২০০৮ চনৰ বেইজিং অলিম্পিকৰ ব্ৰঞ্জ পদক বিজয়ী আৰু ২০১২ চনৰ লণ্ডন অলিম্পিকৰ ৰূপৰ পদক বিজয়ী ভাৰতৰ তাৰকা মল্লযুঁজাৰু সুশীল কুমাৰৰ টকিঅ’ অলিম্পিকৰ স্বপ্ন ভংগ হ’ল। তাৰকা মল্লযুঁজাৰু গৰাকীক বিশ্বাসত ন’ললে ৰেষ্টলিং ফেডাৰেচন অৱ ইণ্ডিয়াই।
আগন্তক মে’ মাহত বুলগেৰীয়াত অনুষ্ঠিত হ’ব টকিঅ’ অলিম্পিকৰ যোগ্যতা অৰ্জনৰ অন্তিমখন প্ৰতিযোগিতা। প্ৰতিযোগিতাখনত ভাৰতৰ প্ৰতিনিধি হিচাবে পূৰ্বৰ এছিয়ান চেম্পিয়ন অমিত ধনখড়ক প্ৰস্তাৱ কৰিলে ৰেষ্টলিং ফেডাৰেচন অৱ ইণ্ডিয়াই। ইয়াৰ লগে লগেই সুশীল কুমাৰৰ অলিম্পিক যাত্ৰাৰ স্বপ্ন ভংগ হ’ল।
টকিঅ’ অলিম্পিকত অংশগ্ৰহণৰ সকলো বাট বন্ধ হোৱাত সুশীল কুমাৰে সংবাদ মাধ্যমৰ আগত কয়, এই সময়ত জীয়াই থকাটো অধিক গুৰুত্বপূৰ্ণ। মই এতিয়ালৈকে ৰেষ্টলিং ফেডাৰেচন অৱ ইণ্ডিয়াৰ লগত কথা পতা নাই, তেওঁলোকৰ লগত মই কথা পাতিম।