী ।
মুম্বাইত অনুষ্ঠিত হ’বলগীয়া ইণ্টাৰনেচনেল অলিম্পিক কমিটী চমুকৈ আই অ’ চিৰ সভাত ক্ৰিকেটৰ অন্তৰ্ভুক্তিৰ বিষয়ে চূড়ান্ত সিদ্ধান্ত লোৱাৰ আশা কৰা হৈছে ।
আই অ চিয়ে কিমানটা নতুন ক্ৰীড়া ইভেণ্ট যোগ দিব পাৰে তাৰ কোনো সীমা নাই । বৰ্তমান বাৰ্মিংহামত অনুষ্ঠিত ২০২২ কমনৱেলথ গেমছত এক অন্যতম আকৰ্ষণ হ’ল ক্ৰিকেট । কমনৱেলথ দেশসমূহত ইয়াৰ জনপ্ৰিয়তাৰ ওপৰত লক্ষ্য ৰাখি আই চি চি আৰু ইচিবি দুয়োটাই ক্ৰিকেটক কমনৱেলথ ২০২২ ত অন্তৰ্ভুক্ত কৰাৰ বাবে কঠোৰ প্ৰচেষ্টা অব্যাহত ৰাখিছিল ।
১৯৯৮ চনত কুয়ালালামপুৰত অনুষ্ঠিত কমনৱেলথৰ সংস্কৰণত কেৱল পুৰুষৰ এদিনীয়া ফৰ্মেটৰ ক্ৰিকেট প্ৰদৰ্শিত হৈছিল । আনহাতে, বাৰ্মিংহামত টি ২০ ফৰ্মেটত কেৱল মহিলা ক্ৰিকেট অন্তৰ্ভূক্ত হ’ল — যত আঠখন দেশে সোণৰ পদকৰ বাবে প্ৰতিদ্বন্দিতা কৰিছে ।
অৱশ্য, অলিম্পিকৰ ক্ষেত্ৰত যিকোনো ক্ৰীড়া অনুশাসনত পুৰুষ মহিলা উভয় শাখাতে প্ৰদৰ্শন কৰাটো প্ৰয়োজনীয় । সেয়েহে, আইচিচি আত্মবিশ্বাসী যে ক্ৰিকেট যিহেতু বহু দেশৰে জনপ্ৰিয় খেল, ইয়াৰ আবেদন আৰু সমৰ্থন আছে বিশ্বব্যাপী ।
ক্ৰিকেট অনুৰাগীৰ আশা অলিম্পিকত অন্তৰ্ভুক্ত হওঁক ক্ৰিকেট,,,, বল বেটৰ উন্মাদনাত বুৰ যাবলৈ সাজু বিশ্বৰ কোটি কোটি ক্ৰিকেট প্ৰেমী,,,