Tuesday, July 5, 2022
HomeNewsঅলিম্পিকত ভাৰতীয় মল্লযুঁজাৰুৱে চাৰিটা পদক লাভ কৰিব

অলিম্পিকত ভাৰতীয় মল্লযুঁজাৰুৱে চাৰিটা পদক লাভ কৰিব

টকিঅ’ অলিম্পিকলৈ যোগ্যতা অৰ্জন কৰা চাৰি গৰাকী ভাৰতীয় মল্লযুঁজাৰুৱে প্ৰতিযোগিতাখনত পদক লাভ কৰিব। মল্লযুঁজাৰু কেইজনকলৈ WFI ৰ অধ্যক্ষ বৃজ ভূষণ চৰণ সিঙে যথেষ্ট আশা প্ৰকাশ কৰিছে।

ভাৰতৰ তাৰকা মল্লযুঁজাৰু সুশীল কুমাৰ, সাক্ষী মালিক আদিৰ দৰে খেলুৱৈয়ে এতিয়ালৈকে প্ৰতিযোগিতাখনৰ বাবে যোগ্যতা অৰ্জন কৰা নাই যদিও ভাৰতীয় মল্লযুঁজাৰু দলটোৱে প্ৰতিযোগিতাখনত উন্নত প্ৰদৰ্শন আগবঢ়াবলৈ সক্ষম হ’ব বুলি অধ্যক্ষ বৃজ ভূষণ চৰণ সিঙে মন্তব্য আগবঢ়াইছে। অৱশ্যে ভাৰতৰ অন্যান্য মল্লযুঁজাৰুসকলে এতিয়াও যোগ্যতা অৰ্জনৰ বাবে এটা সুযোগ লাভ কৰিব। ২৯ এপ্ৰিলৰ পৰা পুনৰ আৰম্ভ হ’ব অলিম্পিক বিশ্ব অলিম্পিক কোৱালিফায়াৰ্ছ।

এ এন আইৰ আগত WFI ৰ অধ্যক্ষ বৃজ ভূষণ চৰণ সিঙে কৈছে, মোৰ সম্পূৰ্ণ আশা আছে এইবাৰ অলিম্পিকত আমি চাৰিটা পদক লাভ কৰিম। যোৱা অলিম্পিকতো মই মল্লযুঁজত তিনিটা পদক জয় কৰিব বুলি আশা কৰিছিলোঁ। কিন্তু ডপিং বিবাদ আৰু বিনেশ ফ’গাত আঘাত প্ৰাপ্ত হোৱাৰ কাৰণে দুৰ্ভাগ্যজনকভাৱে আমি আশা কৰা ফল লাভ নকৰিলো। এইবাৰ মোৰ সম্পূৰ্ণ আশা আৰু বিশ্বাস আছে যে আমাৰ এথলিটে নিশ্চিত ৰূপত চাৰিটা পদক লাভ কৰিব।

আনহাতে WFI য়ে উত্তৰ প্ৰদেশত নিজৰ সকলো মুখ্য খেলুৱৈৰ বাবে অলিম্পিক কেন্দ্ৰ নিৰ্মাণ কৰিবলৈ প্ৰচেষ্টা চলাইছে। এই কেন্দ্ৰৰ বাবে ৰাজ্য চৰকাৰলৈয়ো ভূমি আবন্তন দিবলৈ প্ৰস্তাৱ প্ৰেৰণ কৰিছে।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

twenty − 12 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Archives list

Recent Comments