ক্ৰিকেটৰ ভগৱান স্বৰুপ শচীন তেণ্ডুলকাৰৰ মহানুভৱতা। অসমৰ প্ৰায় দুই হাাজাৰৰো অধিক শিশুলৈ আগবঢ়াইছে সাহাৰ্য। ইউনিছেফৰ সদভাৱনা দূত শচীনে অসমৰ দুই হাজৰৰো অধিক শিশুৰ বাবে চিকিৎসা সামগ্ৰী প্ৰদান কৰিছে। যাৰ দ্বাৰা অসমৰ শিশুসকলৰ চিকিৎসা ক্ষেত্ৰত যথেষ্ট সহায় হব বুলি জানিব পৰা গৈছে।
শচীনে কৰিমগঞ্জ জিলাৰ মাকুণ্ডা হাস্পতাললৈ PICU আৰু নৱজাতকৰ বাবে বিশেষ আই চিইউৰ বাবে বিশেষ চিকিৎসা সৰঞ্জাম দান কৰিছে। ইয়াৰ জৰিয়তে প্ৰায় দুই হাজাৰৰো অধিক শিশু উপকৃত হব।
মাকুণ্ডা হাস্পতালৰ শিশু বিশেজ্ঞ চাৰ্জন ডা০ বিজয় আনন্দ ইছমাইলে শচীনৰ এই মহানুভৱতাৰ বাবে সংবাদ মাধ্যমৰ আগত শচীনক ধন্যবাদ জনায়। তেওঁ কয় শচীন তেণ্ডুলকাৰৰ সংস্থাৰ সহায়ৰ বাবে দৰিদ্ৰ লোকসকসককম খৰছত চিকিৎসা প্ৰদান কৰিব পাৰিম।