অলিম্পিকত জোতা বিতৰ্ক

১৯ মে’, গুৱাহাটী: অলিম্পিক হ’ওক বা নহওক, টকিঅ’ অলিম্পিকক লৈ ইতিমধ্যে আৰম্ভ হৈছে জোতা বিতৰ্কৰ৷ প্ৰাপ্ত তথ্য অনুসৰি ২১৯ বৰ্ষত বিশ্বৰ প্ৰসিদ্ধ ক্ৰীড়া সামগ্ৰী নিৰ্মান প্ৰতিষ্ঠান নাইকে দৌৰ বিদসকলৰ বাবে এক বিশেষ প্ৰযুক্তিৰ জোতা নিৰ্মাণ কৰি উলিয়াছে৷ এই জোতা ব্যবহাৰ কৰাৰ পিছত দৌৰবিদ সকলে সময়ৰ ক্ষেত্ৰত বহু তাৰতম্য প্ৰত্যক্ষ কৰিছে৷ কিছুদিন পূৰ্বে মাৰাথান খেলুৱৈ ডে’ড গ্ৰিফটে সংবাদ মাধ্যমক জানিবলৈ দিয়া মতে, নাইকৰ এই বিশেষ প্ৰযুক্তিৰ জোতাৰ ব্যৱহাৰৰ বাবে তেওঁ টাৰ্গেট শেষ কৰোতে পূৰ্বতকৈ সময় কম লাগিছিল৷ গ্ৰিফটৰ এই কথা স্বীকৃত ফলাফল হিচাপে নথীভুক্ত নহলেও ৱৰ্ল্ড এথলেটিকছে এই জোতা ব্যৱহাৰৰ ইতিমধ্যে অনুমোদন দিছে৷ সেয়ে আগন্তুক অলিম্পিকত এই নতুন প্ৰযুক্তিৰ জোতাৰ ব্যৱহাৰ নিশ্চিয় থাকিব৷ হয়তো সৃষ্টি হ’ব বহু নতুন ৰেকৰ্ড৷ শেহতীয়াকৈ লণ্ডনত অনুষ্ঠিত এথলেটিকছৰ এক ট্ৰায়েলত অংশ লৈছিল গ্ৰিফতে৷ এই জোতাক লৈ ইতিমধ্যে তীব্ৰ সমালোচনাও হৈছে চৌদিশে৷

Leave a Reply

Your email address will not be published. Required fields are marked *