Sunday, October 2, 2022
HomeNewsঅষ্ট্ৰেলিয়াৰ টিভি চেনেলত ভাৰতীয় ক্ৰিকেট অনুৰাগীক বদনাম কৰিলে ইমৰান খানে

অষ্ট্ৰেলিয়াৰ টিভি চেনেলত ভাৰতীয় ক্ৰিকেট অনুৰাগীক বদনাম কৰিলে ইমৰান খানে

অলিম্পিয়াৰ প্ৰতিবেদন

অষ্ট্ৰেলিয়াৰ টিভি চেনেলৰ ইণ্টাৰভিউত ভাৰতীয় ক্ৰিকেট অনুৰাগীক বদনামী কৰি নিজৰ দেশৰ ক্ৰিকেট অনুৰাগীৰ উচ্চ প্ৰসংশা কৰিলে পাকিস্তানৰ প্ৰধানমন্ত্ৰী তথা প্ৰাক্তন ক্ৰিকেটাৰ ইমৰান খানে। তেওঁ কয় যে, ভাৰত ভ্ৰমণ কৰাৰ সময়ত তেওঁৰ দলৰ খেলুৱৈয়ে বাউণ্ডেৰীত ফিল্ডিং কৰাৰ সময়ত হেলমেট পৰিধান কৰিবলগীয়া হৈছিল। ভাৰতীয় দৰ্শকে তেনে এক পৰিবেশ সূচনা কৰিছিল।

শেহতীয়াকৈ অষ্ট্ৰেলিয়াৰ এটা টিভি চেনেলে পাকিস্তানৰ প্ৰধানমন্ত্ৰী তথা প্ৰাক্তন পাকিস্তানৰ অধিনায়ক ইমৰান খানৰ ইণ্টাৰভিউ লোৱাৰ সময়ত ভাৰতৰ লগত দ্বিদেশীয় শৃংখলাৰ প্ৰশ্ন উত্থাপন কৰে। এই প্ৰশ্নৰ উত্তৰত তেওঁ কয় যে, এই সময়ত দুয়ো দেশৰ মাজত দ্বিদেশীয় শৃংখলাৰ কথা কোৱাটোৱেই ভয়ংকৰ। দুয়ো দেশৰ মাজত যি পৰিস্থিতি সেই পৰিস্থিতিৰ মাজত ক্ৰিকেট খেলাটো ভয়াৱহ হিচাপে পৰিগণিত হ’ব। খেল পথাৰত পৰিবেশ ভাল হৈ নাথাকিব।

ইয়াৰ উপৰিও তেওঁ কয় যে, ১৯৭৯ আৰু ১৯৮৭ ত দুবাৰ ভাৰত ভ্ৰমণলৈ আহিছিল। দুয়োবাৰ যথেষ্ট হুলস্থুলৰ পৰিবেশে আছিল। দুয়োখন চৰকাৰেই পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা চলাইছিল। প্ৰথমবাৰৰ ভ্ৰমণ ভালকৈয়ে পাৰ হৈছিল। কিন্তু দ্বিতীয়বাৰ পৰিস্থিতি অধিক অৱনতি ঘটিছিল। সেইবাৰ আমাৰ খেলুৱৈয়ে বাউণ্ডেৰীত হেলমেট পৰিধান কৰি ফিল্ডিং কৰিবলগীয়া হৈছিল। কাৰণ দৰ্শকে পাথৰ দলিয়াইছিল।

ভাৰতীয় দৰ্শকক এইদৰে বদনামী কৰি পাকিস্তানী প্ৰধানমন্ত্ৰী গৰাকীয়ে পুনৰ কয় যে, ভাৰতীয় দল ২০০৫ চনত পাকিস্তান ভ্ৰমণলৈ আহোঁতে পাকিস্তানক নিজৰৰ ঘৰৰ মাটিতে পৰাজিত কৰিছিল। তথাপিও পাকিস্তানৰ দৰ্শকে ভাৰতীয় ক্ৰিকেটাৰক প্ৰশংসা কৰিছিল। সেইবাৰ পৰিৱেশ বহুত ভাল আছিল।

ইয়াৰ উপৰিও ইমৰান খানে তেওঁৰ একেটা ইণ্টাৰভিউতে কয় যে ভাৰত-পাকিস্তানৰ মাজৰ শৃংখলা এচেজতকৈ অধিক ৰোমাঞ্চকৰ।

মনকৰিবলগীয়া যে ইমৰান খানে গোটেই ইণ্টাৰভিউটোত ভাৰতক সমালোচনা কৰাৰ উপৰিও কাশ্মীৰ আৰু অসমৰ এন আৰ চিৰ প্ৰসংগটো বহু মন্তব্য কৰে।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

thirteen + eighteen =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments