Sunday, October 2, 2022
HomeMiscellaneousঅসমৰ ক্ৰীড়াক্ষেত্ৰৰ নৱতম তাৰকা মনীষা বড়ো প্ৰধান অভাৱেও হাৰ মনাব পৰা নাই...

অসমৰ ক্ৰীড়াক্ষেত্ৰৰ নৱতম তাৰকা মনীষা বড়ো প্ৰধান অভাৱেও হাৰ মনাব পৰা নাই কিশোৰী মনীষাক

✍️ অলিম্পিয়াৰ প্ৰতিবেদক

এগৰাকী কিশোৰী। আৰ্থিক দৈন্য আঁতৰাই থৈ অদম্য দৃঢ়তা আৰু ইচ্ছাশক্তিৰ জৰিয়তে উজলি উঠিছে তাই। মৰমলগা ছোৱালীজনীৰ নাম মনীষা বড়ো প্ৰধান। এই মুহূৰ্তত ভাৰতীয় দলৰ ব্লেজাৰ পিন্ধি তাই দৃঢ়তাৰে ক’ব পাৰিছে— ‘মই ৱৰ্ল্ড কাপৰ বাবে সাজু হৈছো, এতিয়া প্ৰেকটিচৰ সুবিধা লাগে।’ সদ্যসমাপ্ত ৰোল বল ৱৰ্ল্ড চেম্পিয়নশ্বিপৰ ভাৰতীয় দলৰ সফল ষ্ট্ৰাইকাৰ আছিল মনীষা। ভাৰতীয় দলে প্ৰতিযোগিতাখনত স্বৰ্ণপদক অৰ্জন কৰিবলৈ সমৰ্থ হৈছিল আৰু প্ৰতিযোগিতাৰ মুঠ চাৰিখন খেলত মনীষাৰ স্ক’ৰ পাঁচটা। গোৱাত অনুষ্ঠিত হোৱা প্ৰতিযোগিতাখনলৈ  যোৱাৰ পূৰ্বে মনীষাক লগ পাইছিলো অসম ৰোল বল সন্থাৰ সংবাদ মেলত। লাজ লাজ ভাবেৰে সাংবাদিকৰ প্ৰশ্নৰ মুখামুখি হৈছিল তাই। কৈছিল— ‘ভাৰতৰ জাৰ্ছী পিন্ধিবলৈ সুযোগ পাইছো যেতিয়া, কিবা এটা ভাল প্ৰদৰ্শন কৰি আহিম। আপোনালোকে আশীৰ্বাদ কৰিব।’ কিন্তু পোন্ধৰ! বিশ দিনৰ পিছত সম্পূৰ্ণ পৃথক মনীষাক লগ পালো গুৱাহাটী ৰাধাগোবিন্দ বৰুৱা ক্ৰীড়া প্ৰকল্পৰ গাড়ী পাৰ্কিং স্থানত। য’ত এতিয়া অসম ৰোল বল আৰু ৰোলাৰ স্কেটিঙৰ অনুশীলন চলে। সেইদিনা আছিল এটা বিশেষ অনুষ্ঠান। ৱৰ্ল্ড চেম্পিয়নশ্বিপৰ স্বৰ্ণপদক বিজয়ী মনীষাৰ জন্মদিন আৰু বিশেষ সম্বৰ্ধনা অনুষ্ঠান। ভাৰতীয় পুৰুষ দলটোৰ মেনেজাৰ হিচাপে যোৱা অসম ৰোলাৰ স্কেটিং সন্থাৰ সম্পাদক ভূমিধৰ বৰ্মনকো সেইদিনা সম্বৰ্ধনা জানোৱা হৈছিল। সম্বৰ্ধনা  অনুষ্ঠানৰ আগে আগে মনীষাই দুখন প্লাষ্টিকৰ চকী দাঙি আনি এখনত মোক বহিবলৈ দি আনখনত নিজে বহি লৈছিল। মনীষাই নিজেই আৰম্ভ কৰিছিল— ‘কওক কি সুধিব এতিয়া·’ ভাৰতীয় দলৰ ব্লেজাৰ আৰু ব্লেক পেণ্টত মনীষাক সিদিনা খুব স্মাৰ্ট লাগিছিল। ১৫ বছৰীয়া এগৰাকী পৈণত খেলুৱৈ। ভাৰতীয় দলক এতিয়া তাই প্ৰতিনিধিত্ব কৰে। কৰমৰ্দন কৰি মনীষাক শুভেচ্ছা জনাইছিলো। সুধিছিলো—

প্ৰশ্ন ঃ কোৱা এতিয়া কেনে লাগিছে· ৱৰ্ল্ড চেম্পিয়নশ্বিপৰ অভিজ্ঞতা কোৱা!

উত্তৰ ঃ সুন্দৰ অভিজ্ঞতা। খুব ভাল লাগিছে। সোণৰ পদক পাইছো। প্ৰতিযোগিতাত পাঁচটা গ’ল কৰিছো। এয়া অসমবাসীৰ আশীৰ্বাদ বুলি ধৰিছো।

প্ৰশ্ন ঃ এতিয়া কেনেদৰে আগবাঢ়িবা· ভৱিষ্যতৰ পৰিকল্পনা কি·

উত্তৰ ঃ ৱৰ্ল্ড কাপ আহি আছে। এতিয়া অনুশীলন অতি কঠিন হ’ব। অসমত যি কেইদিন থাকো এই পাৰ্কিং স্থানতেই অনুশীলন কৰিব লাগিব। হয়তো ৰাষ্ট্ৰীয় শিবিৰলৈ গ’লে ‘প্ৰপাৰ’ গ্ৰাউণ্ডত অনুশীলন কৰাৰ সুবিধা পাম।

প্ৰশ্ন ঃ অসমত খেলপথাৰ নাই নেকি· চৰকাৰক কি ক’বা· তোমালোকৰ ‘গেম’ৰ কৰ্মকৰ্তাসকলক কি ক’বা·

উত্তৰ ঃ আপোনালোকে জানেই। আমি প্ৰায় এশ খেলুৱৈয়ে ষ্টেডিয়ামৰ এই পাৰ্কিং স্থানত অনুশীলন কৰি আহিছো। ইয়াৰ পৰাই অসমৰ খেলুৱৈয়ে গৈ ভাৰতবৰ্ষকো প্ৰতিনিধিত্ব কৰিছে। ইয়াত অনুশীলন কৰাটো অতি বিপজ্জনকো। চৰকাৰে আমাক এখন গ্ৰাউণ্ড দিয়ক। আৰু বহু খেলুৱৈ ওলাব। আমাৰ ছাৰহঁতে হেনো বহুবাৰ মুখ্যমন্ত্ৰী, ক্ৰীড়ামন্ত্ৰী আৰু ক্ৰীড়া বিভাগৰ অফিচাৰসকলক লগ ধৰি এখন ‘পাৰ্মানেণ্ট’ গ্ৰাউণ্ডৰ কথা কৈছে। কিন্তু হোৱা নাই। মই আশা কৰো চৰকাৰে অতি সোনকালে আমাক এখন 40”! 20” জোখৰ গ্ৰাউণ্ডৰ ব্যৱস্থা কৰি দিব। 

প্ৰশ্ন ঃ খেলৰ লগতে তোমাৰ পঢ়া-শুনা কেনেকৈ চলাই নিবা·

উত্তৰ ঃ দুয়োটাই আগবঢ়াই নিব লাগিব। মোৰ বাবে এতিয়া খেল

মুখ্য। তথাপি ক্লাছ নাইনৰ পৰা টেনলৈ এনুৱেল এগজাম্‌ দিব লাগিব। অন্ততঃ চাকৰি এটা কৰিবৰ বাবেই ডিগ্ৰীটো সম্পূৰ্ণ কৰিবই লাগিব।

কেইটামান পশ্ন কৰো বুলিও মই কৰিব পৰা নাছিলো। সম্পূৰ্ণ ব্যক্তিগত জীৱনৰ প্ৰশ্নকেইটা মনীষাই যেন মোৰ মুখৰ পৰাই টানি লৈ গৈছিল। তাই কৈ গৈছিল কেনেদৰে তাইক ২০১৪ চনত জু-ৰোডৰ এটা প্ৰিণ্টিং প্ৰেছৰ পৰা বৰ্মন ছাৰে (অসম ৰোলাৰ স্কেটিং সন্থাৰ সম্পাদক ভূমিধৰ বৰ্মন) লৈ আনিছিল নেহৰু ষ্টেডিয়ামলৈ। বৰষা প্ৰিণ্টাৰ্ছত দুহেজাৰ টকাৰ মাহিলি হাজিৰাৰ বাবে কাম কৰা মনীষা কেনেদৰে খেলুৱৈ হৈছিল সেয়াও এক সাধুকথা সদৃশ। মনীষাই কৈছিল কেনেদৰে পিতৃ দেৱীলাল প্ৰধানৰ মৃত্যুৰ পিছত গীতা মন্দিৰৰ নিজৰাপাৰৰ এটা ১৫০০টকীয়া ভাৰা কোঠাত মাক আৰু আইতাকৰ স’তে তাই ডাঙৰ হৈছে। মাকে মানুহৰ ঘৰত কাম কৰি পোৱা টকাকেইটাৰে তিনিটা প্ৰাণীৰ পেট নভৰে বাবেই মনীষা কাম কৰিবলৈ ওলাই গৈছিল।

মনীষা আজি দৃঢ়প্ৰতিজ্ঞ। ছাব জুনিয়ৰ, জুনিয়ৰ পৰ্যায় পাৰ হৈ মনীষাই ছিনিয়ৰ পৰ্যায়ত খেলাৰ সুযোগ পাইছে। খেলৰ মাজেৰেই জীৱন গঢ়াৰ সপোন লৈয়েই এতিয়া মনীষা আগবাঢ়িছে। ভাৰতীয় দলক প্ৰতিনিধিত্ব কৰি ৰাজ্য চৰকাৰৰ পৰা এতিয়ালৈকে কোনো সাহায্য-সন্মান নাপালেও মনীষাৰ আশা এদিন তাই নিজৰ যোগ্যতাৰেই এটা কৰ্ম সংস্থাপনৰ ব্যৱস্থা কৰি খেল আৰু পৰিয়াল একেলগে চলাই থাকিব পাৰিব। অসম ৰোল বল আৰু ৰোলাৰ  স্কেটিং সন্থাৰ কৰ্মকৰ্তাসকলে দেখুৱাই দিয়া পথত এতিয়া বলিষ্ঠ পদক্ষেপেৰে আগবাঢ়ি যোৱাৰ বাবে সাজু হৈছে মনীষা। মনীষা আৰু মোৰ কথোপকথনৰ মাজতেই সেই স্থানত আহি উপস্থিত হৈছিল মাতৃ মিনি বড়ো প্ৰধান। মনীষাই মোক চিনাকি কৰি দিছিল মাকক। সহজ-সৰল কিন্তু দৃঢ়মনৰ মহীয়সী মাতৃগৰাকীয়ে মোক পোনপটীয়াকৈ প্ৰশ্ন কৰিছিল— ‘ছোৱালীয়ে ভাৰতীয় দলৰ হৈ খেলাৰ বাবে চৰকাৰে কিবা দিবনে নাই….·’ মই উত্তৰহীন হৈ চাইছিলো মাতৃ মিনিৰ মুখলৈ। মোৰ মুখত উত্তৰ নোলোৱাত তেওঁ পুনৰ কৈছিল— ‘যিদিনালৈকে পাৰো এই হাত দুখনেৰে ছোৱালীৰ বাবে উপাৰ্জন কৰি যাম। নোৱৰা হোৱাৰ দিনাখনেই ‘ছাৰ’ (ভূমি বৰ্মন)হঁতৰ হাতত গতাই দিম মনীষাক।’ মই কেৱল ভাবি গৈছিলো মনীষাৰ দৰে আৰু বহু প্ৰতিভাৱান খেলুৱৈয়ে ৰাজ্যখনত সা-সুবিধাৰ অভাৱত অকালতে মৰহি যোৱাৰ উপক্ৰম হৈছে…। এই খেলুৱৈসকলৰ বাবে ৰাজ্য চৰকাৰ তথা অসমৰ ক্ৰীড়াপ্ৰেমী ৰাইজৰ কৰণীয় একো নাইনে· মিনি বড়ো প্ৰধান অথবা ভূমিধৰ বৰ্মনৰ দৰে কিমানজন ব্যক্তি আছে এইখন অসমত! যিয়ে এগৰাকী প্ৰতিভাৱান খেলুৱৈক আগবঢ়াই নিয়াৰ বাবে জীৱনৰ ব্ৰত কৰি লোৱাৰ সাহস গোটাব পাৰিব· অসম ৰোলাৰ স্কেটিং সন্থা অথবা অসম ৰোল বল সন্থাৰ দৰে আৰু কেইটা সংগঠনে অসমত ক্ৰীড়াৰ উন্নয়নৰ বাবে কাম কৰিবলৈ আগবাঢ়ি আহিব…! কিছুমান জটিল প্ৰশ্নই মোক জুৰু¸লা কৰি পেলাইছিল। সুদীৰ্ঘ দিনৰ সাংবাদিকতা জীৱনৰ মাজৰ পৰা সেইদিনাৰ সেইকেইটা বিশেষ প্ৰশ্নৰ উত্তৰ বিচাৰি উলিয়াবলৈ মই যিদিনাই সমৰ্থ হ’ম ধৰি ল’ম মই মোৰ সাংবাদিকতা জীৱনৰ এটা অধ্যায় সফলতাৰে সমাপ্ত কৰিবলৈ সাহস পাইছো। মনীষা আৰু মাতৃ মিনিক হাতযোৰকৈ সেৱা জনাই মই মাথোঁ ইয়াকেই ক’লো শেষত— ‘যিমানখিনি পাৰো আপোনালোকৰ কথাবোৰ চৰকাৰ তথা ৰাইজৰ মাজলৈ আগবঢ়াই লৈ যোৱাৰ চেষ্টা কৰিম।’ ছেল্যুট মনীষা! ছেল্যুট মাতৃ মিনু! ছেল্যুট বৰ্মন ছাৰ! ভগৱান আপোনালোকৰ সহায় হওক!

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

four + six =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments