মঙ্গলবাৰ: ঝাৰখণ্ডৰ অৰ্মাঞ্জিৰ অতি দূৰ্গম গাওঁ দাহুৰ পৰা আহি কেমব্ৰিজৰ হাৰ্ভাৰ্ড বিশ্ব বিদ্যালয়ৰ পৰা সম্পূৰ্ণ বৃত্তি লাভ কৰিবলৈ সক্ষম হৈছে উদিয়মান ফুটবল খেলুৱৈ সীমা কুমাৰীয়ে। শিক্ষাৰ মুখ নেদেখা পিতৃ-মাতৃৰ কন্যা সীমাৰ এই সাফল্যই এতিয়া সংবাদ শিৰোনাম দখল কৰিছে। এক স্থানীয় সূতাৰ কাৰখানাৰ শ্ৰমিকৰ জীয়াৰী সীমাই ইয়াৰ পূৰ্বে অশোক বিশ্ববিদ্যালয়, মিডলবাৰী কলেজ আৰু ট্ৰিনিটি কলেজ-হাৰ্টফৰ্ডৰ পৰাও বৃত্তি লাভ কৰিবলৈ সক্ষম হৈছিল। শিক্ষানুষ্ঠানৰ মুখ নেদেখা পিতৃ-মাতৃৰ কন্যা হিচাপে সীমাই এতিয়া পৰিয়ালৰ প্ৰথমগৰাকী হিচাপে বিশ্ববিদ্যালয়ত অধ্যয়ন কৰিব।
২০১২ চনত যুৱ ফুটবল দলত যোগদান কৰা সীমাই বাল্য বিবাহৰ বিৰুদ্ধাচাৰণ কৰাৰ উপৰিও, শিক্ষাৰ অধিকাৰৰ বিষয়েও সজাগতা সৃষ্টি কৰি আহিছে। ছোৱালীয়ে চুটি পোছাক পিন্ধিলে উপহাস কৰা এক অঞ্চলৰ পৰা আহি সীমাই ২০১২ চনৰ পৰাই ফুটবল খেলি আহিছে।
ঝাৰখণ্ডৰ যুৱ বিদ্যালয়ে ঝাৰখণ্ডৰ গ্ৰাম্যাঞ্চলৰ দৰিদ্ৰ পৰিয়ালৰ ছোৱালীসকলক সমৰ্থন কৰি আহিছে। এই শিক্ষানুষ্ঠানৰ পৰাই সীমাই ২০২১ চনত স্নাতক ডিগ্ৰী অৰ্জন কৰিবলৈ সক্ষম হৈছে। সীমাই এই যুৱ বিদ্যালয়ৰ মাচুল পৰিশোধ কৰিবলৈ ফুটবল প্ৰশিক্ষক হিচাপে কাম কৰিছিল। ২০১৮ চনত, সীমাক উচ্চ বিদ্যালয়ৰ শিক্ষাৰ্থীসকলৰ বাবে ৱাশ্বিংটন ইউনিভাৰ্চিটি অফ ছেইণ্ট লুইছ ইয়ং লিডাৰ্ছ ইনষ্টিটিউটলৈও বাচনি কৰা হৈছিল।
সীমাৰ এই সাফল্যত গ্ল’বেল আইকন তথা বলীউড অভিনেত্ৰী প্ৰিয়ংকা চোপ্ৰাই শুক্ৰবাৰে তেওঁৰ টুইটাৰ হেণ্ডেলত সীমাক উচ্চ প্ৰশংসা কৰিছিল। ইয়াৰ উপৰিও বিগবি অমিতাভ বচ্চনৰ নাতিনী নব্যা নভেলী নন্দায়ো সীমাক প্ৰশংসা কৰিছে। উল্লেখ্য যে নব্যা এগৰাকী সক্ৰিয় ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰী আৰু বৰ্তমান তেওঁ ‘প্ৰজেক্ট নভেলী’ৰ নেতৃত্ব বহন কৰি আছে।