জনপ্ৰিয় নৃত্য শৈলী ব্ৰেক ডান্স এতিয়া কেৱল ডান্স হৈ থকা নাই। ব্ৰেক ডান্স এতিয়া এক ক্ৰীড়া হিচাপেও পৰিগণিত হল। আন্তঃৰাষ্ট্ৰীয় অলিম্পিক কমিটিয়ে ২০২৪ অলিম্পিকত ব্ৰেক ডান্সক অলিম্পিকত অন্তৰ্ভুক্ত কৰাৰ পিছতে এতিয়া বিশেষ চৰ্চা চলিছে।
আধুনিক বা পশ্চিমীয়া নৃত্যশৈলীৰ বিশয়ে যিসকল অৱগত সেইলোকসকলৰ বাবে ব্ৰেক ডান্স অতি চিনাকী এক নৃত্য শৈলী। এই বিধ হিপ-হপ ডান্সৰ এটা ভাগ। ইয়াৰ চাৰিটা প্ৰধান বৈশিষ্ট আছে। প্ৰথমটো হৈছে ব্ৰেক ডান্স কৰা ব্যক্তিজনে চিধাকৈ থিয় হৈ ষ্টেপ কৰা, দ্বিতীয় হাত আৰু ভৰিৰে ষ্টেপ কৰা, তৃতীয় ডান্স কৰি কৰি এটা নিৰ্দিষ্ট পজিচনত স্থিৰ হৈ যোৱা আৰু চতুৰ্থটো হৈছে শক্তি।এই চতুৰ্থ ষ্টেপত হাত, মূৰ স্পিন, উইন্ড মিল আদি কৰিব লাগে।
অলিম্পিকত অন্তৰ্ভুক্ত হোৱাৰ পূৰ্বেও ব্ৰেক ডান্সক লৈ আছিল মানুহৰ মাজত উৎসুকতা। এই নৃত্য শৈলীবিধৰ বিভিন্ন প্ৰতিযোগিতা অনুষ্ঠিত হৈ আহিছে। ব্ৰেক ডান্সৰ বিশ্বকাপ বুলিবলৈ হ’লে ৰেড বুল বি চি ৱৰ্ল্ড ফাইনেলকেই ক’ব লাগিব। এই প্ৰতিযোগিতাখনেই ব্ৰেক ডান্সৰ সৰ্ববৃহৎ প্ৰতিযোগিতা। প্ৰতিবছৰে অনুষ্ঠিত হোৱা এই প্ৰতিযোগিতাখনত বিশ্বৰ ৩৬ খন দেশে অংশগ্ৰহণ কৰি আহিছে। আনহাতে প্ৰতিখন দেশৰ ৰাষ্ট্ৰীয় প্ৰতিযোগিতাত বেলেগ বেলেগ জ’নৰ চেম্পিয়নে অংশগ্ৰহণ কৰে। ভাৰতৰ ক্ষেত্ৰত সমগ্ৰ দেশত ছয়ৰ পৰা সাতটা জ’নৰ চেম্পিয়নে ৰাষ্ট্ৰীয় প্ৰতিযোগিতাত ভাগ লয়। এই জ’ন সমূহত দেশৰ মুঠ ১৬ খন চহৰ অন্তৰ্ভুক্ত হৈ আছে।
যদিও ব্ৰেক ডান্সৰ প্ৰতিযোগিতা বুলি কোৱা হৈছে কিন্তু ইয়াক প্ৰতিযোগিতা বুলি নকৈ বেটেল্ছ বুলিহে কোৱা হয়। এই বেটেল্ছত দুজন বি-বয় বা বি-গাৰ্ল বা গ্ৰোপত মুখামুখি হয়। কোনো বৃহৎ মঞ্চৰ ওপৰত বা মুকলি ঠাইৰ পৰিবৰ্তে বেটেল্ছৰ লগত জৰিতসকলোৱে এখন চাদৰ তলত একত্ৰিত হয়।
বেটেল্ছত অংশগ্ৰহণ কৰা প্ৰতিগৰাকী বি-বয় বা বি গাৰ্লৰ থাকে একোটাকৈ ক’ড নাম। ব্ৰেক ডান্সৰ কমিউনিটিত বা সমাজখনত বি-বয়, বি গাৰ্লক তেওঁৰ নামৰ পৰিবৰ্তে ক’ডৰ জৰিয়তেহে চিনি পায়।