কৰ’না মহামাৰীৰ বাবে ২০২০ চনৰ জুলাইৰ পৰা অনুষ্ঠিত হ’বলগীয়া অলিম্পিক প্ৰতিযোগিতাখন এবছৰ পিছুৱাই দিয়া হ’ল। অলিম্পিকৰ ইতিহাসত মহামাৰীৰ বাবে পোন প্ৰথমবাৰৰ বাবে এইদৰে পিছুৱাই দিবলগীয়া হ’ল প্ৰতিযোগিতাখন। যদিও কৰ’নাৰ ভয়াবহতা শেষ হোৱা নাই বা কৰ’নাৰ পৰা বিশ্ব মুক্ত হোৱা নাই তথাপিও ২০২১ চনৰ জুলাইৰ পৰা অলিম্পিক প্ৰতিযোগিতাখন অনুষ্ঠিত কৰিবলৈ টঙালি বান্ধিছে অলিম্পিক আয়োজক দেশ জাপানে।
কৰ’নাৰ বাবে দীৰ্ঘসময়ৰ বাবে বিশ্ব লকডাউনৰ কবললৈ যোৱাৰ ফলত বৃহৎ অৰ্থনৈতিক ক্ষতি হৈছে। ইয়াৰ প্ৰভাৱ অলিম্পিকৰ দৰে বৃহৎ প্ৰতিযোগিতাতো প্ৰত্যক্ষভাৱে পৰিছে।
প্ৰকাশিত খবৰ অনুসৰি অলিম্পিক প্ৰতিযোগিতাখন এবছৰ পিছুৱাই দিয়াৰ ফলত জাপান চৰকাৰে ৫৬ হাজাৰ কোটি টকাৰ বৃহৎ লোকচানৰ সন্মুখীন হৈছে। আনহাতে এবছৰ সময় পিছুৱাই দিয়াৰ বাবেই ২০ কোটি টকা অধিক খৰছ কৰিবলগীয়া হৈছে।
ইফালে অলিম্পিকৰ বাবে নিৰ্মাণ কৰা গেম ভিলেজ প্ৰতিযোগিতাৰ পিছত বিক্ৰী কৰিবলৈ সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰিছিল জাপান চৰকাৰে। আগ্ৰহী সকলে গেম ভিলেজৰ কোঠা ইতিমধ্যে ক্ৰয় কৰিছিল আৰু আগধন চৰকাৰৰ ঘৰত জমা দিছিল। কিন্তু প্ৰতিযোগিতাখন এবছৰ পিছুৱাই দিয়াৰ বাবেই এতিয়া অট্টালিকা ক্ৰয় কৰা জাপানী নাগৰিকে লাভ কৰা নাই মালিকিস্বত্ব। যাৰ বাবে জাপান চৰকাৰৰ ওপৰত অত্যাধিক চাপ প্ৰয়োগ হৈছে। একাংশ ব্যক্তিয়ে চৰকাৰক জমা দিয়া আগধন ঘুৰাই বিচাৰিছে বুলিও খবৰ প্ৰকাশ পাইছিল।