Monday, July 4, 2022
HomeNewsঅলিম্পিকৰ প্ৰস্তুতিত ব্যাঘাত সুমিত মালিকৰ : পুৰণি আঘাতে সৃষ্টি কৰিছে সমস্যা

অলিম্পিকৰ প্ৰস্তুতিত ব্যাঘাত সুমিত মালিকৰ : পুৰণি আঘাতে সৃষ্টি কৰিছে সমস্যা

মঙ্গলবাৰ : অলিম্পিক যোগ্যতা অৰ্জনকৰা দেশৰ মল্লযোদ্ধা সুমিত মালিকে শেহতীয়াকৈ ছফিয়াত অনুষ্ঠিত হোৱা বিশ্ব অলিম্পিক কোৱালিফায়াৰৰ সময়ছোৱাতে তেওঁৰ পুৰণি আঁঠুৰ আঘাতে পুনৰ দেখা দিছে। যাৰ বাবে তেওঁ আগন্তুক তিনি সপ্তাহলৈকে সকলোধৰণৰ অনুশীলনৰ পৰা বাহিৰ হ’ব লগীয়া হ’ব পাৰে।

২৮ বছৰীয়া মল্লযোদ্ধাগৰাকীয়ে শনিবাৰে নিশা ছফিয়াত অনুষ্ঠিত ১২৫ কিলোগ্ৰাম শাখাৰ ফাইনেলত প্ৰৱেশ কৰাৰ পিছতে অলিম্পিক যোগ্যতা অৰ্জন কৰিছিল। ইয়াৰ পিছতে ফাইনেলত তেওঁ ৰাছিয়াৰ প্ৰতিদ্বন্দী ছেৰ্গেই কোজিৰেভক ৱাকঅভাৰ প্ৰদান কৰিছিল।

মালিকৰ প্ৰশিক্ষক বীৰেন্দ্ৰ সিঙে সোমবাৰে সংবাদ মাধ্যমৰ আগত এই বিষয়ত কয়,

“যিহেতু মালিক আঘাতপ্ৰাপ্ত, তেওঁ তিনি সপ্তাহলৈকে প্ৰশিক্ষণ নিদিব। আমি আশা কৰোঁ যে তেওঁ প্ৰথম বা হয়তো জুনৰ দ্বিতীয় সপ্তাহৰ ভিতৰত আঁঠুৰ আঘাতৰ পৰা আৰোগ্য হ’ব। অলিম্পিক ওচৰত থকাৰ বাবে তেওঁৰ বাবে সম্পূৰ্ণৰূপে আৰোগ্য হোৱাটো গুৰুত্বপূৰ্ণ,” প্ৰশিক্ষক বীৰেন্দ্ৰ সিঙে আইএএনএছক কয়, “যিহেতু এই প্ৰতিযোগিতাখন অলিম্পিক যোগ্যতা অৰ্জন কৰাৰ অন্তিমখন প্ৰতিযোগিতা আছিল, গতিকে তেওঁ জয়ৰ বাবে সকলো প্ৰচেষ্টা চলাইছিল। কিন্তু ছেমি ফাইনেলৰ পিছত তেওঁৰ বিষ অসহনীয় হৈ পৰিছিল সেয়েহে তেওঁ ফাইনেলত প্ৰতিদ্বন্দিতা নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল।”

সিঙৰ মতে, ২০১৮ চনৰ গোল্ড কোষ্ট কমনৱেলথ গেমছৰ চেম্পিয়ন মালিকে এপ্ৰিলৰ প্ৰথম সপ্তাহত প্ৰশিক্ষণ গ্ৰহণৰ সময়ছোৱাত তেওঁৰ সোঁ আঁঠুত আঘাত পাইছিল। ইয়াৰ পিছতো তেওঁ আলমাটিত অনুষ্ঠিত এছিয়ান অলিম্পিক যোগ্যতা অৰ্জনকাৰী প্ৰতিযোগিতাৰ বাবে নিজকে প্ৰস্তুত কৰি তুলিছিল।

উল্লেখ্য যে, ভাৰতীয় মল্লযোদ্ধা ফেডাৰেশ্যনে চাৰিদিনীয়া বিশ্ব অলিম্পিক কোৱালিফায়াৰৰ বাবে পুৰুষৰ গ্ৰেকো-ৰোমানত ছয়জনসহ এটা ১২ জনীয়া দল প্ৰেৰণ কৰিছিল। ইয়াৰে মাত্ৰ কেৱল দুজন ভাৰতীয় মল্লযোদ্ধাই হে অলিম্পিক কোটা লাভ কৰিছিল। মালিকৰ লগতে প্ৰতিযোগিতাখনত যোগ্যতা অৰ্জন কৰিছিল সীমা বিছলাই। বিছলাই ৫০ কিলোগ্ৰাম ফ্ৰীষ্টাইল ইভেণ্টত ফাইনেলত প্ৰৱেশ কৰাৰ পিছতেই অলিম্পিক কোটা লাভ কৰিছিল। কিন্তু তেওঁৰ প্ৰতিদ্বন্দী ইকুৱেডৰৰ লুচিয়া য়ামিলেথ য়েপেজ গুগমেনে আঘাতৰ বাবে ফাইনেলৰ পৰা বাহিৰ হৈছিল।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

5 × 5 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Archives list

Recent Comments