অলিম্পিক স্বৰ্ণপদক বিজয়ী এথলিট হৈ পৰিল ডেলিভাৰী বয়। বিশ্ব ক্ৰীড়াৰ সৰ্বোচ্চ মঞ্চখনত নিজৰ ক্ৰীড়া প্ৰতিভাৰে স্বৰ্ণ অৰ্জন কৰি দেশক গৌৰৱান্বিত কৰা এথলিটে এতিয়া ডেলিভাৰী বয়ৰ কাম কৰাকলৈ সৰ্বত্ৰ চৰ্চা লাভ কৰিছে।
ভেনিজুৱেলাৰ ৰুবেন লিমাৰ্ডো নামৰ ফেন্সিং খেলুৱৈগৰাকীয়ে ২০১২ চনৰ অলিম্পিকত ব্যক্তিগতভাৱে স্বৰ্ণপদক জয় কৰিবলৈ সক্ষম হৈছিল। ইয়াৰ পূৰ্বে ২০০৭ চনত ৰুবেনে পান আমেৰিকান গেমছতো স্বৰ্ণ পদক দখল কৰিবলৈ সক্ষম হৈছিল। ইয়াৰ উপৰিও আগন্তুক টকিঅ’ অলিম্পিকতো অংশগ্ৰহণ কৰিব ৰুবেনে। কিন্তু শেহতীয়াকৈ তেওঁৰ এক ফটো ভাইৰেল হৈছে, য’ত দেখিবলৈ পোৱা গৈছে ৰুবেনে পিঠিত প্ৰকাণ্ড বেগ লৈ ডেলিভাৰী বয়ৰ কাম কৰিছে। ৰুবেনৰ এই ফটো সামাজিক মাধ্যমত ভাইৰেল হৈ পৰাৰ লগে লগে বিশ্বৰ সৰ্বত্ৰ চৰ্চা লাভ কৰিছে।

বিশ্বজুৰি চৰ্চিত হোৱা ৰুবেনৰ এই ডেলিভাৰী বয়ৰ বিষয়টোৰ প্ৰসংগত ৰুবেনে কয়, আপুনি নিজৰ ৰাষ্টা নিজেই উলিয়াই ল’ব লাগিব আৰু এইয়া বাকী চাকৰিৰ দৰেই।
মনকৰিবলগীয়া যে ভেনিজুৱেলাত কেৱল ৰুবেনেই এনে খেলুৱৈ নহয় যে যিয়ে ডেলিভাৰী বয়ৰ কাম কৰিছে। ৰুবেনৰ উপৰিও দেশখনৰ ৰাষ্ট্ৰীয় ফেন্সিং খেলুৱৈৰ দলটোৰ অন্যান্য ২০ গৰাকী খেলুৱৈয়েও এই কাম কৰিছে। তেওঁলোকে নিজকে ডেলিভাৰী ৰাইডাৰ্ছ বুলি কয়।

ভেনিজুৱেলাৰ এই খেলুৱৈসকলে সপ্তাহৰ পাঁচটা দিনত এটা পুৰণি ৱৰ্কশ্বপত একলগ হয় আৰু বগা ৰঙৰ পোছাক পৰিধান কৰে য’ত তেওঁলোকৰ দেশৰ জাতীয় পতাকা অংকন কৰা আছে। ইয়াৰ পিছতে পিঠিত প্ৰকাণ্ড বেগটো লৈ ডেলিভাৰী দিবলৈ যায়।
ভেনিজুৱেলাত যিহেতু খেলুৱৈয়ে খুব কম ধনলাভ কৰে গতিকে তেওঁলোকে এইদৰে কাম কৰিবলগীয়া হৈছে বুলিও জনাইছে। ইফালে কৰ’না মহামাৰীৰ বাবেও তেওঁলোকৰ দেশৰ লগতে জনতা অৰ্থনৈতিকভাৱে ক্ষতিগ্ৰস্ত হৈছে। চলিত বৰ্ষত অলিম্পিক বাতিল হৈছিল যদিও আগন্তুক বৰ্ষত অলিম্পিক পুনৰ অনুষ্ঠিত হ’ব। আগন্তুক বৰ্ষৰ প্ৰথমাৱস্থাৰ পৰা তেওঁলোকে অনুশীলন আৰম্ভণি কৰিব। যাৰ বাবে ধনৰ প্ৰয়োজন হ’ব। সেয়েহে এইদৰেই এতিয়া ধন জমা কৰিছে বুলিও জনাইছে ৰুবেন লিমাৰ্ডোৱে।