Tuesday, October 4, 2022
HomeNewsঅসমৰ প্ৰীতমে জাৰ্মানীৰ তাৰকা মিডফিল্ডাৰ মেছুট অ'জিলৰ পৰা লাভ কৰিলে উপহাৰ

অসমৰ প্ৰীতমে জাৰ্মানীৰ তাৰকা মিডফিল্ডাৰ মেছুট অ’জিলৰ পৰা লাভ কৰিলে উপহাৰ

অলিম্পিয়া প্ৰতিবেদন

শিশুটিৰ নাম প্ৰীতম ব্ৰহ্ম। হঠাৎ চর্চালৈ আহিছে শিশুটিৰ নাম। প্ৰীতম অসমৰ এটি প্ৰতিভাৱান শিশু ফুটবলাৰ। গ্ৰেটাৰ গুৱাহাটী বেবী লীগৰ এগৰাকী উজ্জল তাৰকা প্ৰীতম। সেই প্ৰীতম ব্ৰাহ্মই জাৰ্মানীৰ ফুটবল তাৰকা মেছুট অ’জিলৰ পৰা লাভ কৰিছে এটা বিশেষ উপহাৰ। লাভ কৰিছে অ’জিলৰ স্বাক্ষৰসম্বলিত আৰ্চেনালৰ এটা জাৰ্চি। বেবী লীগত দেশৰ শীৰ্ষ দহগৰাকী খেলুৱৈৰ তালিকাত নাম অন্তৰ্ভুক্ত হোৱাৰ বাবে এই পুৰস্কাৰ লাভ কৰিছে অসমৰ ১০ বছৰীয়া শিশুগৰাকীয়ে।

যিসকলে নাজানে তেওঁলোকক কৈ থওঁ যে বেবী লীগ হৈছে শিশুসকলক প্ৰতিযোগিতামূলক ফুটবললৈ সাজু কৰি তোলাৰ বাবে অনুষ্ঠিত হোৱা ফুটবল প্ৰতিযোগিতা। শিশুসকলৰ ফুটবল দক্ষতা বিকাশৰ এখন মুকলি মঞ্চ এই বেবী লীগ। ভাৰতীয় ফুটবল ফেডাৰেচনৰ দ্বাৰা স্বীকৃতিপ্ৰাপ্ত এই বেবী লীগৰে শীৰ্ষ দহগৰাকী খেলুৱৈৰ তালিকাত স্থান লাভ কৰিছে অসমৰ প্ৰীতম ব্ৰহ্মই।

খুব কম দিনৰ ভিতৰতে এতিয়া সমগ্ৰ দেশতে জনপ্ৰিয় হৈ পৰিছে এই বেবী লীগ। বেবী লীগখনক অধিক মনোগ্ৰাহী কৰি তুলিবলৈ ভাৰতীয় ফুটবল ফাউণ্ডেচনে গ্ৰহণ কৰিছে বিশেষ কাৰ্যসূচী।তাৰেই অংশস্বৰূপে এনেদৰে শীৰ্ষ দহ খেলুৱৈক অ’জিলৰ স্বাক্ষৰসম্বলিত জাৰ্চি প্ৰদানৰ পোষকতা কৰিছিল ভাৰতীয় ফুটবল ফাউণ্ডেচনে।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

7 + 8 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments