Wednesday, October 5, 2022
HomeNewsঅলিম্পিক মন্ত্ৰীয়ে ক'লে স্থগিত ৰাখক টকিঅ' অলিম্পিক; অলিম্পিকৰ অধ্যক্ষই ক'লে....

অলিম্পিক মন্ত্ৰীয়ে ক’লে স্থগিত ৰাখক টকিঅ’ অলিম্পিক; অলিম্পিকৰ অধ্যক্ষই ক’লে….

২৪ জুলাইৰ পৰা জাপানৰ টকিঅ’ত অনুষ্ঠিত হোৱাৰ কথা বিশ্বৰ সৰ্ববৃহৎ ক্ৰীড়া প্ৰতিযোগিতা অলিম্পিক। প্ৰতিযোগিতাখনলৈ মাজত আছে মাথোঁ কেইটামান মাহ। ইতিমধ্যে প্ৰতিযোগিতাখনৰ আয়োজক দেশ জাপানে প্ৰতিযোগিতাখনৰ প্ৰস্তুতি পৰ্ব প্ৰায় সামৰণি মাৰিছে। বিভিন্ন নতুন নতুন কাৰিকৰী কৌশল অৱলম্বন কৰি প্ৰতিযোগিতাখনৰ সময়চোৱাত বিশ্ববাসীক চমকিত কৰাৰ বাবে সাজু হৈছে জাপান।

পিছে এতিয়া এই বৃহৎ প্ৰতিযোগিতাখন বাতিল হোৱাৰ উপক্ৰম হৈছে। চীনৰ ইউনান প্ৰদেশৰ পৰা সমগ্ৰ চীনৰ লগতে বিশ্বৰ অন্যান্য দেশলৈ বিয়পি পৰা ক’ৰোনা ভাইৰাছৰ আতংকৰ বাবেই এই পৰিস্থিতিৰ উদ্ভৱ হৈছে। বৰ্তমান চীনত ভয়ংকৰ ৰূপ ধাৰণ কৰা ক’ৰোনা ভাইৰাছে বিশ্বৰ অন্যান্য দেশতো ক্ৰমান্বয়ে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে।

অলিম্পিক প্ৰতিযোগিতাখনৰ আয়োজক দেশ জাপানলৈও এই মাৰাত্মক ক’ৰোনা ভাইৰাছ বিয়পি পৰিছে। বৰ্তমানলৈকে জাপানত ২০০ গৰাকীতকৈ অধিক লোক এই ক’ৰোনা ভাইৰাছত আক্ৰান্ত হৈছে আৰু চাৰিগৰাকী ব্যক্তি এই ৰোগত ভাইৰাছৰ সংক্ৰমণত মৃত্যু হৈছে।

চীনৰ পৰা জাপানলৈ সংক্ৰমণ হোৱা এই ক’ৰোনা ভাইৰাছৰ বাবেই এতিয়া টকিঅ’ চহৰত অনুষ্ঠিত হ’বলগীয়া অলিম্পিক প্ৰতিযোগিতাখন স্থগিত ৰাখিবলৈ পৰামৰ্শ আগবঢ়াইছে জাপানৰ অলিম্পিক মন্ত্ৰী চেইক’ হাছিম’ট’ই।

জাপানৰ অলিম্পিক মন্ত্ৰীগৰাকীৰ মতে ক’ৰোনা ভাইৰাছৰ আতংকৰ প্ৰতি লক্ষ্য ৰাখিয়েই প্ৰতিযোগিতাখন বছৰটোৰ শেষলৈ স্থগিত ৰখাৰ প্ৰয়োজনীয়তা আহি পৰিছে।

ইফালে জাপানত উদ্ভৱ হোৱা ক’ৰোনা ভাইৰাছৰ আতংকৰ বাবে অলিম্পিক প্ৰতিযোগিতাখন স্থগিত ৰখাৰ প্ৰসংগত জাপানৰ অলিম্পিক মন্ত্ৰী চেইক’ হাছিম’ট’ই আন্তৰ্জাতিক অলিম্পিক কমিটিৰ অধ্যক্ষ থমাছ বাখৰৰ সৈতে এক গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয়। অৱশ্যে এই বৈঠকৰ অন্তত আন্তৰ্জাতিক অলিম্পিক কমিটিৰ অধ্যক্ষগৰাকীয়ে পূৰ্ব নিৰ্ধাৰিত সময় মতেই প্ৰতিযোগিতাখন অনুষ্ঠিত কৰাৰ পোষকতা কৰে।

আন্তৰ্জাতিক অলিম্পিক কমিটিৰ অধ্যক্ষ থমাছ বাখৰে মন্তব্য কৰিছে যে এই সময়ত অলিম্পিক প্ৰতিযোগিতাখন বেলেগ স্থানলৈ স্থানান্তৰ কৰিব নোৱাৰি। গতিকে নিৰ্ধাৰিত সময়ত টকিঅ’তেই প্ৰতিযোগিতাখন অনুষ্ঠিত হ’ব। প্ৰতিযোগিতাৰ সময়চোৱাত এথলীটসকলক সুৰক্ষা প্ৰদান কৰাটোৱেই প্ৰধান দায়িত্ব। ইয়াৰ বাবে জাপান আৰু চীন চৰকাৰৰ লগতে বিশ্ব স্বাস্থ্য সংস্থাৰ সৈতে একেলগে কাম কৰি থকা হৈছে।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

twenty + 5 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments