Tuesday, October 4, 2022
HomeMiscellaneousঅসমৰ ক্ৰীড়াক আগবঢ়োৱাৰ নিৰলষ প্ৰচেষ্টা... কাবাদীৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰশিক্ষক দময়ন্তী বড়ো

অসমৰ ক্ৰীড়াক আগবঢ়োৱাৰ নিৰলষ প্ৰচেষ্টা… কাবাদীৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰশিক্ষক দময়ন্তী বড়ো

✍️ ড০ মৃদুস্মিতা মহন্ত

শৰীৰ আৰু মনৰ অনুশীলনেই মানৱ জীৱনৰ মূল কৰ্মপন্থা। জীৱনৰ কোবাল গতিৰ লগত বাট বুলিবলৈ এনে অনুশীলনেই অনুপ্ৰেৰণা যোগায়। তাৰেই ফলশ্ৰুতিত ভিন্নজন উপস্থিত হয় ভিন্ন ক্ষেত্ৰত।

উল্লেখনীয় ক্ৰীড়া ক্ষেত্ৰ। প্ৰত্যাহ্বান, বিস্ময়, দক্ষতা, শংকাৰে ভৰা এক বৰ্ণিল পৰিক্ৰমা। লেখাৰ উদ্দেশ্য এগৰাকী প্ৰশিক্ষকৰ লগত চিনাকি হোৱা। বিশ্ব ক্ৰীড়াৰ ক্ষেত্ৰত অসম মুলুকৰ নাম সজোৰে প্ৰতিষ্ঠাপিত হোৱাৰ পৱিত্ৰ ক্ষণ অসমবাসীয়ে প্ৰত্যক্ষ কৰিবলৈ লৈছে। শাৰীৰিক তথা মানসিক কঠোৰ অনুশীলনেৰে সোণ-ৰূপৰ পদকেৰে সকলো মাধ্যমৰ সকলো স্তৰৰ জনসাধাৰণৰ মন হৰণ কৰা বাতৰিৰ শিৰোনাম হৈ পৰিছে উড়ন্ত পৰী হিমা দাস, শ্বুটিঙৰ হৃদয় হাজৰিকা। বিশ্বৰ বিভিন্ন প্ৰান্তত সিঁচৰতি হৈ অনুষ্ঠিত হৈ থকা বিভিন্ন বিশ্ব চেম্পিয়নশ্বিপৰ আঁৰত অহৰ্নিশে কাম কৰি থকাসকলৰ মাজতো আছে গৌৰৱৰ পাত্ৰ অসমীয়া।

সদ্যসমাপ্ত ১৮সংখ্যক জাকাৰ্টা, পালেমবাং এছিয়ান গেমছৰ ভাৰতীয় প্ৰতিযোগীসকলৰ আঁৰত থকা প্ৰশিক্ষকসকলৰ মাজত আছিল এগৰাকী অসমীয়া প্ৰশিক্ষক।

ভাৰতীয় ছোৱালী কাবাডী দলটোক উপযুক্ত প্ৰশিক্ষণেৰে সাজু কৰি তোলা দুগৰাকী অন্যতম প্ৰশিক্ষকৰ এগৰাকী হ’ল অসমৰ কামৰূপ মহানগৰ জিলাৰ সোণাপুৰ অঞ্চলৰ অগ্ৰণী মনৰ জীয়ৰী দময়ন্তী বড়ো। প্ৰশিক্ষক দময়ন্তী বড়ো। অসমৰ পৰা উন্নত মানৰ ছোৱালী খেলুৱৈৰ সৃষ্টি কৰাৰ প্ৰবল হাবিয়াস দময়ন্তীৰ।

ককায়েক জ্যোতিষ ৰাহাঙৰ অনুপ্ৰেৰণাত সোণাপুৰ মিনি ষ্টেডিয়ামত এথলেটিক্‌ছৰ প্ৰশিক্ষণেৰে ক্ৰীড়া জগতত খোজ দিয়া দময়ন্তীয়ে ঘৰখনত লাভ কৰিছিল এক আত্মনিৰ্ভৰশীলতাৰ পাঠ। চাৰিজন ভাতৃ আৰু দুগৰাকী ভগ্নী সমন্বিতে পৰিয়ালৰ আটায়ে নিজ নিজ কৰ্মক্ষেত্ৰত প্ৰতিষ্ঠিত। সোণাপুৰ অঞ্চলৰেই ৰূপনগৰ প্ৰাথমিক বিদ্যালয়ৰ পৰা প্ৰাথমিক শিক্ষা, বৰুৱাধাহী বৰখাট মধ্য ইংৰাজী বিদ্যালয়ৰ পৰা এইচ ই আৰু সোণাপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হোৱা দময়ন্তীয়ে উচ্চ শিক্ষা গ্ৰহণৰ বাবে সোণাপুৰ মহাবিদ্যালয়ৰ পৰা উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হৈ স্নাতক মহলাত নামভৰ্তি কৰিলেও নিজৰ হেঁপাহৰ পৃথিৱীখনলৈ যোৱা পথটো সুদৃঢ় কৰাৰ মানসেৰে একাণপতীয়াকৈ খেলত মনোনিৱেশ কৰিবলৈ ধৰিলে। অষ্টম শ্ৰেণীত অধ্যয়নৰত অৱস্থাতে দময়ন্তীয়ে কাবাডীৰ জগতখনত প্ৰৱেশ কৰে আৰু তেতিয়াৰ পৰাই আন্তঃজিলা প্ৰতিযোগিতাসমূহত যোগদানৰ শুভাৰম্ভণি হয়। স্থানীয়ভাৱে, প্ৰশিক্ষক পৰেশ তালুকদাৰৰ উদগনিৰ কথা দময়ন্তীয়ে শলাগ লয়। অষ্টমমানত থাকোতে টংলাত অনুষ্ঠিত হোৱা আন্তঃজিলা কাবাদী প্ৰতিযোগিতাৰ পৰাই আৰম্ভ হয় এক ঊধৰ্বমুখী যাত্ৰা। পাছলৈ ঘূৰি চোৱা নাই কাহানিও। নৱম শ্ৰেণীত পঢ়ি থকা অৱস্থাত ভাৰতৰ পূব মণ্ডলৰ ৰাজ্যসমূহৰ মাজত ৰঙিয়াত অনুষ্ঠিত প্ৰতিযোগিতাৰ পিছত ২০১০ চনলৈ বিভিন্ন প্ৰতিযোগিতাত জয়ৰ ধাৰা অব্যাহত ৰাখে।

২০১১ চনৰ পৰা দময়ন্তী বড়োৱে এক নতুন চিনাকিৰ পাতনি মেলিলে। বাংগালোৰত থকা Netaji Subhash Southern Center-ত এক বছৰৰ প্ৰশিক্ষকৰ ডিপ্লমা পাঠ্যক্ৰম গ্ৰহণ কৰি ইণ্টাৰ্নশ্বিপৰ সময়ছোৱাত প্ৰথম দুমাহ বাংগালোৰ আৰু পিছৰ দুমাহ কোকৰাঝাৰত কৰা প্ৰদৰ্শন ইমানেই উন্নত আছিল যে দময়ন্তীৰ প্ৰশিক্ষণপ্ৰাপ্ত দলটোৱে দ্বিতীয় বড়োলেণ্ড গেমছত বিজয়ী দলৰ সন্মান লাভ কৰিছিল। ডিপ্লমা পাঠ্যক্ৰমৰ ভিতৰতে প্ৰায়োগিক (Practical) প্ৰদৰ্শনত দেখুওৱা দক্ষতাই সংশ্লিষ্ট আটাইৰে যে দৃষ্টি আকৰ্ষণ কৰিছিল তাৰ ফলশ্ৰুতিতে ২০১৩ চনত দময়ন্তী বড়োক গোৱালপাৰাত কাবাডী প্ৰশিক্ষক হিচাপে নিযুক্তি দিয়ে।

দময়ন্তীৰ লগত হোৱা কথোপকথনৰ পৰা অনুভূত হৈছিল যে গোৱালপাৰাত প্ৰশিক্ষণ দিয়া সময়ছোৱাত এক নতুন অভিজ্ঞতাৰ মুখামুখি হৈছিল। তেওঁ প্ৰশিক্ষণ দিবলগীয়া হৈছিল Beach Kabaddi (সাগৰৰ পাৰত অনুষ্ঠিত কাবাডী) প্ৰতিযোগিতাৰ বাবে। ব্ৰহ্মপুত্ৰৰ বিশাল বালিচৰ তেওঁ বাছি  লৈছিল প্ৰশিক্ষণৰ বাবে। এক নিশ্চয়কৈ প্ৰত্যাহ্বানকাৰী অভিজ্ঞতা। ক্ৰমে ২০১৪ আৰু ২০১৫ চনত গোৱা আৰু অন্ধ্ৰ প্ৰদেশত অনুষ্ঠিত Beach Kabaddi-ত উন্নত প্ৰদৰ্শন কৰাব পৰা বাবে দময়ন্তী খুবেই সুখী। প্ৰশিক্ষক হিচাপে প্ৰস্তুত কৰি তোলা প্ৰথমটো দলে বাংলাদেশত অনুষ্ঠিত আমন্ত্ৰণীমূলক খেলত চতুৰ্থ স্থানপ্ৰাপ্ত কথাষাৰেও দময়ন্তীক সন্তুষ্টি প্ৰদান কৰে।

Sports Authority of India (SAI)-ৰ সংযুক্ত হৈ পৰাটো দময়ন্তী বড়োৰ বাবে এক আশীৰ্বাদস্বৰূপ। ২০১৫ চনত তেওঁ ঠিকাভিত্তিক নিযুক্তি লাভ কৰে। কোকৰাঝাৰত আৱাসিক প্ৰশিক্ষক ৰূপে তেওঁ বৰ্তমান কৰ্মৰত।

২০১৬ চনত নগাঁৱত অনুষ্ঠিত ২০দিনীয়া কেম্পত প্ৰশিক্ষণ দিয়াৰ অন্তত তামিলনাডুত অনুষ্ঠিত ছাব জুনিয়ৰ নেচনেল প্ৰতিযোগিতাত ২০ বছৰৰ মূৰকত অসমৰ কাবাডীৰ ছোৱালীৰ দলটো প্ৰথমবাৰৰ বাবে কোৱাৰ্টাৰ ফাইনেললৈ যায়। তাত তেওঁৰ তিনিগৰাকী সম্পূৰ্ণ নিজৰ ছাত্ৰী আছিল।

একেটা বছৰতে দময়ন্তী বড়োৱে নিজ ক্ৰীড়াক্ষেত্ৰত আগবাঢ়ি যোৱাৰ আন এটা সুযোগ পায়। Amateur Kabaddi Fedaration of India-ই আয়োজন কৰা এটা Refresher Course-ত অংশগ্ৰহণ কৰা অৱস্থাত তেওঁৰ প্ৰদৰ্শনত সন্তুষ্ট হৈ এটা নতুন দায়িত্ব প্ৰদান কৰে। মুম্বাইত অনুষ্ঠিত Pro-Kebaddi-ৰ কেম্পত প্ৰশিক্ষকৰ দায়িত্ব গ্ৰহণ কৰি তেওঁৰ প্ৰশিক্ষিত দলটোৱে প্ৰদৰ্শনীমূলক খেলখনত সোণৰ পদক লাভ কৰে।

পুনৰ SAI-ৰ ছাব জুনিয়ৰ দলটোৰ দায়িত্ব গ্ৰহণ কৰি দময়ন্তীৰ দলটোৱে ২০১৫ চনত ওড়িশাৰ দুমকাত অনুষ্ঠিত খেলত সোণৰ পদক বুটলিবলৈ সক্ষম হয়। উক্ত দলটোত অসমৰ তামুলপুৰৰ কৰীণা বড়োৰ উচ্চ প্ৰদৰ্শনক লৈ দময়ন্তী গৌৰৱান্বিত। একেটা বছৰতে Assam Junior Team-তো তেওঁৰ দ্বাৰা প্ৰশিক্ষিত ছগৰাকী খেলুৱৈয়ে অংশগ্ৰহণ কৰে।

এই কথা উল্লেখ নকৰিলে নহ’ব যে এনে এক কঠোৰ জীৱন শৈলীৰ মাজত থাকিও ২০১৪ চনত কৃষ্ণকান্ত মুক্ত বিশ্ববিদ্যালয়ৰ পৰা দময়ন্তীয়ে স্নাতক ডিগ্ৰী লাভ কৰে।

ইয়াৰ পিছৰ যাত্ৰা এছিয়ান গেমছৰ বাবে প্ৰস্তুত কৰি তোলা ছোৱালী কাবাডী দলটোক প্ৰশিক্ষণ দিয়া। ২০১৮ চনৰ ১৫ মাৰ্চত গান্ধীনগৰত ৪২গৰাকী খেলুৱৈক লৈ প্ৰশিক্ষণ আৰম্ভ হয়। নেচনেল ইনষ্টিটিউট অৱ স্প’ৰ্টছৰ আন এগৰাকী প্ৰশিক্ষক বনানী সাহা আৰু অৰ্জুন বঁটাপ্ৰাপ্ত তেজস্বিনী বাঈৰ সহযোগত দময়ন্তী বড়োৱে ব্ৰতী হৈ পৰে এটি শক্তিশালী দল গঠন কৰাত। কেইবাটাও স্তৰ পাৰ হৈ অৱশেষত ১২জনীয়া দল এটি সাজু কৰি তোলে।

উক্ত দিনকেইটাৰ অভিজ্ঞতা বৰ্ণনা কৰি অসমৰ কাবাডী খেলৰ সমস্যাৰ কথা উল্লেখ কৰি দময়ন্তীয়ে আক্ষেপ কৰি কয় যে অসমত কাবাডী খেলৰ প্ৰতিযোগিতা ইমানেই কমকৈ হয় যে প্ৰতিযোগিতাৰ পথাৰখন খেলুৱৈৰ বাবে বৰ অচিনাকি হৈ থাকে।

দময়ন্তী বড়ো জাকাৰ্টালৈ যাবলৈ নাপালে। আক্ষেপ নাই দময়ন্তীৰ। বনানী সাহাৰ তত্ত্বাৱধানত যোৱা ছোৱালী কাবাডীৰ দলটোৰ প্ৰতিগৰাকী খেলুৱৈৰ প্ৰতিটো কৌশলৰ অন্তৰালত যে আছে দময়ন্তীৰ কৃচ্ছ্ৰ সাধনাৰ ফল। ফেডাৰেচনৰ সভাপতিলৈ দময়ন্তীয়ে প্ৰেৰণ কৰিছিল এক ধন্যবাদসূচক পত্ৰ। এছিয়ান গেমছলৈ পঠিওৱা দলটোৰ প্ৰশিক্ষকৰ দায়িত্ব ল’বলৈ পাই তেওঁ যথেষ্ট সুখী বুলি পত্ৰত উল্লেখ কৰিছিল হেনো। অৱশ্যে, পূৰ্বতে পোৱা সোণৰ পদকৰ পৰিৱৰ্তে এইবাৰ এছিয়ান গেমছত ছোৱালী কাবাডী দলটোৱে ৰূপৰ পদকহে পায়।

এই বৰ্ণিল যাত্ৰাক এটাৰ পাছত আনটো স্তৰলৈ আগুৱাই নিয়াৰ সপোন দেখা দময়ন্তীয়ে এখন নিজস্ব একাডেমী খোলাৰ প্ৰস্তুতি চলাইছে। নিজৰ চাৰিওদিশে সুপ্ত হৈ থকা প্ৰতিভাৰ বিকাশ কৰিবলৈ উদীয়মান খেলুৱৈসকলক প্ৰয়োজন শৃংখলিত প্ৰশিক্ষণৰ। বিশেষকৈ ছোৱালী কাবাডী আগবঢ়াই নিবলৈ তেওঁলোকক কম বয়সৰ পৰাই প্ৰশিক্ষণৰ আৱশ্যক, যিটো বৰ্তমান প্ৰশিক্ষণ পদ্ধতিত সম্ভৱ নহয়। দময়ন্তীয়ে নিজৰ অঞ্চলতে স্থাপন কৰিব খোজে প্ৰশিক্ষণ প্ৰতিষ্ঠান। কিয়নো সোণাপুৰ অঞ্চলতে আছে ৰাষ্ট্ৰীয় পৰ্যায়ৰ পঞ্চমী দাস আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ ভানু বৰদলৈৰ নিচিনা খেলুৱৈ।

নেদেখাজনৰ ওচৰত প্ৰাৰ্থনা জনাইছো অসম জীয়ৰী সম্ভাৱনাপূৰ্ণ প্ৰশিক্ষক দময়ন্তী বড়োৱে আগুৱাই লৈ যাওক তেওঁৰ সপোন দূৰ-দিগন্তলৈ…।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

nine + 20 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments