Wednesday, July 6, 2022
HomeNewsঅসম অলিম্পিক সন্থাৰ উদ্যোগত আন্তঃবিশ্ববিদ্যালয় তৰ্ক প্ৰতিযোগিতা আৰু আন্তঃমহাবিদ্যালয় ক্ৰীড়া কুইজ প্ৰতিযোগিতা

অসম অলিম্পিক সন্থাৰ উদ্যোগত আন্তঃবিশ্ববিদ্যালয় তৰ্ক প্ৰতিযোগিতা আৰু আন্তঃমহাবিদ্যালয় ক্ৰীড়া কুইজ প্ৰতিযোগিতা

অসম অলিম্পিক সন্থাৰ উদ্যোগত আন্তঃবিশ্ববিদ্যালয় তৰ্ক প্ৰতিযোগিতা আৰু আন্তঃমহাবিদ্যালয় ক্ৰীড়া কুইজ প্ৰতিযোগিতা

অলিম্পিয়া প্ৰতিবেদন:  আন্তঃৰাষ্ট্ৰীয় অলিম্পিক দিৱস উপলক্ষে ২৩ জুনত অসম অলিম্পিক সন্থাৰ উদ্যোগত গুৱাহাটীৰ কটন বিশ্ববিদ্যালয়ৰ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা প্ৰেক্ষাগৃহত আন্তঃবিশ্ববিদ্যালয় তৰ্ক প্ৰতিযোগিতা আৰু আন্তঃমহাবিদ্যালয় ক্ৰীড়া কুইজ প্ৰতিযোগিতা অনুষ্ঠিত হ’ব । তৰ্ক প্ৰতিযোগিতাৰ বিষয় হল- “Olympic Movement plays a key role in establishing global peace.”/ সদনৰ মতে, ‘‘বিশ্ব শান্তি প্ৰতিষ্ঠা কৰাত অলিম্পিক আন্দোলনে গুৰুত্বপূৰ্ণ ভুমিকা পালন কৰে’’ ।

আৰু অধিক পঢ়ক

আন্তঃবিশ্ববিদ্যালয় তৰ্ক প্ৰতিযোগিতাৰ বিৱৰণ–
১) তৰ্ক প্ৰতিযোগিতাত প্ৰতিখন বিশ্ববিদ্যালয়ৰ দুজন প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰিব পাৰিব । এজনে বিষয়ৰ সপেক্ষে আৰু এজনে বিষয়ৰ বিপক্ষে যুক্তি প্ৰদৰ্শন কৰিব লাগিব ।
২) অংশগ্ৰহণকাৰীসকলৰ নাম বিশ্ববিদ্যালয়ৰ অফিচিয়েল পেডত উপাচাৰ্য/পঞ্জীয়ক বা বিশ্ববিদ্যালয়ৰ কৰ্তৃত্বশীল ব্যক্তিৰ দ্বাৰা স্বাক্ষৰ কৰি assamolympicassociation2019@gmail.com ইমেইলযোগে ১৫ জুন ২০২২ বা তাৰ আগতে প্ৰেৰণ কৰিব লাগিব ।
৩) তৰ্ক প্ৰতিযোগিতাত প্ৰথম, দ্বিতীয় আৰু তৃতীয় স্থান লাভ কৰা দলকেইটাই ক্ৰমে ৫০,০০০, ৩০,০০০ আৰু ২০,০০০ টকাৰ প্ৰাইজমানি লাভ কৰিব । তদুপৰি শ্ৰেষ্ঠ তাৰ্কিকজনে ২০,০০০ টকা, দ্বিতীয় শ্ৰেষ্ঠ তাৰ্কিকজনে ১৫,০০০ টকা আৰু তৃতীয় শ্ৰেষ্ঠ তাৰ্কিকজনে ১০,০০০ টকাৰ প্ৰাইজমানি লাভ কৰিব ।
৪) প্ৰতিযোগিতাৰ ৩ দিন পূৰ্বে প্ৰতিজন তাৰ্কিকৰ বাবে সময় নিৰ্ধাৰণ কৰা হ’ব ।
৫) ইংৰাজী আৰু অসমীয়া ভাষাত তৰ্ক কৰিব পাৰিব ।
৬) প্ৰতিটো বিজয়ী দল আৰু ব্যক্তিগত বিজয়ীয়ে অসম অলিম্পিক সস্থাৰ পৰা প্ৰমাণপত্ৰৰ সৈতে ট্ৰফী লাভ কৰিব ।
৭) কটন বিশ্ববিদ্যালয়ৰ কে বি আৰ হলত ২৩ জুন, ২০২২ তাৰিখে পুৱা ৮.৩০ বজাৰ পৰা ৯ বজালৈ প্ৰতিযোগীৰ পঞ্জীয়ন কৰা হ’ব ।
৮) প্ৰতিযোগিতাখন পুৱা ৯.৩০ বজাৰ পৰা আৰম্ভ হ’ব ।

ইফালে, তৰ্ক প্ৰতিযোগিতাৰ পাছতে আন্তঃমহাবিদ্যলয় কুইজ প্ৰতিযোগিতা অনুষ্ঠিত হ’ব ।

অলিম্পিয়া মাহেকীয়া আলোচনী পঢ়িবলৈ ইয়াত ক্লিক কৰক

আন্তঃমহাবিদ্যালয় কুইজ প্ৰতিযোগিতাৰ বিৱৰণ —

১) কুইজ প্ৰতিযোগিতাত প্ৰতিখন মহাবিদ্যালয়ৰ সৰ্বাধিক দুজন প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰিব পাৰিব ।
২) অংশগ্ৰহণকাৰীসকলৰ নাম মহাবিদ্যালয়ৰ অফিচিয়েল পেডত অধ্যক্ষৰ দ্বাৰা স্বাক্ষৰ কৰি assamolympicassociation2019@gmail.com ইমেইলযোগে ১৫ জুন ২০২২ বা তাৰ আগতে প্ৰেৰণ কৰিব লাগিব ।
৩) ক্ৰীড়া কুইজ প্ৰতিযোগিতাত প্ৰথম, দ্বিতীয় আৰু তৃতীয় স্থান লাভ কৰা দলকেইটাই ক্ৰমে ৫০,০০০, ৩০,০০০ আৰু ২০,০০০ টকাৰ প্ৰাইজমানি লাভ কৰিব।
৪) প্ৰতিটো বিজয়ী দলে অসম অলিম্পিক সন্থাৰ পৰা প্ৰমাণপত্ৰৰ সৈতে ট্ৰফী লাভ কৰিব ।
৫) কটন বিশ্ববিদ্যালয়ৰ কে বি আৰ হলত ২৩ জুন, ২০২২ তাৰিখে দিনৰ ১১ বজাৰ পৰা ১২ বজালৈ প্ৰতিযোগীৰ পঞ্জীয়ন কৰা হ’ব ।
৬) প্ৰতিযোগিতাখন দিনৰ ১ বজাৰ পৰা আৰম্ভ হ’ব ।

উল্লেখ্য, আগ্ৰহী কুইজ মাষ্টাৰসকলক ক্ৰীড়া কুইজ প্ৰতিযোগিতাখন পৰিচালনা কৰাৰ সন্দৰ্ভত সবিশেষ অৱগত কৰিবৰ বাবে ৮ জুন, ২০২২ তাৰিখে দিনৰ ১১ বজাত অসম অলিম্পক সন্থাত উপস্থিত হ’বলৈ সন্থাই আহ্বান জনাইছে । তেওঁলোকৰ উপস্থাপনৰ ভিত্তিত কুইজ মাষ্টাৰ বাছনি কৰা হ’ব ।

তৰ্ক আৰু কুইজ প্ৰতিযোগিতাৰ সন্দৰ্ভত অধিক তথ্যৰ বাবে দৰ্শনা বাৰ্মাৰ সৈতে ৯৯৫৭০-৮৩০৩৫ আৰু সুমন দত্তৰ সৈতে ৯৮৫৪৬-৩১৪৬৫ ফোন নম্বৰত যোগাযোগ কৰিব পাৰিব । এই কথা জনাইছে লক্ষ্য কোঁৱৰ,
সাধাৰণ সম্পাদক ,
অসম অলিম্পিক সন্থা ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

1 × four =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Archives list

Recent Comments