Wednesday, July 6, 2022
HomeNewsঅলিম্পিক, ফিফা বিশ্বকাপকে ধৰি সকলো বৃহৎ প্ৰতিযোগিতাত নিষিদ্ধ হ'ল ৰাছিয়া

অলিম্পিক, ফিফা বিশ্বকাপকে ধৰি সকলো বৃহৎ প্ৰতিযোগিতাত নিষিদ্ধ হ’ল ৰাছিয়া

ডপিং কেলেংকাৰীত জৰিত হৈ পৰাৰ বাবে ৰাছিয়াই লাভ কৰিছে কঠোৰ শাস্তি। আগন্তুক দুবছৰ ৰাছিয়াই অংশগ্ৰহণ কৰিব নোৱাৰি অলিম্পিককে ধৰি বৃহৎ প্ৰতিযোগিতাসমূহত। ২০১৪ ৰ শীতকালীন অলিম্পিকত ৰাছিয়াৰ ২৪ জনকৈ খেলুৱৈ ডপিং কেলেংকাৰীত জৰিত হৈ পৰাৰ বাবেই এই শাস্তি লাভ কৰিছে ৰাছিয়াই। ডপিং টেষ্টত ব্যৰ্থ হোৱাৰ বাবে ৰাছিয়াৰ ১১ জন পদকপ্ৰাপ্ত খেলুৱৈৰ পৰা কাঢ়ি লোৱা হৈছিল শীতকালীন অলিম্পিকৰ পদক। অলিম্পিকত অংশগ্ৰহণৰ পৰা আজীৱন নিষেদ্ধাজ্ঞা আৰোপ কৰা হৈছিল। সেই ডপিং কেলেংকাৰীৰ বাবে শেহতীয়াকৈ ৱ’ল্ড এণ্টি ডপিং এজেন্সিয়ে ৰাছিয়াক ৪বছৰৰ বাবে সকলোধৰণৰ বৃহৎ প্ৰতিযোগিতাত নিষিদ্ধ ঘোষণা কৰিছিল। অৱশ্যে CAS য়ে ৰাছিয়াৰ এই ৪ বছৰৰ নিষেদ্ধাজ্ঞাক দুবছৰলৈ হ্ৰাস কৰিলে। এই সময়ছোৱাত ৰাছিয়াই কোনো বৃহৎ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব নোৱাৰিব। সেয়েহে এই সময়ছোৱাত টকিঅ’ত অনুষ্ঠিত হ’বলগীয়া অলিম্পিক আৰু কাটাৰত অনুষ্ঠিত হ’বলগীয়া ফিফা বিশ্বকাপ প্ৰতিযোগিতাত ৰাছিয়াই অংশগ্ৰহণ কৰিব নোৱাৰিব। কোনো বৃহৎ প্ৰতিযোগিতাত নাথাকিব ৰাছিয়াৰ নাম, পতাকা, জাতীয় সংগীত।

অৱশ্যে ৰাছিয়াৰ তৰুণ খেলুৱৈসকলক CAS য়ে কিছু সকাহ প্ৰদান কৰিছে। ৰাছিয়াৰ তৰুণ, প্ৰতিভাসম্পন্ন খেলুৱৈয়ে যদি নিজকে ডপিং টেষ্টত উত্তীৰ্ণ কৰোৱাব পাৰে তেনে অলিম্পিক বা আন প্ৰতিযোগিতাত নিৰপেক্ষভাৱে অংশগ্ৰহণ কৰিব পাৰিব। কিন্তু তেওঁলোকে ৰাছিয়াৰ পতাকা, পোছাক, জাতীয় সংগীত একো ব্যৱহাৰ কৰিব নোৱাৰিব।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

10 + 4 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Archives list

Recent Comments