Wednesday, July 6, 2022
HomeNewsঅল মাৰ্চিয়েল আৰ্টছ চেম্পিয়নশ্বিপত অসম দলৰ বৃহৎ সফলতা : ৮ টা স্বৰ্ণৰ...

অল মাৰ্চিয়েল আৰ্টছ চেম্পিয়নশ্বিপত অসম দলৰ বৃহৎ সফলতা : ৮ টা স্বৰ্ণৰ লগতে লাভ কৰিছে শ্ৰেষ্ঠ দলৰ সন্মান

গুজৰাটত ২৩ জানুৱাৰীৰ পৰা ২৪ জানুৱাৰীলৈ অনুষ্ঠিত হোৱা আমন্ত্ৰণমূলক অল মাৰ্চিয়েল আৰ্টছ চেম্পিয়নশ্বিপ ২০২১ ত অসম দলে লাভ কৰিছে বৃহৎ সফলতা। ৰাষ্ট্ৰীয় কুংফু ফেডাৰচন আৰু চাইনিজ পৰম্পৰাগত সমৰকলা ক্ৰীড়া সংস্থাৰ যৌথ উদ্যোগত অনুষ্ঠিত প্ৰতিযোগিতাখনত দেশৰ ভিন্ন প্ৰান্তৰ পুৰুষ মহিলাকে ধৰি ১৭০ গৰাকী প্ৰতিযোগিয়ে অংশগ্ৰহণ কৰিছিল। প্ৰতিযোগিতাখনত অসমৰ মুঠ ১৩ জনে অংশগ্ৰহণ কৰি ৮ টাকৈ স্বৰ্ণ পদক লাভ কৰিবলৈ সক্ষম হৈছে। ইয়াৰ উপৰিও অসম দলটোৱে শ্ৰেষ্ঠ দলৰ সন্মান লাভ কৰিছে। প্ৰতিযোগিতাখনত অসমৰ হৈ স্বৰ্ণ পদক লাভ কৰা খেলুৱৈসকলৰ ভিতৰত ৰাজু দাস আৰু হিমাংশু ডেকাই টাউলু (কাটা)ত আৰু মিঠু বড়ো, ৰাজ মুদৈ, লক্ষণ ৰায়, জ্যোতিৰ্ময় বৈশ্য, গৌৰী মেধি, হিংমাশু ডেকাই চান্দাত স্বৰ্ণ পদক লাভ কৰিছে। অসম দলটোৰ নেতৃত্বত আছিল গমে থাপা আৰু উত্তম বিশ্বাস।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

one × four =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Archives list

Recent Comments