অলিম্পিকৰ ইতিহাসত পোন প্ৰথমবাৰৰ বাবে পুৰুষ আৰু মহিলা সম সংখ্যক হ’ব। আন্তঃৰাষ্ট্ৰীয় অলিম্পিক কমিটিয়ে যি কোটাৰ ব্যৱস্থা কৰিছে সেই অনুসৰি ৪৯ শতাংশ মহিলা এথলিট টকিঅ’ অলিম্পিকত চামিল হ’ব। ইয়াৰ লগে লগে টকিঅ’ অলিম্পিকেই ইতিহাসৰ প্ৰথমখন অলিম্পিক হ’ব যত পুৰুষ-মহিলা এথলিটৰ সংখ্যা সমান হ’ব।
জানিব পৰা মতে পুৰুষ-মহিলাৰ ইভেণ্ট প্ৰায় সমানেই ৰখা হৈছে। ৯ টা মিক্সড ইভেণ্টৰ সংখ্যা বৃদ্ধী কৰি ১৮ টা কৰা হৈছে। ৰিঅ’ অলিম্পিকৰ তুলনাত টকিঅ’ অলিম্পিকৰ মিক্সড ইভেণ্ট দুগুণ।
আন্তঃৰাষ্ট্ৰীয় অলিম্পিক কমিটিয়ে উল্লেখ কৰিছে যে, বিশ্বত মুঠ ২০৬ নেচনেল অলিম্পিক কমিটি আছে। টকিঅ অলিম্পিকৰ উদ্বোধনীঅনুষ্ঠানত এই সকলো দেশৰ এগৰাকী পুৰুষ আৰু এগৰাকী মহিলা এথলিটে নিজ দেশৰ পতাকা হাতত লৈ যাব।
আনহাতে অলিম্পিক কমিটত মহিলাৰ সংখ্যা বৃদ্ধী কৰাৰ লক্ষ্যৰে ইয়াত মহিলাৰ আসনৰ সংখ্যা ৪২ শতাংশলৈ বৃদ্ধী কৰা হৈছে।