অসমৰ প্ৰথমগৰাকী আন্তঃৰাষ্ট্ৰীয় মাষ্টাৰ হোৱাৰ দিশে আগবাঢ়িছে প্ৰতিভাৱান দবা খেলুৱৈ ছাহিল দে’। ছাৰ্বিয়াৰ পেৰাচিনত ১২ ফেব্ৰুৱাৰীৰ পৰা ১৮ ফেব্ৰুৱাৰীলৈ অনুষ্ঠিত হোৱা আৰ্বিছ-২ আই এম মিক্সড ছুইছ দবাত ছাহিলে অষ্টম ৰাউণ্ডৰ অন্তত পাঁচ পইণ্ট লাভ কৰি ইণ্টাৰনেচনেল মাষ্টাৰ্ছৰ দ্বিতীয়টো নৰ্ম লাভ কৰিছে।

ইয়াৰ পূৰ্বে ছাহিলে যোৱা ১১ ফেব্ৰুৱাৰীত সামৰণি পৰা আন এখন দবা প্ৰতিযোগিতাত প্ৰথমটো আন্তঃৰাষ্ট্ৰীয় মাষ্টাৰ্ছৰ নৰ্ম লাভ কৰিছিল। আৰু মাত্ৰ এখন প্ৰতিযোগিতাত নৰ্ম অৰ্জন কৰিলেই ছাহিল হৈ পৰিব অসমৰ প্ৰথমজন আন্তঃৰাষ্ট্ৰীয় মাষ্টাৰ। সৃষ্টি হ’ব এক নতুন ইতিহাস।