Tuesday, July 5, 2022
HomeNewsঅসমৰ অভিনাংশু বৰঠাকুৰৰ আন এক খিতাপ : লক্ষ্ণৌ আইটা টেনিছতো চেম্পিয়ন

অসমৰ অভিনাংশু বৰঠাকুৰৰ আন এক খিতাপ : লক্ষ্ণৌ আইটা টেনিছতো চেম্পিয়ন

অলিম্পিয়া প্রতিবেদন

পুৰুষ ছিংগলছ টেনিছত ক্ৰমাগত দ্বিতীয়তো আইটা চেম্পিয়নশ্বিপৰ খিতাপ দখল কৰিলে অসমৰ অভিনাংশু বৰঠাকুৰে । যোৱা ৭ মে’ত হাৰিয়ানাৰ ফৰিদাবাদত আইটা ১লাখ পুৰুষ ছিংগলছত চেম্পিয়নৰ সন্মান লাভ কৰা অভিনাংশুৱে ২০ মে’ শুকুৰবাৰে একেধৰণৰ দ্বিতীয়তো খিতাপ দখল কৰে । লক্ষ্ণৌত যোৱা ১৬ মে’ ৰ পৰা আৰম্ভ হোৱা আইটা ১লাখ টেনিছ চেম্পিয়নশ্বিপত অভিনাংশু চূড়ান্ত বিজয়ী হয় । ফাইনেলত তেওঁ গুজৰাটৰ ধ্ৰুৱ হীৰপাৰাক ৬-৩, ৬-২ পোনপটীয়া ব্যৱধানত পৰাস্ত কৰে । একেখন টুৰ্ণামেণ্টতে পুৰুষ ডাবোলছত মহম্মদ ফাৰ্ডিনৰ সৈতে যুটি বান্ধি অভিনাংশু ফাইনেলত পৰাস্ত হয় । ডাবোলছ ফাইনেলত অভিনাংশু – ফাৰ্ডিন যুটিক ৬-৪, ৭-৫ ব্যৱধানত পৰাস্ত কৰে গুজৰাটৰ যুটি ধ্ৰুৱ হীৰপাৰা আৰু শৌর্য্য মানিকে । সৰুৰেপৰা টেনিছৰ প্ৰতি আগ্ৰহী অভিনাংশুৱে ২০০৪ চনৰ পৰাই নিজৰ যমজ ভাতৃ অৰুণাংশুৰ সৈতে টেনিছ খেলিবলৈ আৰম্ভ কৰিছিল । তেতিয়া তেওঁ আছিল প্ৰথম শ্ৰেণীৰ ছাত্ৰ । অভিনাংশুৱে জীৱনৰ প্ৰথমখন টুৰ্ণামেণ্ট খেলিছিল নগাঁৱত– য’ত তেওঁ ২য় ৰাউণ্ড খেলিয়েই পৰাজয়বৰণ কৰি উভতি আহিবলগীয়া হৈছিল । কিন্তু সিমানতে অভিনাংশুৰ যাত্ৰা থমকি ৰোৱা নাছিল । নিজ লক্ষ্যত স্থিৰ অভিনাংশুৱে দুগুণ উৎসাহেৰে চণ্ডীগড় লন টেনিছ এছ’চিয়েছনৰ মুখ্য প্ৰশিক্ষক ৰমেন সিঙৰ তত্বাৱধানত প্ৰশিক্ষণ আৰম্ভ কৰে । ৰমেন সিঙৰ উপৰি পৰৱৰ্তী সময়ত অসমৰ প্ৰিয়ানুজ লহকৰৰ তত্বাৱধানতো তেওঁ প্ৰশিক্ষণ গ্ৰহণ কৰে । তাৰ পিছত তেওঁ অসম চাৰ্কিটত খেলা আৰম্ভ কৰে । অসম চাৰ্কিটত গোলাঘাট লন টেনিছ এছচিয়েছনৰ দ্বাৰা আয়োজিত গোলাঘাট নৰ্থ ইষ্ট টেনিছত ১২ বছৰ অনূৰ্দ্ধত সুশান্ত মহান্তিক হৰুৱাই চেম্পিয়নৰ খিতাপ দখল কৰে । সেই জয়যাত্ৰা অব্যাহত ৰাখি সমগ্ৰ অসম চাৰ্কিটতেই ফাইনেল খেলি আহিছে দুই যমজ ভাতৃ অভিনাংশু আৰু অৰুনাংশুৱে । এনেদৰেই দুই ভাতৃয়ে কেতিয়াবা খেলিছে যোৰহাট অ’পেন আৰু কেতিয়াবা দুলীয়াজান অ’পেন খেলি কেতিয়াবা যদি জয়ী হৈছে অভিনাংশু আৰু কেতিয়াবা হৈছে অৰুনাংশু । তেওঁলোক দুয়োৱে অসমত ইমানবোৰ খেল খেলিছিল যদিও সৰ্ব ভাৰতীয় পইণ্টছ লাভ কৰা নাছিল । তেওঁলোকে ২০০৬ চনৰ পৰা সৰ্বভাৰতীয় পৰ্যায়ত খেলা আৰম্ভ কৰিলে আৰু তেতিয়াই কোৱালিফায়াৰ হিচাপে কলকাতাৰ জিমখানা ক্লাবত খেলি ফাইনেলত প্ৰৱেশ কৰে । ফাইনেলত তেওঁ অংশু কুমাৰ ভূঞাৰ হাতত ২-৪, ৩-৪ পইন্টত পৰাজিত হয় । তাৰ পিছত তেওঁলোক দুই ভাতৃ নয়ডালৈ গৈ তাত কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰে । ২০০৭ চনত ছুপাৰ চিৰিজ, চেম্পিয়ন চিৰিজত পইন্ট সংগ্ৰহ কৰিবলৈ সক্ষম হয় ।ৰেংকিঙত অভিনাংশু ২০১৮ চনলৈকে আছিল ইণ্ডিয়া নাম্বাৰ ২০ । কিন্তু এটা সময়ত দুই যমজ ভাতৃৰ এই যাত্ৰাত তেওঁলোকৰ আৰ্থিক অভাৱ হেঙাৰ হৈ পৰিল । টেনিছৰ ক্ষেত্ৰখনত দুয়ো ভাতৃৰ খৰছ বহন কৰিবলৈ অপাৰগ আছিল দেউতাক । তদুপৰি সেই সময়ত অসমত টেনিছৰ বাবে এডভান্স লেবেল প্ৰশিক্ষণৰ কোনোধৰণৰ ব্যৱস্থা নাছিল । সেয়েহে ২০১০ চনত অভিনাংশুৱে কলকাতালৈ যোৱাৰ সিদ্ধান্ত লয় । এসময়ত কলকাতাত ডেভিড কাপ খেলা হীৰালাল দাসৰ পুত্ৰ দেৱপ্ৰিয় দাসৰ তত্বাৱধানত তেওঁ খেলিবলৈ আৰম্ভ কৰে । পোনপ্ৰথমে বিভিন্ন টুৰ্ণামেণ্টত অসমৰ হৈ প্ৰতিনিধিত্ব কৰা অভিনাংশুৱে বৰ্তমান বংগৰ হৈ সৰ্বভাৰতীয় টুৰ্ণামেণ্টসমূহত অংশগ্ৰহণ কৰি আছে ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

eight + sixteen =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Archives list

Recent Comments