Tuesday, October 4, 2022
HomeNewsঅলিম্পিকলৈ নিৰ্বাচিত হোৱা লাভলীনাই কেনেদৰে পাৰ কৰিছে লক-ডাউনৰ আজৰি সময়?

অলিম্পিকলৈ নিৰ্বাচিত হোৱা লাভলীনাই কেনেদৰে পাৰ কৰিছে লক-ডাউনৰ আজৰি সময়?

সমগ্ৰ দেশতে লক ডাউন। দেশ তথা ৰাজ্য প্ৰায় স্তদ্ধ। স্তদ্ধ জনজীৱন। সকলো ঘৰৰ ভিতৰতে আৱদ্ধ। তেনে এক সময়ত সৌ সিদিনা অলিম্পিকলৈ নিৰ্বাচিত হৈ ৰাজ্যলৈ গৌৰৱ কঢ়িয়াই অনা তাৰকা বক্সাৰ লাভলীনাইনো কি কৰি আছে,ক্ৰীড়া আনুৰাগীৰ নিশ্চয় জানিবলৈ মন গৈছে। লক ডাউনৰ সময়চোৱাত তাৰকা বক্সাৰগৰাকী কিহত ব্যস্ত, কেনেদৰে পাৰ কৰিছে আবদ্ধ জীৱন সেই বিষয়ে জানিবলৈ আমি কথা পাতিছিলোঁ লাভলীনাৰ সৈতে।

সম্প্ৰতি লাভলীনা আছে গোলাঘাটৰ নিজা বাসভৱনত। পূৰ্বৰ দৰে ২৪ ঘণ্টাই অনুসৰণ কৰিব লগা হোৱা নাই ব্যস্ত সূচী। হাতত অফুৰন্ত সময়। এই সময়ছোৱাত লাভলীনায়ো আনৰ দৰে নিজে ভাল পোৱা কাম কৰি সময় পাৰ কৰিছে যদিও নিতৌ পুৱা গধূলি অনুশীলনো চলাই নিছে। ঘৰৰ সীমিত সুবিধাতে নিজৰ বক্সিঙৰ যাৱতীয় অনুশীলন চলাই আছে দেশৰ আগশাৰীৰ বক্সাৰগৰাকীয়ে। উল্লেখযোগ্য যে লাভলীনাৰ দৰে অলিম্পিকলৈ নিৰ্বাচিত হোৱা বক্সাৰসকলক ঘৰত থাকিয়ে প্ৰস্তুতি অব্যাহত ৰাখিবলৈ আহ্বান জনাইছে বক্সিং ফেডাৰেচন অৱ ইন্ডিয়াই। ফেডাৰেচনৰ আহ্বান আখৰে আখৰে পালন কৰিছে লাভলীনায়ো। পুৱা উঠিয়েই কেইবা কিলোমিটাৰ দৌৰে তেওঁ। তাৰ পাছত শাৰীৰিক কচৰৎ। তাৰ কিছু সময়ৰ পাছত পুৱাৰ আহাৰ গ্ৰহণ কৰে লাভলীনাই। ইয়াৰ পিছতে লাভলীনা ব্যস্ত হৈ পৰে সৌ সিদিনা জন্ম লাভ কৰা লাভলীনাৰ ভাগিনটিৰ সৈতে। ভাগিনৰ সৈতে সময় কটাই আনন্দৰ দিন পাৰ কৰিছে লাভলীনাই। ইয়াৰ উপৰিও এই সময়ছোৱাতে নতুনকৈ কিতাপ পঢ়া আৰু ছবি উপভোগ কৰাতো ব্যস্ত হৈ পৰিছে তাৰকা বক্সাৰগৰাকী। বৰ্তমান লাভলীনাই পঢ়ি আছে ৰীতা চৌধুৰীৰ মাকাম। তাৰ উপৰি এইকেইদিন ৰান্ধনীৰ ভূমিকাও পালন কৰিছে লাভলীনাই। বাৰীৰ কচু, মানিমুনি আদি বুটলিবলৈ যোৱাৰ লগতে তাৰে আঞ্জা ৰান্ধি ঘৰৰ সকলোকে আপ্যায়িত কৰিছে লাভলীনাই। কেতিয়াবা আকৌ মাছো ধৰিছে বক্সাৰ লাভলীনাই। মুঠতে এক ব্যস্ত সূচীৰ পৰা কিছু আহৰি পাই সম্পূৰ্ণ ঘৰুৱা পৰিৱেশ পূৰ্ণোদ্যমে উপভোগ কৰিছে অসমৰ অলিম্পিকৰ সম্ভাৱনা লাভলীনাই।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

15 + five =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments