অলিম্পিকলৈ যোগ্যতা অৰ্জন কৰিব পাৰিব বুলি বিশ্বাসী হিমা দাস

ভাৰতৰ মহিলাৰ ৪× ১০০ মিটাৰ ৰিলে দলটোৱে অলিম্পিকলৈ যোগ্যতা অৰ্জন কৰিব পাৰিব বুলি বিশ্বাসী হিমা দাস। পোলেণ্ডত অনুষ্ঠিত হ’বলগীয়া বিশ্ব এথলেটিকছ ৰিলেত অংশগ্ৰহণ কৰি ভাৰতীয় মহিলা দলটোৱে অলিম্পিকলৈ যোগ্যতা অৰ্জন কৰিব বুলি আশা প্ৰকাশ কৰিছে ‘ধিং এক্সপ্ৰেছ’ গৰাকীয়ে।

উল্লেখ্য যে বিশ্ব এথলেটিকছ ৰিলে প্ৰতিযোগিতাৰ ৪×১০০ ৰিলেৰ শীৰ্ষ ৮ টা দলে অলিম্পিকলৈ যোগ্যতা অৰ্জন কৰিব। প্ৰতিযোগিতাখনলৈ ঘোষিত ভাৰতীয় ৪×১০০ মিটাৰ ৰিলে দলটোত অসমৰ হিমাৰ উপৰিও ৰাষ্ট্ৰীয় ৰেকৰ্ডৰ অধিকাৰী দুতী চান্দ, অৰ্চনা সুসেন্দ্ৰাম আৰু এছ ধনলক্ষ্মীও আছে।

Press Trust of India ত প্ৰকাশিত এক সাক্ষাৎকাৰত হিমাই উল্লেখ কৰিছে যে, ”দুতী‌ও দলত অন্তৰ্ভুক্ত হৈ আছে। আমাৰ বিশ্বাস আছে বিশ্ব ৰিলেৰ জৰিয়তে অলিম্পিকৰ বাবে যোগ্যতা অৰ্জন কৰিব পাৰিম। মই ভাল ফৰ্মত আছোঁ আৰু বাকী সকলেও ভালেই কৰি আছে, প্ৰস্তুতিও ভাল হৈছে। ফেডাৰচন কাপৰ সময়ছোৱাত বাস্তৱিকতে ভাল কৰিছিলোঁ। (ব্যক্তিগত ১০০ মিটাৰত)

ইয়াৰ উপৰিও হিমাই কৈছে, এই মাহত এ এফ আইৰ দ্বাৰা তুৰ্কীত অনুষ্ঠিত হ’বলগীয়া Training-cum-exposure দৌৰত ১০০ মিটাৰ আৰু ২০০ মিটাৰ শাখাত মনযোগ দিব।

Leave a Reply

Your email address will not be published. Required fields are marked *