Tuesday, October 4, 2022
HomeNews"Burning Mountain" মাউণ্ট কামেট আৰোহণৰ সোণসেৰীয়া স্মৃতি

“Burning Mountain” মাউণ্ট কামেট আৰোহণৰ সোণসেৰীয়া স্মৃতি

প্ৰবল প্ৰত্যাহ্বানৰ মাজতো অপ্ৰতিৰোধ্য আছিল তেজাল,তৰুণ অসমীয়া কেইজন

অলিম্পিয়া প্ৰতিবেদন:

ভাৰতৰ এভাৰেষ্ট খ্যাত মাউন্ট কামেট শিখৰ । ১৯৯৭ চনত অসমৰ পৰা যোৱা এটি পৰ্বতাৰোহীৰ দলে মাউন্ট কামেট সফলতাৰে আৰোহণ কৰি এক ইতিহাসৰ সৃষ্টি কৰিছিল । অসমৰ পৰ্বতাৰোহন ক্ষেত্ৰখনৰ বাবে এয়া আছিল এক বৃহৎ সফলতা । যি সফলতা আজিও অক্ষত অৱস্থাত আছে । এই সফল কামেট অভিযানৰ কথাৰেই আমাৰ আজিৰ এই বিশেষ প্ৰতিবেদন।

১৯৯৭ চনত গাড়োৱাল হিমালয়ত অৱস্থিত ভাৰতৰ দ্বিতীয় উচ্চ শৃংগ মাউন্ট কামেট আৰু কামেটৰ ভাতৃ শিখৰ আবি- গামিন অভিমুখে ৰাওনা হয় ম: মামুন ৰচিদৰ নেতৃত্বত অসম এডভেন্সাৰ ফাউণ্ডেচনৰ এটি বৃহৎ দল । ভাৰত আৰু তিব্বতৰ প্ৰায় সীমাতেই অৱস্থিত এই কামেট শৃংগ হিমালয়ৰ বাকী শৃংগবোৰতকৈ সম্পূৰ্ণ পৃথক আৰু বিপদজনক । যাৰবাবে হয়তো ইয়াৰ আগতে আৰু কেইবাটাও অভিযাত্ৰীৰ দল কামেট অভিমুখে আগবাঢ়িছিল যদিও সফল হ’বপৰা নাছিল । বহুকেইটা বিফল অভিযানৰ পিছত ১৯৯৭ চনৰ ছেপ্টেম্বৰ মাহত কামেটলৈ যাত্ৰা কৰা অসম দলটোত দলনেতা মামুন ৰছিদৰ লগতে আছিল জয়ন্ত ৰয় , মানস বৰুৱা , উপেন চক্ৰৱৰ্তী , প্ৰতুল চন্দ্ৰ দাস, দিগন্ত ৰয় আৰু অপূৰ্ব বোস । লগত আছিল ভাৰতীয় পৰ্বতাৰোহন সন্থাৰ ফালৰ পৰা সংযোগ বিষয়া হিচাপে অনুপম ডেকা ।


১৯৯৭ চনৰ ৩০ জুলাইত ২৫৪৪৭ ফুট উচ্চতাৰ কামেট অভিমুখী দলটোৱে চূড়ান্ত প্ৰত্যাহ্বান নেওচি অতি দুৰ্গম পথেৰে , প্ৰচণ্ড সোঁত আৰু অত্যন্ত চেঁচা পানীৰ দুখনকৈ নদী অতিক্ৰম কৰি ১৭ আগষ্টত ১৬০০০ ফুট উচ্চতাত এটা ডাঙৰ হ্ৰদৰ পাৰত অভিযানৰ মূল শিবিৰ তথা বেচ কেম্প প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছিল ।
কামেট অভিযানত মূল শিবিৰৰ পিছত আৰু ছটা শিবিৰ পতা হয় । দলটোৰ সদস্যসকলৰ কঠোৰ পৰিশ্ৰম , সাহস আৰু একাগ্ৰতাৰে এটাৰ পিছত এটাকৈ শিবিৰ স্থাপন কৰি ৬ ছেপ্টেম্বৰৰ দিনা ষষ্ঠতম শিবিৰত গৈ উপস্থিত হয় ।
৭ ছেপ্টেম্বৰৰ দিনা পুৱা ৫ বজাত ক্ৰমাৎ বেয়া হৈ অহা বতৰ ,মেঘাচ্ছন্ন আকাশক সাৰথি কৰি বিশাল বৰফৰ পথাৰৰ মাজেৰে আৰু কম কমকৈ হৈ থকা তুষাৰ পাতৰ মাজেৰে দলটো আগবাঢ়িছিল কামেটৰ দিশে । অক্সিজেনৰ পৰিমাণ কম হোৱা বাবে দলটো যথেষ্ট ভাগৰি পৰিছিল । কিন্তু সকলো প্ৰত্যাহ্বান নেওচি বৰফৰ মাজেৰে অত্যন্ত কষ্টেৰে প্ৰায় ৬ ঘণ্টা যোৱাৰ অন্তত দিনৰ ২ বজাত দলটো উপস্থিত হয় বহু প্রত্যাশিত কামেট শিখৰত ।
এনেদৰেই কামেটৰ বুকুত অসমৰ পৰ্বতাৰোহীয়ে পোনপ্ৰথমবাৰৰ বাবে অসমীয়াৰ স্বাভিমানী গামোচা উৰুৱাবলৈ সক্ষম হয় । অসমৰ পৰ্বতাৰোহন ক্ষেত্ৰখনৰ বাবে এয়া এক বৃহৎ সফলতা — যি সফলতাই ২০২২ চনৰ ৭ ছেপ্টেম্বৰত গৌৰৱোজ্জ্বল ২৫ টা বছৰ অতিক্ৰম কৰিলে ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

7 − 6 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments