Monday, October 3, 2022
HomeNewsঅসমৰ আটাইতকৈ পুৰণি উলুবাৰী বক্সিং ক্লাবৰ ইতিহাস

অসমৰ আটাইতকৈ পুৰণি উলুবাৰী বক্সিং ক্লাবৰ ইতিহাস

অলিম্পিয়া প্ৰতিবেদন

অসমৰ আটাইতকৈ পুৰণি এটি বক্সিং ক্লাব । যাৰ জন্ম হৈছিল ভাৰতে স্বাধীনতা লাভ কৰাৰ ঠিক পাছতেই । এই বক্সিং ক্লাবৰ আচলত ধৰিয়েই দুবাৰৰ অলিম্পিয়ান শিৱ থাপাৰ দৰে অসম গৌৰৱৰ সৃষ্টি হৈছিল। অসম বক্সিঙৰ বাটকটীয়া স্বৰূপ এনে এক বক্সিং ক্লাবৰ কথাৰে অলিম্পিয়া স্পৰ্টছৰ এক প্ৰতিবেদন ।

উলুবাৰী বক্সিং ক্লাব । নামটোতে সোমাই আছে ক্ৰীড়াৰ এক আবেগ । গুৱাহাটী মহানগৰীৰ কাছাৰী বস্তিত অৱস্থিত অসমৰ এই বক্সিং ক্লাব । আৰ্মিত কৰ্মৰত বীৰেন বড়ো আৰু স্থানীয় মুখীয়ালসকলৰ সহযোগত ১৯৫০ চনতে গঠন কৰা হৈছিল খেৰাই কৃষ্টি নামেৰে এক অনুষ্ঠান । য’ত অঞ্চলটোৰ যুৱক-যুৱতীসকলক শিকোৱা হৈছিল নাচ -গানৰ লগতে খেল-ধেমালী । খেল ধেমালী বুলি ক’লেই তেতিয়াৰ “যুঁজা -যুঁজি” নামেৰে আৰম্ভ হৈছিল বক্সিং । ইফালে বীৰেন বড়ো আছিল আৰ্মিৰ এগৰাকী বক্সাৰ । তেওঁৰ কৰ্মস্থলীত যি শিকিছিল সেয়া ছুটিত আহি শিকাইছিল স্থানীয় খেলুৱৈসকলক । পাছত সামৰিক বাহিনীৰ পৰা অৱসৰ লোৱাৰ পাছত বক্সিং ক্লাব সম্পূৰ্ণৰূপে মনোনিবেশ কৰে । ১৯৭৪ চনত খেৰাই কৃষ্টিৰ পৰা উলুবাৰী বক্সিং ক্লাব নামেৰে নামকৰণ কৰি বীৰেন বড়োৱে শিকাই গ’ল বক্সিঙৰ আদিপাঠ । ইয়াত কেৱল গুৱাহাটীৰে নহয় অসমৰ বিভিন্ন অঞ্চলৰ আগ্ৰহী যুৱকে বক্সিঙৰ আদিপাঠ গ্ৰহণ কৰে । তেতিয়াৰ পৰা নিৰৱছিন্ন প্ৰচেষ্টাৰে ২০০৫ বৰ্ষলৈ চলিল বক্সিং প্ৰশিক্ষণ । যি সময়ত অসমত বক্সিঙৰ বীজ অংকুৰিত হোৱা নাছিল, সেইসময়তে এই বক্সিং ক্লাবত চলিছিল বক্সাৰ সৃষ্টিৰ কৰ্মশালা । শিৱ থাপাৰ দৰে দুবাৰৰ অলিম্পিয়ানে এই ইতিহাস বিজৰিত অনুষ্ঠানতেই লৈছিল প্ৰাৰম্ভিক প্ৰশিক্ষণ । ইয়াৰ উপৰি আন্তঃৰাষ্ট্ৰীয় বক্সাৰ সৃষ্টিকাৰী তথা বৰ্তমান এন আই এছ প্ৰশিক্ষক অমৰ ডেকাও আছিল উলুবাৰী বক্সিং ক্লাবৰ শিক্ষাৰ্থী । কেৱল অমৰ ডেকাই নহয়, বৰ্তমানৰ বহু নামজ্বলা প্ৰশিক্ষকে ইয়াতেই বক্সিঙৰ লৈছিল প্ৰাৰম্ভিক শিক্ষা । জন্ম হৈছিল কুলাল বড়ো, অৰুণ সোণাৰ, অজিত বড়োৰ দৰে বক্সাৰৰ । পৰিস্থিতিৰ খাতিৰত ক্লাবৰ একাংশ ছাত্র বৰ্তমান এইক্ষেত্ৰৰ লগত জড়িত হৈ থকা নাই । তেওঁলোকে নিজৰ কৰ্মসংন্থাপনৰ পথ বাছি লৈছে । উলুবাৰী বক্সিং ক্লাবৰ জন্মদাতা তথা প্ৰশিক্ষক বীৰেন বড়োৰ ২০০৫ চনত দেহাৱসান ঘটাৰ লগে লগে কিছু থমকিল উলুবাৰী বক্সিং ক্লাবৰ বক্সিং অনুশীলন । এতিয়া তেওঁৰেই পত্নী বিমলা বড়ো উপদেষ্টা হিচাপে আছে এই ক্লাবৰ । স্বামীৰ সোণসেৰীয়া প্ৰচেষ্টাক সোঁৱৰণ কৰিলে পত্নীয়ে।

উল্লেখযোগ্য যে, বীৰেন বড়োৰ মৃত্যুৰ পাছত উলুবাৰী বক্সিং ক্লাব নামত আছিল যদিও দীৰ্ঘদিন ধৰি অনুশীলন বন্ধ হৈ আছিল । বিগত বৰ্ষত গঠন কৰা হয় উলুবাৰী বক্সিং ক্লাবৰ নতুন সমিতি । তেতিয়াৰ পৰা দুজন প্ৰশিক্ষকক লৈ আৰম্ভ হ’ল পুনৰ বক্সিং প্ৰশিক্ষণ । প্ৰায় ৬৫ গৰাকী ল’ৰা ছোৱালীয়ে বিনামূলীয়াকৈ পূৰ্ণগতিত চলাই গৈছে বক্সিঙৰ অনুশীলন ।এই সম্পৰ্কে জনালে উলুবাৰী বক্সিং ক্লাবৰ সভাপতি মণিকা বড়োয়ে ।

ইফালে, প্ৰশিক্ষণৰ দায়িত্বত আছে নন্দন বসুমতাৰী আৰু প্ৰাণজিৎ দত্ত ।তেওঁলোকৰ নেতৃত্বতে ক্লাবৰ খেলুৱৈসকলে এই বৰ্ষত প্ৰায় ১০ টা ৰাজ্যিক পদক লাভ কৰিবলৈ সক্ষম হৈছে । এটা ইতিহাস বিজৰিত অনুষ্ঠানৰ সৈতে সংযুক্ত হৈ আনন্দিত প্ৰশিক্ষক প্ৰাণজিৎ দত্ত ।

নৱপ্ৰজন্মৰ খেলুৱৈসকলেও কঠোৰ অনুশীলনেৰে নিজকে প্ৰস্তুত কৰি তুলিছে । কাৰোবাৰ মন শিৱ থাপাৰ দৰে হোৱাৰ ।

অসম গৌৰৱ লাভলীনা বা আন্তঃৰাষ্ট্ৰীয় বক্সাৰ যমুনা বড়োৰ দৰেও হোৱাৰ সপোন পুহি ৰাখিছে একাংশ উদিত প্ৰতিভাই । সকলোৰে চকুত পদক জয়ৰ সপোন ।

পিছে, অসমৰ আটাইতকৈ পুৰণি বক্সিং ক্লাবটোত এতিয়াও নাই পৰ্যাপ্ত ব্যৱস্থা ।প্ৰয়োজনীয় সা-সামগ্ৰী লাভ কৰিলে খেলুৱৈসকল ক্ৰীড়াক্ষেত্রত আগুৱাই যাব পাৰিব বুলি আশাবাদী সকলো ।

কেবা দশকজোৰা ক্ৰীড়া ইতিহাসেৰে জীপাল উলুবাৰী বক্সিং ক্লাব ।অসম বক্সিঙৰ বাটকটীয়া স্বৰূপ এনে ক্লাবক লৈ অসমৰ ক্ৰীড়া বিভাগে কিবা নতুন পৰিকল্পনা কৰিবনে ? বক্সিঙৰ পুৰণি বৃক্ষডাল মান-মৰ্যাদাৰে সাৰ পানী দি নিপোতল কৰিব নোৱাৰিনে ? তেতিয়াহে হয়তো জাতিস্কাৰ হ’ব অসমৰ বক্সিং ক্ষেত্ৰখন । ক্ৰীড়া অনুৰাগীৰ আশা — উপযুক্ত সুবিধা লাভেৰে লাভলীনা, শিৱ থাপা, যমুনাৰ বাটেৰে অগ্ৰগামী হওক উলুবাৰী বক্সিং ক্লাবৰ উদিত বক্সাৰ । অসম বক্সিঙত নিতে উদিত হওক বক্সিঙৰ নৱ সূৰ্য ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

8 + 6 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments