Monday, October 3, 2022
HomeNewsঅসম্ভৱকো সম্ভৱ কৰি তোলা এক দৃশ্য : যি দৃশ্যই আপোনকো লৈ...

অসম্ভৱকো সম্ভৱ কৰি তোলা এক দৃশ্য : যি দৃশ্যই আপোনকো লৈ যাব পাৰে এৰি অহা শৈশৱৰ দিশে

অলিম্পিয়া প্ৰতিবেদন

অসম্ভৱকো সম্ভৱ কৰি তোলা এক দৃশ্য । যি দৃশ্যই আপোনকো লৈ যাব পাৰে এৰি অহা শৈশৱৰ দিশে । নষ্টালজিক কৰি তুলিব পাৰে আপোনাক । দৃশ্যত দেখা পোৱা যায় এটি ১০ বছৰীয়া এটি শিশু । তেওঁ মনে প্ৰাণে ভাল পায় ক্ৰিকেটক । যাৰ বাবে কোনো লগৰীয়া অবিহনেই ক্ৰিকেটৰ অনুশীলনত নামি পৰিছে তেওঁ । গুৱাহাটী লাখটকীয়াৰ ৰেললাইনৰ কাষৰ এই দৃশ্যই চুই যাব পাৰে আপোনাৰ হৃদয় । দল বা ফিল্ডৰ অভাৱৰ বাবে এজোপা গছৰ ডালত এটা মোনাৰ সৈতে সংযোগ কৰি তেওঁ দেখুৱাইছে বেটৰ যাদু । কোবাইছে, মাথো কোবাইছে । তেওঁৰ বেটৰ পৰা বল সাৰি যোৱাৰ নাই কোনো সম্ভাৱনা । তেওঁৰ বেট ঘূৰোৱা কৌশল দেখি আপুনিও হয়তোবা ভাবিছে কোনো পৈণত খেলুৱৈয়েহে যেন কৰিছে অনুশীলন । অথবা কোনো প্ৰশিক্ষকৰ তত্বাৱধানতহে যেন তেওঁ হৈ পৰিছে ইমান পাকৈত । কিন্তু তেনে একো নহয় । দেখাত পৈণত খেলুৱৈ যেন লাগিলেও তেওঁ আচলতে ৰেল লাইনৰ কাষৰ এটি জুপুৰীত বাস কৰা সামান্য বালক । ক্ৰিকেটৰ প্ৰশিক্ষণতো বাদেই দুবেলা দুমুঠি ভালকৈ খাবলৈ পায়নে নাপায় তাতো আছে সন্দেহ । প্ৰশিক্ষণ অবিহনেই তেওঁ যিদৰে ক্ৰিকেটক আকোৱালী লোৱা দেখা গৈছে বা বেট ঘূৰোৱাৰ যি কৌশল অৱলম্বন কৰিছে, ইয়াৰ পৰা এই কথা স্পষ্ট হৈ পৰে যে ক্ৰিকেটত তেওঁ উন্নত অনুশীলনৰ সুবিধা পালে পৰৱৰ্তী সময়ত হয়তো অসমৰ ৰিয়ান পৰাগৰ দৰে তেওঁকো দেখা যাব পাৰে ক্ৰিকেট বিশ্বত ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

two × 2 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments