Wednesday, October 5, 2022
HomeNewsঅলিম্পিয়া আৰ্কাইভ:ফাৰুখ ইঞ্জিনিয়াৰৰ সৈতে ইনিংছ মুকলি কৰা এইজন অসম সন্তানক আমি কিমানে...

অলিম্পিয়া আৰ্কাইভ:ফাৰুখ ইঞ্জিনিয়াৰৰ সৈতে ইনিংছ মুকলি কৰা এইজন অসম সন্তানক আমি কিমানে জানো?

অসমৰ ক্ৰিকেটক্ষেত্ৰৰ সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ ক্ৰিকেটাৰ জনক আপুনি চিনি পায়নে? জানেনে নিজ গৃহতে প্ৰশিক্ষক নিযুক্তি দিয়া হৈছিল তেওঁৰ বাবে। কেৱল ১২ বছৰ ৩২ দিনতে প্ৰথমশ্ৰেণীৰ ক্ৰিকেটত অভিষেক ঘটিছিল এইজন ক্ৰিকেটাৰৰ। তেওঁৰ এই কৃতিত্বৰ কথা উল্লেখ কৰা হৈছিল লণ্ডনৰ পৰা প্ৰকাশিত প্লে ফেয়াৰ’ শীৰ্ষক ক্ৰিকেট আলোচনীত। নিজৰ ক্ৰিকেটীয় প্ৰতিভাৰে সমগ্ৰ দেশত নাম কৰিবলৈ সক্ষম হোৱা এইজন কৃতিমান ক্ৰিকেটাৰ আছিল এম পি বৰুৱা।

মাধুৰ্য্য প্ৰসাদ বৰুৱা। পঞ্চাশ, ষাঠি তথা সত্তৰ দশকত এইজন অসম সন্তানে অসমৰ বাহিৰেও বংগৰ ক্ৰিকেটৰো এজন নিৰ্ভৰযোগ্য বেটছমেন হিচাবে পৰিগণিত হয়। ১৯৫৬-৫৭ চনত বংগৰ বিৰুদ্ধে যোৰহাটত ৰঞ্জি ক্ৰিকেটত অভিষেক ঘটে এম পি বৰুৱাৰ। ১৯৫৮ চনত তেওঁ ভাৰতীয় স্কুল দলটো স্থান লাভ কৰে। প্ৰতিপক্ষত আছিল শ্ৰীলংকাৰ স্কুল দল।ভাৰতীয় স্কুল দলত স্থান লাভ কৰা প্ৰথমজন অসমৰ ক্ৰিকেটাৰ আছিল এম পি বৰুৱা। ১৯৫৯ চনত অধ্যয়নৰ বাবে বৰুৱা ক’লকাতালৈ ৰাওনা হয়। ক’লকাতাৰ ছেন্ট জেভিয়াৰ্ছ কলেজত পঢ়ি থকা অৱস্থাত তেওঁ প্ৰতিনিধিত্ব কৰে কলিকতা বিশ্ববিদ্যালয় আৰু স্পৰ্টিং ইউনিয়ন ক্লাবক। কলিকতা বিশ্ববিদ্যালয়ৰ হৈ বিহাৰ বিশ্ববিদ্যালয়ৰ বিৰুদ্ধে এখন খেলত এটা ইনিংছত তেওঁ অভিলেখ ৰচনা কৰি সংগ্ৰহ কৰে ৮১৭ ৰান। ভাৰতৰ প্ৰখ্যাত ক্ৰিকেটাৰ চুন্নী গোস্বামীয়ে সেইখন মেচত ১২৬ ৰান সংগ্ৰহ কৰিছিল। তেনেদৰে এটা সময়ত বঙ্গৰ ৰঞ্জি দলকো প্ৰতিনিধিত্ব কৰাৰ সুযোগ লাভ কৰে তেওঁ। এনে সুযোগ লাভ কৰা তেওঁ একমাত্ৰ আৰু প্ৰথম ক্ৰিকেটাৰ। ১৯৬২ চনত এম পি বৰুৱা অসমলৈ ঘূৰি আহে আৰু ৰাজ্যিক ৰঞ্জি দলৰ নেতৃত্ব প্ৰদান কৰে। তাৰ পাছতে পূব মণ্ডলৰ হৈ খেলাৰ বাবে আমন্ত্ৰণ লাভ কৰে এম পি বৰুৱাই। ইংলেণ্ডৰ মেলবৰ্ণ ক্ৰিকেট ক্লাবৰ বিৰুদ্ধে সেই মেচত তেওঁ সংগ্ৰহ কৰিছিল ৬৬ ৰান। এই ইনিংছটো শতকলৈ ৰূপান্তৰ কৰিব পৰা হ’লেই ভাৰতীয় টেষ্ট দলত নিশ্চিত আছিল এম পি বৰুৱাৰ স্থান। ১৯৬৪ চনত তেওঁ মুম্বাইলৈ ৰাওনা হয়। বোম্বে ইউনিভাৰ্চিটিত আইন অধ্যয়ন কৰাৰ সমান্তৰালকৈ বৰুৱাই খেলি গৈছিল ক্ৰিকেট। তাতেই এবাৰ এখন এন ডি এ মেচত অৱশিষ্ট ভাৰতীয় একাদশত খেলাৰ বাবে আমন্ত্ৰণ লাভ কৰিছিল তেওঁ। অৱশিষ্ট ভাৰতীয় দলটোত আছিল ছাৰ গাৰফিল্ড ছোবাৰ্ছ আৰু ৰয় গীলখ্ৰীষ্টৰ দৰে খেলুৱৈ। খেলখনত ভাৰতীয় একাদশৰ হৈ ইনিংছ মুকলি কৰিছিল এম পি বৰুৱা আৰু ফাৰুক ইঞ্জিনিয়াৰে। খেলখনত বাকী খেলুৱৈসকলক চেৰ পেলাই উন্নত প্ৰদৰ্শন দাঙি ধৰিছিল এম পি বৰুৱাই। মেচখনত তেওঁৰ প্ৰদৰ্শন দেখি মুগ্ধ হৈছিল লালা অমৰনাথ। মুম্বাইত বৰুৱাই অজিত ৱাদডেকাৰ, দিলীপ সৰদেশাই, ফাৰুখ ইঞ্জিনিয়াৰ, অশোক মানকাড় আদিৰ দৰে ক্ৰিকেটাৰৰ সৈতে খেলাৰ সুযোগ লাভ কৰিছিল। লাহে লাহে ভাৰতীয় ছিনিয়ৰ দলত স্থান পোৱাৰ কাষ চাপিছিল বৰুৱা কিন্তু এনে এক সময়তে হঠাতে মৃত্যু হৈছিল তেওঁৰ জ্যেষ্ঠ ভাতৃৰ। হঠাৎ বৰুৱা মুম্বাই এৰি গুচি আহিব লগা হৈছিল অসম। ইয়াৰ পিছতো অসমৰ হৈ ক্ৰিকেট খেলিছিল যদিও বিস্ফোৰক বেটছমেনজনে ৰাষ্ট্ৰীয় দলত স্থান লাভ কৰাৰ সুযোগ হেৰুৱাইছিল মুম্বাইত থাকোতেই। এনেকৈয়ে এটা সম্ভাৱনা সম্পূৰ্ণভাৱে উজলি নাথাকৈয়ে মৰহি গৈছিল।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

thirteen + 9 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments