Sunday, October 2, 2022
HomeNewsঅসমত পুনৰ অনুষ্ঠিত হ'ব ফিফা বিশ্বকাপ প্ৰতিযোগিতাৰ মেচ; নতুন দিল্লীত ঘোষনা কৰিলে...

অসমত পুনৰ অনুষ্ঠিত হ’ব ফিফা বিশ্বকাপ প্ৰতিযোগিতাৰ মেচ; নতুন দিল্লীত ঘোষনা কৰিলে ভ্যেনু

ভাৰতত ২০২০ বৰ্ষত অনুষ্ঠিত হ’ব ১৭ বছৰ অনূৰ্দ্ধ মহিলা ফিফা বিশ্বকাপ। প্ৰতিযোগিতাখনৰ বাবে নিৰ্ধাৰিত ভ্যেনুৰ তালিকাত গুৱাহাটীৰ স্থান নিশ্চিত হৈছে। কালি নতুন দিল্লীত ক্ৰীড়া মন্ত্ৰালয়ৰ বৈঠকত দেশৰ অন্য চাৰিখন ভ্যেনুৰ লগতে গুৱাহাটীকো এই প্ৰতিযোগিতাখনৰ বাবে বিবেচিত হৈছে বুলি আনুষ্ঠানিকভাৱে ঘোষনা কৰে।

ফিফাৰ অনুৰ্ধ্ব ১৭ বিশ্বকাপ প্ৰতিযোগিতাখনৰ ভেন্যুসমূহ ঘোষণা কৰাৰ পাছতে অসমৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে টুইটাৰ যোগে এই খবৰ ৰাজহুৱা কৰিছে।

গুৱাহাটীৰ উপৰিও প্ৰতিযোগিতাখনৰ বাবে নিৰ্ধাৰিত অন্য ভ্যেনু চাৰিখন হৈছে ক্ৰমে আহমেদাবাদ, ভূৱনেশ্বৰ, ক’লকাতা আৰু নভি মুম্বাই। ভাৰতৰ কেন্দ্ৰীয় ক্ৰীড়া আৰু যুৱ কল্যাণ মন্ত্ৰী কিৰেণ ৰিজিজুই প্ৰতিযোগিতাখন অনুষ্ঠিত কৰিবলগীয়া এই পাঁচখন ভ্যেনুক শুভেচ্ছা জ্ঞাপন কৰি টুইট কৰিছে। মন্ত্ৰী ৰিজিজুই লগতে কয় ‘‘ভাৰতে অন্য এখন ফিফা প্ৰতিযোগিতা আয়োজনৰ বাবে প্ৰস্তুতি আৰম্ভ কৰাৰ সময়ত মই সমগ্ৰ দেশৰ পৰা প্ৰতিযোগিতাখন সাফল্যমণ্ডিত কৰাৰ ক্ষেত্ৰত জনসাধাৰণৰ সমৰ্থন বিচাৰিছো।’’

কালি অনুষ্ঠিত বৈঠকতে ‘কিক অব দ্যা ড্ৰীম’ শীৰ্ষক শ্লোগানো আনুষ্ঠানিকভাৱে মুকলি কৰা হয়। উল্লেখ্য যে এইবাৰৰ ফিফাৰ ১৭ বছৰ অনূৰ্দ্ধ মহিলা বিশ্বকাপত মুঠ ১৬ টা দলে ৩২ খন খেলত অংশগ্ৰহণ কৰিব। প্ৰতিযোগিতাখনত ভাৰতৰ অনূৰ্দ্ধ ১৭ বছৰ মহিলা ফুটবল দলটোৱে প্ৰথমবাৰৰ বাবে ফিফা অংশগ্ৰহণ কৰিব। এই কথা প্ৰকাশ কৰিছে দেশৰ ক্ৰীড়া আৰু যুৱ কল্যাণ মন্ত্ৰী কিৰেণ ৰিজুজুই।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

two × 3 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments