Monday, July 4, 2022
HomeNewsঅলিম্পিক কমিটিয়ে বৃদ্ধি কৰিলে প্ৰতিখন দেশলৈ দিয়া সাহাৰ্যৰ পৰিমাণ

অলিম্পিক কমিটিয়ে বৃদ্ধি কৰিলে প্ৰতিখন দেশলৈ দিয়া সাহাৰ্যৰ পৰিমাণ

আন্তঃৰাষ্ট্ৰীয় অলিম্পিক কমিটিৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত। কৰ’না মহামাৰীৰ বাবে বিশ্বৰ সকলো দেশৰে অৰ্থনীতি ঋণাত্মক দিশলৈ গতি কৰাৰ লগতে প্ৰায় ধ্বংসৰ দিশলৈ গৈছে। এনে সময়ত খেলুৱৈক অলিম্পিকৰ বাবে প্ৰস্তুত কৰোৱাৰ ক্ষেত্ৰত আহি পৰিছে প্ৰতিবন্ধকতা। এনে প্ৰতিবন্ধকতা দূৰ কৰিবলৈ অলিম্পিক কমিটিয়ে লৈছে গুৰুত্বপূৰ্ণ সিদ্ধান্ত।

অলিম্পিক কমিটিয়ে ইয়াৰ সকলো দেশলৈ যি সাহাৰ্য আগবঢ়াই তাৰ পৰিমাণ তেওঁলোকে ২৪%বৃদ্ধি কৰিছে। আনহাতে এথলিট চাপ’ৰ্ট প্ৰগেমৰ শিতানটো ২৫% বাজেট বৃদ্ধি কৰা হৈছে।

অলিম্পিক কমিটিয়ে ইয়াৰ দেশসমূহৰ বাবে এইদৰে সাহাৰ্য বৃদ্ধি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ ফলত ২০২১ ৰ পৰা ২০২৪ অলিম্পিকৰ মাজৰ সময়ছোৱাত অলিম্পিক প্ৰস্তুতিৰ বাবে ১৬ শতাংশ বাজেট বৃদ্ধি হৈছে। অৰ্থাৎ ২০২১-২৪ৰ বাবে অলিম্পিক কমিটিয়ে বাজেট নিৰ্ধাৰণ কৰিছে ৫৯০মিলিয়ন ডলাৰ অৰ্থাৎ ৪৩৮৯কোটি টকা। ২০১৭-১৯ চনৰ মাজৰ সময়ছোৱাত এই বাজেটৰ পৰিমান আছিল ৩৭৯০ কোটি টকা।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

six + 14 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Archives list

Recent Comments