Tuesday, October 4, 2022
HomeNewsঅসম ক্রীড়া সাংবাদিক সন্থাৰ বাৰ্ষিক বঁটা প্ৰদান ২২ ছেপ্টেম্বৰত

অসম ক্রীড়া সাংবাদিক সন্থাৰ বাৰ্ষিক বঁটা প্ৰদান ২২ ছেপ্টেম্বৰত

অসম ক্রীড়া সাংবাদিক সন্থাৰ বাৰ্ষিক বঁটা প্ৰদান ২২ ছেপ্টেম্বৰত

অলিম্পিয়া প্ৰতিবেদন: অসমৰ বৰ্ষশ্রেষ্ঠ খেলুৱৈৰ বাবে অসম ক্রীড়া সাংবাদিক সন্থাই বছৰি প্ৰদান কৰি অহা
বৰ্ষশ্রেষ্ঠ খেলুৱৈৰ বঁটা প্ৰাপকসকলৰ নাম ঘোষণা কৰিছে । বিগত বছৰৰ পৰা এই বছৰৰ ৩১ আগস্টলৈ কৰা প্ৰদৰ্শনৰ ভিত্তিত বৰ্ষটোৰ শ্রেষ্ঠ খেলুৱৈৰ বাবে বাধাগোবিন্দ বৰুৱা বঁটা এইবাৰ কমনৱেলথ গেমছত স্বর্ণ পদক বিজয়ী নয়নমণি শইকীয়ালৈ আগবঢ়োৱা হৈছে ।

একেদৰে নৃপেন্দ্র নাৰায়ণ সিংহ শ্রেষ্ঠ জুনিয়ৰ খেলুৱৈৰ বঁটা সাতোৰবিদ আস্থা চৌধুৰীক আৰু নুৰুল আমিন শ্রেষ্ঠ দলৰ বঁটা অইল ইণ্ডিয়া এফ চিক আগবঢ়োৱা হৈছে । সন্থাই প্রকাশ কৰা অনুসৰি পুলিন দাস জীবন জোৰা সাধনা বঁটা এইবাৰ অভিৰুচিৰ প্ৰতিষ্ঠাপক বলেন্দ্র মোহন চক্রবর্তীক প্রদান কৰা হ’ব । উল্লেখ্য যে জুনিয়ৰ
খেলুৱৈৰ বঁটাৰ সৈতে ২৫ হেজাৰ নগদ ধন আগবঢ়োৱাৰ বিপৰীতে বাকী তিনিটা বঁটা প্ৰাপকক ৫০ হেজাৰকৈ টকা আগবঢ়োৱা হ’ব ।

সন্থাই প্রকাশ কৰা বিবৃতিত অসমৰ ক্ৰীড়া বাতৰিৰ শতবৰ্ষৰ আলম লৈ এই বছৰ উদীয়মান খেলুৱৈৰ বাবে
বিশেষভাৱে প্রদান কৰা ক্রীড়া সাংবাদিকতাৰ শতবৰ্ষ জলপানি লাভ কৰিছে উদীয়মান জিমনাষ্ট উপাসা তালুকদাৰ, দবা খেলুৱৈ ছাহিল দে আৰু টেবুল টেনিছ খেলুৱৈ প্রিয়ানুজ ভট্টাচাৰ্যই । জলপানি হিচাপে খেলুৱৈসকলক নগদ ১০,০০০ টকাকৈ প্ৰদান কৰা হ’ব । একেদৰে সন্থাই এইবছৰ বিভিন্ন খেলত কৰা প্ৰদর্শনৰ ভিত্তিত জুৰীৰ বিশেষ বঁটা দৌৰবিদ অম্লান বৰগোহাঁইক প্রদান কৰিবলৈ সিদ্ধান্ত লৈছে । অসমৰ ক্রীড়া বাতৰিৰ শতবৰ্ষৰ আলম লৈ আয়োজন কৰা এই বঁটা অহা ২২ ছেপ্টেম্বৰত হোটেল লেণ্ডমাৰ্কত দিনৰ ৩ বজাত বিশিষ্ট খেলুৱৈ আৰু অতিথিৰ উপস্থিতিত প্ৰদান কৰা হ’ব ।

এই বঁটা প্রদান অনুষ্ঠান অইল ইণ্ডিয়া লিমিটেড, অ’এনজিচি, ভাৰতীয় ষ্টেট বেংক, নুমলীগড় ৰিফাইনেৰী লিমিটেড, ‘টপচেম চিমেণ্ট লিমিটেড, অসম ক্রিকেট সন্থা, অসম অলিম্পিক সন্থা আৰু কলকাতা থাণ্ডাৰবল্টে স্পনছৰ কৰিছে ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

twenty − fifteen =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments