Monday, July 4, 2022
HomeNewsঅসমত জুনিয়ৰ মহিলা ৰাষ্ট্ৰীয় ফুটবল চেম্পিয়নশ্বিপ

অসমত জুনিয়ৰ মহিলা ৰাষ্ট্ৰীয় ফুটবল চেম্পিয়নশ্বিপ

অলিম্পিয়া প্ৰতিবেদন

ৰাষ্ট্ৰীয় পৰ্যায়ৰ ফুটবল অনুষ্ঠিত হ’ব অসমত । জুনিয়ৰ মহিলা ৰাষ্ট্ৰীয় ফুটবল চেম্পিয়নশ্বিপৰ বাবে সাজু অসম । ৩৪ টা দলৰ দুভৰিৰ যাদুত জীপাল হব ফুটবলৰ মৈদান ।

ফুটবল অনুৰাগীৰ বাবে আছে এক সুখবৰ । অসম চৰকাৰৰ পৃষ্ঠপোষকতাত, সৰ্বভাৰতীয় ফুটবল ফেডাৰেচনৰ তত্বাৱধানত আৰু অসম ফুটবল সন্থাৰ উদ্যোগত অহা ১৮ জুনৰ পৰা অসমত অনুষ্ঠিত হ’ব ১৭ বছৰ অনূৰ্দ্ধ জুনিয়ৰ মহিলা ৰাষ্ট্ৰীয় ফুটবল চেম্পিয়নশ্বিপ । অসমকে ধৰি ৩৪ টা দলে দাঙি ধৰিব ক্ৰীড়া প্ৰদৰ্শন । প্ৰতিযোগিতাখনৰ মেচসমূহ অনুষ্ঠিত হ’ব ক্ৰমে সৰুসজাইৰ ইন্দিৰা গান্ধী এথলেটিকছ ষ্টেডিয়াম, নেহৰু ষ্টেডিয়াম, পল্টনবজাৰৰ ছাই নিউ ফিল্ড, সোণাপুৰৰ এল এন আই পি আৰু উদালগুৰি জিলাৰ ডিমাকুছি ষ্টেডিয়ামত । সোমবাৰে অসম অলিম্পিক সন্থাৰ প্ৰেক্ষাগৃহত আয়োজিত এক সংবাদ মেলত এই কথা জনালে অসম ফুটবল সন্থাৰ সভাপতি নৱ কুমাৰ দলে ।

 

উল্লেখযোগ্য যে, দলসমূহক ৮ টা গ্ৰুপত ভাগ কৰা হৈছে । অসমে গ্ৰুুপ ‘জি’ ত হাৰিয়ানা, পডুচেৰী আৰু গুজৰাটৰ সৈতে স্থান লাভ কৰিছে । এই প্ৰতিযোগিতাৰ বাবে অসম দলটোৰ প্ৰশিক্ষণ তথা বাছনি শিবিৰ ওদালগুৰি জিলাৰ ডিমাকুছিত চলি আছে । প্ৰতিযোগিতাৰ বাবে বৰ্হিৰাজ্যৰ দলসমূহ ক্ৰমানুসাৰে অহা ১৫ জুনৰ পৰা ১৯ জুনৰ ভিতৰত গুৱাহাটীত আহি উপস্থিত হ’ব ।

 

সংবাদ মেলত উপস্থিত থাকিল অসম অলিম্পিয়াক সন্থাৰ সম্পাদক লক্ষ্য কোঁৱৰ, ক্ৰীড়া সঞ্চালক নিবেদন দাস পাটোৱাৰী, অসম ফুটবল সন্থাৰ সম্পাদক হেমেন্দ্ৰ ব্ৰহ্ম, উপসভাপতিদ্বয় ৰমেশ ফুকন, অৰুণজ্যোতি মৰাণ, যুটীয়া সম্পাদক অতুল বৰা, কোষাধ্যক্ষ হীৰেন গগৈ । ‌ইফালে, গ্ৰুপ পৰ্যায়ৰ মেচসমূহৰ পাছত দুখন কোৱাৰ্টাৰ ফাইনেল সৰুসজাইত আৰু দুখন কোৱাৰ্টাৰ ফাইনেল এল এন আই পি ইত অনুষ্ঠিত হ’ব । দুখন ছেমিফাইনেল আৰু ফাইনেলৰ মহাৰণত জীপাল হব সৰুসজাই ক্ৰীড়া প্ৰকল্প ।

 

উল্লেখযোগ্য যে, কভিড সৃষ্ট পৰিবেশৰ বাবে দুটা বছৰ বিৰতিৰ পাছত ফুটবল ক্ষেত্ৰলৈ পূৰ্বৰ পৰিবেশ ঘূৰাই অনাৰ লক্ষ্যৰে অসম ফুটবল সন্থাই এই ৰাষ্ট্ৰীয় প্ৰতিযোগিতাৰ আয়োজন কৰিছে । প্ৰতিযোগিতাখন সাফল্যমণ্ডিত কৰি তোলাৰ উদ্দেশ্যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্ম্মাক মুখ্য পৃষ্ঠপোষক, অসম অলিম্পিক সন্থাৰ সম্পাদক লক্ষ্য কোঁৱৰক মুখ্য উপদেষ্টা আৰু অসম চৰকাৰৰ কেবিনেট মন্ত্রী বিমল বৰাক সভাপতি হিচাপে লৈ এখন আয়োজক সমিতি গঠন কৰা হৈছে ।

 

ক্ৰীড়া অনুৰাগীৰ আশা — জুনিয়ৰ মহিলা ৰাষ্ট্ৰীয় ফুটবল চেম্পিয়নশ্বিপ অসমত সাফল্যমণ্ডিত হৈ উঠক । অসমলৈ ঘূৰি আহক পূৰ্বৰ ফুটবলৰ সুন্দৰ বাতাবৰণ ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

1 × 1 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Archives list

Recent Comments