অলিম্পিকৰ পূৰ্বে আন্তঃৰাষ্ট্ৰীয় টুৰ্ণামেণ্টত অংশগ্ৰহণ কৰিব অসমৰ মহিলা বক্সাৰ লাভলীনা বৰগোঁহাই আৰু ভাগ্যৱতী কছাৰীয়ে। ইতিমধ্যে অলিম্পিকলৈ যোগ্যতা অৰ্জন কৰা লাভলীনা বৰগোঁহাই আৰু ভাগ্যৱতীয়ে দুখন সুকীয়া আন্তঃৰাষ্ট্ৰীয় বক্সিং টুৰ্ণামেণ্টত ভাগ লোৱাটো নিশ্চিত হৈছে।
লাভলীনাই ১ মাৰ্চৰ পৰা ৭ মাৰ্চলৈ স্পেইনৰ কাষ্টেলনত অনুষ্ঠিত হ’বলগীয়া বক্সাম আন্তঃৰাষ্ট্ৰীয় বক্সিং টুৰ্ণামেণ্টত ভাগ ল’ব। ইয়াৰ বিপৰীতে ভাগ্যৱতীয়ে বুলগেৰিয়াৰ ছ’ফিয়াত ২১ ফেব্ৰুৱাৰীৰ পৰা অনুষ্ঠিত হ’বলগীয়া ৭২ সংখ্যক ষ্ট্ৰেণ্ডজা আন্তঃৰাষ্ট্ৰীয় বক্সিং প্ৰতিযোগিতাত ভাগ ল’ব।