অসম এমেচাৰ মুৱাইথাই প্ৰতিযোগিতাত গোলাঘাটলৈ শ্ৰেষ্ঠ নিয়মানুবৰ্তিতা আৰু শ্ৰেষ্ঠ যুঁজাৰুৰ সন্মান
গোলাঘাটৰ পৰা অলিম্পিয়াৰ হৈ মৃদুল শৰ্মাৰ প্ৰতিবেদন: ১৮ সংখ্যক অসম এমেচাৰ মুৱাইথাই প্ৰতিযোগিতাত গোলাঘাট জিলাই নিয়মানুবৰ্তিতা আৰু শ্ৰেষ্ঠ যুঁজাৰু (best fighter) দল হিচাপে খিতাপ অৰ্জন কৰে । সোণাপুৰত অনুষ্ঠিত প্ৰতিযোগিতাৰ ল’ৰা আৰু ছোৱালী উভয় শাখাৰ ছাব জুনিয়ৰ, জুনিয়ৰ, যুৱ আৰু ছিনিয়ৰ পৰ্যায়ত গোলাঘাট জিলাই ৯ টা সোণ,২ টা ৰূপৰ আৰু ৩ টা ব্ৰঞ্জৰ পদক লাভ কৰি খিতাপ দখল কৰে ।
ছাব জুনিয়ৰ শাখাত ভাশ্বতী গগৈয়ে ৩১-৩৩ কিলোত সোণৰ পদক লাভ কৰে, গায়িত্ৰী দত্তই ৩৪-৩৬ কিলোত সোণৰ পদক লাভ কৰে ।
জুনিয়ৰ শাখাত ক্ষ্যাতি মৰাঙে ৪১-৪৫ কেজিত ব্ৰঞ্জৰ পদক লাভ কৰে, ৰাজদ্বিপ চিৰিং ফুকনে ৪১-৫৩ কেজিত সোণৰ পদক অৰ্জন কৰে, শান্তনু বৰুৱাই ৩৭-৪১ কেজিত সোণৰ পদক পায় , আয়ান আকাশ বৰুৱাই ৩৭-৪১ কেজিত ৰূপৰ পদক লাভ কৰে, আচিফ হুছেইনে ৪১-৪৪ কেজিত ৰূপৰ পদক লাভ কৰে ।
অলিম্পিয়া মাহেকীয়া আলোচনী পঢ়িবলৈ ইয়াত ক্লিক কৰক
য়ুথ পৰ্যায়ত ৰাহুল পংকজ ঠেঙালে ৫৬-৬০ কেজিত সোণৰ পদক লাভ কৰে, ছিনিয়ৰ অনূৰ্দ্ধ ২৩ পৰ্যায়ত ভাগ্যশ্ৰী বৰাই ৪০-৪৫ কেজিত ব্ৰঞ্জৰ পদক লাভ কৰে, তুলিকা গগৈয়ে ৫১-৫৪ কেজিত সোণৰ পদক অৰ্জন কৰে, অনুব্ৰতা শইকীয়াই ৬৩-৬৭ কেজিত সোণ, হিমাংশু কলিতাই ৬০-৬৩.৫ কেজিত ব্ৰঞ্জৰ পদক লাভ কৰে। ছিনিয়ৰ এলীট পৰ্যায়ত বিনোদ গগৈয়ে ৬৩-৬৭ কেজিত সোণ, আবুল হুছেইনে ৮১-৮৫ কেজিত সোণৰ পদক লাভ কৰে।
উল্লেখ্য যে সদৌ অসম এমেচাৰ মুৱাই থাই সন্থাৰ উদ্যোগত আৰু কামৰূপ জিলা এমেচাৰ মুৱাই থাই শাখাৰ সহযোগত তিনিদিনীয়াকৈ সোণাপুৰ কলেজৰ ইন’ডৰ ষ্টেদিয়ামত অনুষ্ঠিত প্ৰতিযোগিতা যোৱা ১৫ মে’ত অন্ত পৰে । এই প্ৰতিযোগিতাৰ পৰাই অহা ১৬ জুনৰ পৰা মধ্যপ্ৰদেশত হ’বলগীয়া ৰাষ্ট্ৰীয় মুৱাইথাই প্ৰতিযোগিতাৰ বাবে ৬২ জনীয়া ৰাজ্যিক দলটোক বাছনি কৰা হয় ।