Thursday, September 29, 2022
HomeNewsঅলিম্পিক যোগ্যতা অৰ্জন কৰা ভিনেশ ফ'গাটৰ বাবে বিদেশত প্ৰশিক্ষণ শিবিৰ

অলিম্পিক যোগ্যতা অৰ্জন কৰা ভিনেশ ফ’গাটৰ বাবে বিদেশত প্ৰশিক্ষণ শিবিৰ

টাৰ্গেট অলিম্পিক পডিয়াম স্কিমৰ অধীনত তাৰকা ৰেষ্টলাৰ ভিনেশ ফ’গাটক ৪০ দিনীয়া এক প্ৰশিক্ষণ শিবিৰত অংশগ্ৰহণ কৰিবলৈ বিদেশ ভ্ৰমণলৈ পঠিয়াবলৈ চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰিছে ক্ৰীড়া মন্ত্ৰালয়ে। ভিনেশৰ সৈতে এই শিবিৰত ব্যক্তিগত প্ৰশিক্ষক উলাৰ একছ, অনুশীলনৰ সহযোগী প্ৰিয়ংকা ফ’গাট আৰু ফিজিঅ’ থেৰাপিষ্ট পূৰ্ণিমা ৰমণেয়েও অংশগ্ৰহণ কৰিব। জানিব পৰা মতে ভিনেশ ফগাটৰ এই শিবিৰৰ বাবত ক্ৰীড়া মন্ত্ৰালয়ৰ ১৫.৫১ লাখ টকা ব্যয় হ’ব।

এই ৪০ দিনীয়া ভ্ৰমণৰ সময়ছোৱাত ভিনেশ ফ’গাটে পোলেণ্ড আৰু হাংগেৰী দুয়োখন দেশ ভ্ৰমণ কৰিব। প্ৰথমছোৱা সময়ত তেওঁ ২৮ ডিচেম্বৰৰ পৰা ২৪ জানুৱাৰীলৈ হাংগেৰীৰ বুডাপেষ্টৰ ভাছাছ স্পৰ্টছ ক্লাবত আৰু ইয়াৰ পিছত ২৪ জানুৱাৰীৰ পৰা ৫ ফেব্ৰুৱাৰীলৈ পোলেণ্ডৰ ষ্ট্ৰাইকাৰ অলিম্পিক ট্ৰেইনিং চেণ্টাৰত শিবিৰ অনুষ্ঠিত হ’ব।

এই সময়ছোৱাত ভিনেশে কেইবাগৰাকীও ইউৰোপীয়ান ৰেষ্টলাৰৰ সন্মুখীন হোৱাৰ সুযোগ লাভ কৰিব।

উল্লেখ্য যে ২০১৯ চনত অনুষ্ঠিত হোৱা ৰেষ্টলিং বিশ্বকাপত মহিলাৰ ৫৩ কেজি শাখাত ব্ৰঞ্জৰ পদক লাভ কৰি ভিনেশ ভগাটে অলিম্পিকৰ টিকট লাভ কৰিছিল।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

16 − 16 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments