অষ্ট্ৰেলিয়ান অ’পেনত প্ৰতিদিনে ৩০ হাজাৰ দৰ্শকৰ উপস্থিতি নিশ্চিত কৰিছে অষ্ট্ৰেলিয়াৰ ভিক্টোৰিয়া প্ৰশাসনে। ৰাজ্যখনৰ ক্ৰীড়া মন্ত্ৰী মাৰ্টিন পাকুলাই কৈছে যে আগন্তুক ৮ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ’বলগীয়া অষ্ট্ৰেলিয়ান অ’পেনত দৈনিক ৩০ হাজাৰ হাজাৰকৈ দৰ্শকে মেলব’ৰ্ন পাৰ্কত প্ৰৱেশৰ অনুমতি লাভ কৰিব।
মনকৰিবলগীয়া যে ভিক্টোৰিয়াত কৰ’নাৰ সংক্ৰমণ সম্পূৰ্ণৰূপে ৰোধ নোহোৱাৰ বাবে ৬০ হাজাৰ আসন সম্বলিত ষ্টেডিয়ামখনত ৫০ শতাংশ দৰ্শকৰ উপস্থিতিহে নিশ্চিত কৰা হৈছে।