Tuesday, October 4, 2022
HomeNewsঅসম্ভৱক সম্ভৱ কৰি তুলিছিল এইগৰাকী বলাৰে : সৃষ্টি হৈছিল ইতিহাস

অসম্ভৱক সম্ভৱ কৰি তুলিছিল এইগৰাকী বলাৰে : সৃষ্টি হৈছিল ইতিহাস

তুষাৰ প্ৰতিম

এগৰাকী বলাৰক ভাল বলাৰ বা মহান বলাৰ বুলি স্বীকৃতি দিবলৈ হ’লে প্ৰয়োজনীয় যোগ্যতা বা দক্ষতা কি কি হ’ব লাগিব? নিশ্চিতভাৱে তেওঁৰ কেৰিয়াৰত অৰ্জন কৰা সফলতাসমূহ!

যদি এগৰাকী তেনেই সাধাৰণ বলাৰে বিশ্বৰ শ্ৰেষ্ঠ বেটছমেনক এটা বলতেই পেভিলিয়নলৈ পঠিয়াই দিব পাৰে তেনে সেই সাধাৰণ বলাৰজনক কি বুলি ক’ব? যদি সেই মহান বেটছমেনজন সাধাৰণ বলাৰ জনৰ ওচৰত আউট হোৱাটো দুৰ্ভাগ্যজনক বুলি কয় তেনে সেই একেজন বলাৰেই এটা অভাৰত বিশ্বৰ চাৰিজন শক্তিশালী বেটছমেনক আউট কৰি দিয়ে তেতিয়া? সেই বেটছমেন কেইজনৰ এজন যদি ক্ৰিকেটৰ ভগৱান শচীন তেণ্ডুলকাৰ হয়! এজন যদি দ্যা ৱাল হিচাপে খ্যাত ৰাহুল দ্ৰাবিড় হয় তেতিয়া!

বিশ্ব ক্ৰিকেটত হেট্ৰিক অৰ্জন কৰা বলাৰৰ সংখ্যা খুব কম নহয়। বহু বলাৰে হেট্ৰিক অৰ্জন কৰিছে। কিন্তু একেটা অভাৰত চাৰিটা বলত চাৰিটা উইকেট লাভ কৰা খুব কমেই নহয় আঙুলিৰ মূৰত লেখিব পৰাকৈ আছে। ১৯৯৬ চনত ১৫০ বছৰৰতকৈয়ো অধিক সময়ৰ পিছত প্ৰথম শ্ৰেণীৰ ক্ৰিকেটত সংঘটিত হৈছিল এনে এক ঘটনা। য’ত বিশ্বৰ শ্ৰেষ্ঠ বেটছমেন হিচাপে পৰিচিত চাৰিজন ভাৰতীয় বেটছমেনক চাৰিটা বলত আউট কৰিবলৈ সক্ষম হৈছিল এজন ইংলেণ্ডৰ বলাৰে। যদি পঞ্চমটো বলত উইকেট ৰক্ষকগৰাকীয়ে শূন্যতে বলটো ধৰিবলৈ পাৰিলে হয় তেনে পাঁচটা বলত পাঁচটা উইকেট দখল কৰা প্ৰথম আৰু একমাত্ৰ বলাৰ ৰূপে পৰিগণিত হ’ল হয় তেওঁ।

সেয়া আছিল ১৯৯৬ চনত ভাৰতীয় ক্ৰিকেট দলে ইংলেণ্ড ভ্ৰমণ কৰাৰ সময়ৰ কথা। ভাৰতীয় ক্ৰিকেট দলত সেইবাৰ দ্যা ৱাল হিচাপে পৰিচিত ৰাহুল দ্ৰাবিড় আৰু দাদা হিচাপে পৰিচিত সৌৰভ গাংগুলীৰ যুটীয়ে টেষ্টত আত্মপ্ৰকাশ কৰিছিল। সেইবছৰৰ ৬জুনৰ পৰা আৰম্ভ আৰম্ভ হৈছিল দুয়োখন দেশৰ মাজত ৩ খন টেষ্ট শৃংখলা মেচ। প্ৰথমখন টেষ্টত ভাৰত ইংলেণ্ডৰ হাতত পৰাজয় স্বীকাৰ কৰাৰ পিছত দ্বিতীয়খন টেষ্টত সৌৰভ গাংগুলী আৰু ৰাহুল দ্ৰাবিড়ৰ যুটীয়ে আত্মপ্ৰকাশ কৰিছিল। এইখন টেষ্টত ভাৰতে ইংলেণ্ডক পৰাজিত কৰিছিল। যাৰ বাবে শৃংখলাটোত ভাৰতে ক্ষমতা স্থাপন কৰিছিল। বাকী আছিল অন্তিমখন টেষ্ট। টেষ্ট শৃংখলাটোৰ অন্তিম তথা নিৰ্ণায়ক টেষ্টখন ৪ জুলাইৰ পৰা ৯ জুলাইলৈ নাটিংহামত অনুষ্ঠিত হৈছিল। ইয়াৰ পূৰ্বে আকৌ টীম ইণ্ডিয়াই Southampton ত Hampshire লগত তিনিদিনীয়া এক অনুশীলন মেচত অংশগ্ৰহণ কৰিছিল। এই মেচখনতেই সংঘটিত হৈছিল এক বৃহৎ অঘটন।

Hampshire বিৰুদ্ধে অনুষ্ঠিত হোৱা এই অনুশীলন মেচত টীম ইণ্ডিয়াই অধিনায়ক আজাহাৰৰ অবিহনে খেলপথাৰত নামিবলগীয়া হৈছিল। ভাৰপ্ৰাপ্ত অধিনায়কৰ ভূমিকাত আছিল শচীন তেণ্ডুলকাৰ। Hampshire য়ে টছত জয় লাভ কৰি ভাৰতক বেটিং কৰিবলৈ আমন্ত্ৰণ জনাই। সেইবাৰ গোটেই ভ্ৰমণৰ কালছোৱাত ফ্লপ ৰূপে বিবেচিত হোৱা অজয় জাদেজা আৰু বিক্ৰম ৰাথোৰে অপেনিং কৰি ১৯২ ৰানৰ এক বৃহৎ অপেনিং কৰিবলৈ সক্ষম হৈছিল। দিনৰ আহাৰ বিৰতিৰ লৈকে সকলো ঠিকেই আছিল। ইংলেণ্ডৰ বলাৰে ত্ৰাহি মধুসূদন সোঁৱৰিবলৈ বাধ্য হৈছিল।

আহাৰ বিৰতিৰ পিছতেই Hampshire ৰ অধিনায়কে Kevan James নামৰ এগৰাকী অখ্যাত বলাৰৰ হাতত বল তুলি দিছিল। আচলতে মূল বলাৰসকলক বিশ্ৰাম দিয়াই আছিল Hampshire দলৰ অধিনায়কৰ লক্ষ্য। ৩৫ বৰ্ষীয় Kevan James য়ে তেওঁৰ গোটেই কেৰিয়াৰত কৰা প্ৰদৰ্শন ইমান উন্নত নাছিল যিমান উন্নত হ’লে ইংলেণ্ডৰ মূল দলত স্থান লাভ কৰিবলৈ সক্ষম হয়।

Kavan James য়ে হাতত বলটো লৈ প্ৰথম বলতে অজয় জাদেজাক আউট কৰিবলৈ সক্ষম হৈছিল। অৱশ্যে জাদেজাক আউট কৰাত James ৰ বলিংৰ বিশেষ ভূমিকা নাছিল, জাদেজাৰ ভুল শ্বট নিৰ্বাচন হে আছিল তেওঁ আউট হোৱাৰ মূল কাৰণ। জাদেজাৰ পিছতেই আহিল গাংগুলী। James য়ে দ্বিতীয়টো বল কৰাৰ সময়ত তেওঁৰ সন্মুখত আছিল বিক্ৰম ৰাথোৰ। ৯৫ ৰান কৰি থকা ৰাথোৰক James য়ে তেওঁৰ দ্বিতীয়টো বলত আউট কৰি পেভিলিয়নলৈ পঠিয়াই দিলে। হেট্ৰিক অৰ্জনৰ আশাত তৃতীয় বল দিবলৈ সাজু হ’লJames । তেওঁৰ সন্মুখত শচীন তেণ্ডুলকাৰ। James ৰ বলত শচীনৰ বেটত স্পৰ্শ কৰিলে আৰু বল শ্বৰ্ট লেগত থকা যুৱ খেলুৱৈ জেচন লেনীৰ হাতত পৰিলগৈ। সকলোকে আচৰিত কৰি শচীনো পেভিলিয়নলৈ উভতি গ’ল। হেট্ৰিক অৰ্জন কৰিলে Kevan James য়ে। লগে লগে ষ্টেডিয়ামত বিৰাজ কৰিলে মৌনতা। সকলো আচৰিত। Hampshire ৰ অন্যান্য খেলুৱৈসকলে James ক হেট্ৰিক অৰ্জনৰ বাবে শুভেচ্ছা জনোৱাৰ পৰিবৰ্তে সকলোৱে আচৰিত হৈ হাঁহিবলৈ হে আৰম্ভ কৰিছিল। তাৰ মাজতে খেল পথাৰলৈ আহিল দ্যা ৱাল ৰাহুল দ্ৰাবিড়। কিন্তু এয়া কি? James ৰ তীব্ৰ বলে গৈ দ্যা ৱালৰ ভৰিত স্পৰ্শ কৰিলে। এল বি ডব্লিউ। দুয়োখন হাতেৰে নিজৰ মুখ লুকুৱাই James য়ে তেওঁৰ এই সফলতাত আনন্দ প্ৰকাশ কৰিলে। লিখা হ’ল এক ইতিহাস। চাৰিটা বলত চাৰিটা উইকেট। James ৰ পঞ্চমটো বলত সন্মুখত সৌৰভ গাংগুলী। James ৰ বলে সৌৰভ গাংগুলীৰ বেটত স্পৰ্শ কৰিলে‌ উইকেট ৰক্ষক গৰাকীয়ে বলটো শূন্যতে ধৰিবলৈ চেষ্টা কৰিলে যদিও বিফল হ’ল। যদি উইকেট ৰক্ষক গৰাকীয়ে বলটো শূন্যতে ধৰিবলৈ পাৰিলেহেঁতেন তেনে পাঁচটা বলত পাঁচ উইকেট দখল কৰা প্ৰথমজন বলাৰ ৰূপে পৰিগণিত হ’ল হয় Kavan James।

এইদৰেই বিশ্ব ক্ৰিকেটৰ বাবে অচিনাকি Kavan James এটা অভাৰৰ পিছতেই সকলোৰে বাবে চিনাকি হৈ পৰিছিল। মাত্ৰ এটা অভাৰৰ প্ৰথম চাৰিটা বলতেই বিশ্বৰ বেষ্ট বেটিং লাইনাপৰ উইকেটত খহনীয়াৰ সৃষ্টি কৰিবলৈ সক্ষম হৈছিল। কোন নাছিল সেই চাৰিটা উইকেটত! এগৰাকী বলাৰৰ বাবে সেই চাৰিটা উইকেটৰ নাম কেইটাই যথেষ্ট আছিল। শচীন, দ্ৰাবিড় জাদেজা, ৰাথোৰ।

এইগৰাকী Kavan James য়ে ইয়াৰ পিছৰ দিনাখন বেটিং ক্ৰমৰ চাৰি নং স্থানত ক্ৰিজলৈ নামি ১০৩ ৰানৰ এক শতকীয় ইনিংছ খেলিবলৈ সক্ষম হৈছিল। কিন্তু এইগৰাকী ক্ৰিকেটাৰে তেওঁৰ কেৰিয়াৰত কেতিয়াও ইংলেণ্ডৰ জাতীয় দলৰ হৈ খেলিবলৈ সুযোগ লাভ নকৰিলে। কাৰণ তেওঁ কেৰিয়াৰত এনে প্ৰদৰ্শন কৰিবলৈ সক্ষম হোৱা নাছিল যাৰ জৰিয়তে নিৰ্বাচকৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হ’ব পাৰি। কেৱল এখন মেচত প্ৰদৰ্শন কৰা প্ৰতিভাক কেন্দ্ৰ কৰি ইংলেণ্ডৰ জাতীয় দলত স্থান লাভ কৰিবলৈ নোৱাৰি।

এইগৰাকী Kavan James য়ে পৰবৰ্তী সময়ত ক্ৰিকেট এৰি সংবাদ প্ৰতিষ্ঠান বি বি চিৰ হৈ কাম কৰিবলৈ আৰম্ভ কৰিছিল আৰু ২০০৪চনত গাংগুলীৰ নেতৃত্বত ইংলেণ্ড ভ্ৰমণ কৰা ভাৰতীয় দলৰ সংবাদ মেলত সাংবাদিক ৰূপে অংশগ্ৰহণ কৰিছিল। Kavan James সেই সংবাদ মেলত উপস্থিত থকা অন্যান্য সাংবাদিকৰ সাধাৰণ এগৰাকী সাংবাদিক আছিল যদিও সংবাদ মেলত অংশলোৱা গাংগুলীৰ বাবে আছিল এজন অসাধাৰণ ক্ৰিকেটাৰ। ২০০৪ৰ ইংলেণ্ড ভ্ৰমণৰ সময়ত গাংগুলীৰ মনলৈ বাৰে বাৰে আহিছিল ১৯৯৬ চনৰ সেই বিশেষ অভাৰটোৰ কথা, বিশেষ বলাৰজনৰ কথা। সংবাদ মেলখনত Kavan James য়ে নিজৰ পৰিচয় দিয়াৰ লগে লগেই গাংগুলীয়ে সকলোকে আচৰিত কৰি চিঞঁৰি উঠিছিল, Kavan James চাৰি বলত চাৰি উইকেট দখল কৰা বলাৰ?

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

four × five =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments