অসম ক্ৰিকেটৰ ইতিহাসত নৱতম সংযোজন
অলিম্পিয়া প্ৰতিবেদন: অসম ক্ৰিকেট সন্থাই উদীয়মান খেলুৱৈৰ বাবে আবাসিক একাডেমীৰ ব্যৱস্থা কৰিছে ৷ ৰাজ্যখনৰ বিভিন্ন জিলাৰ ১৩ ৰ পৰা ১৫ বছৰ বয়সৰ ৩১ গৰাকী প্ৰতিভাবান ক্ৰিকেটাৰক এই আবাসিক একাডেমীত স্থান দিয়া হৈছে ৷ ৰাজ্যিক ক্ৰিকেট একাডেমীৰ আবাসিক কাৰ্যসূচী অসম ক্ৰিকেটৰ ইতিহাসত এক নতুন সংযোজন ৷
ৰাজ্যখনৰ বিভিন্ন স্থানত এপ্ৰিলত আয়োজিত মুকলি বাছনি প্ৰক্ৰিয়াৰ যোগেদি এই খেলুৱৈসকলক নিৰ্বাচন কৰা হৈছে ৷ এই আবাসিক কাৰ্যসূচীৰ যোগেদি উদীয়মান খেলুৱৈসকলে যাতে সমাগত বছৰবোৰত অসমৰ মূল্যবান সম্পদ হ’ব পাৰে তাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা হ’ব ৷ এইসকল খেলুৱৈৰ প্ৰশিক্ষণৰ লগতে থকা- খোৱা আৰু শিক্ষাৰ ব্যয় তেওঁলোক ১৮ বছৰ বয়স নোহোৱালৈকে ৰাজ্যিক ক্ৰিকেট একাডেমীয়ে বহন কৰিব ৷
অলিম্পিয়া মাহেকীয়া আলোচনী পঢ়িবলৈ ইয়াত ক্লিক কৰক
যোৱা ২১ মে’ত গুৱাহাটীৰ বৰ্ষাপাৰা ষ্টেডিয়ামৰ কনফাৰেন্স হলত নিৰ্বাচিত খেলুৱৈসকলক লৈ এক উদ্বোধনী অনুষ্ঠানৰ আয়োজন কৰা হৈছে ৷ ইয়াত উপস্থিত থাকে অসম ক্ৰিকেট সন্থাৰ সভাপতি ৰমেন দত্ত , সম্পাদক দেৱজিত শইকীয়া, ৰাজ্যিক ক্ৰিকেট একাডেমীৰ অধ্যক্ষ ৰাজিন্দৰ সিং আৰু টেকনিকেল ডাইৰেক্টৰ গণেশ দত্ত চুঘ ৷
অনুষ্ঠানত ভাষণ দি সভাপতি ৰমেন দত্তই কয় যে ৰাজ্যিক ক্ৰিকেট একাডেমীৰ এই আবাসিক কাৰ্যসূচীৰ যোগেদি অসমক প্ৰতিনিধিত্ব কৰিব পৰা দক্ষ খেলুৱৈ ওলাব ৷ পাছত তেওঁ উদীয়মান খেলুৱৈসকলৰ সৈতে মত বিনিময় কৰি তেওঁলোকক শুভেচ্ছা জনায় ৷ সম্পাদক দেৱজিত শইকীয়াই উদীয়মান ক্ৰিকেটাৰসকলৰ প্ৰতিভা বিকাশৰ বাবে সম্ভৱপৰ সকলোধৰণৰ প্ৰচেষ্টা অসম ক্ৰিকেট সন্থাই গ্ৰহণ কৰিব বুলি কয় ৷ লগতে তেওঁ ৩১ গৰাকী যুৱ খেলুৱৈক এই কাৰ্যসূচীৰ সকলো সুবিধা আদায় কৰিবলৈ উৎসাহিত কৰে ৷ আবাসিক একাডেমীত স্থান লাভ কৰা খেলুৱৈসকলৰ নাম ,স্থান আৰু অধ্যয়ন কৰা শ্ৰেণী হ’ল ক্ৰমে —
১) প্ৰজ্ঞান প্ৰতিম দাস , বৰপেটা নৱম
২) অভিজিত বৰ্মন , বঙাইগাঁও , নৱম
৩) প্ৰবালদ্বীপ কলিতা, দৰং , অষ্টম
৪) প্ৰজ্ঞান হাজৰিকা , দৰং , দশম
৫) দ্যুতিময় নাথ , ডিব্ৰুগড় , দশম
৬) মোহিত ঠাকুৰ , ডিব্ৰুগড় , দশম
৭) পল্লব জ্যোতি চেতিয়া , ডিব্ৰুগড়, দশম
৮) দীব্যাংশ আগৰৱাল , ধুবৰী, নৱম
৯) ৰিক চৰকাৰ , কোকৰাঝাৰ , নৱম
১০) প্ৰশান্ত কলিতা, গোলাঘাট নৱম
১১) নন্দন পাটৰ , গোলাঘাট নৱম
১২) হীৰক জ্যোতি চলিহা , যোৰহাট দশম ১৩) মহম্মদ আবাদউদ্দীন , কৰিমগঞ্জ নৱম
১৪) অৰ্পিত দেৱ, লখিমপুৰ নৱম
১৫) অভিনৱ চৌধুৰী, লখিমপুৰ অষ্টম,
১৬ দীপুমনি বৰদলৈ, মৰিগাঁও নৱম,
১৭ যশোৱন্ত ডেকা, মৰিগাওঁ, দশম,
১৮) মাধুৰ্য গগৈ, শিৱসাগৰ, দশম,
১৯ জুলিয়েন কোঁৱৰ, শিৱসাগৰ, নৱম,
২০ প্ৰণব গগৈ, শিৱসাগৰ, নৱম,
২১ বিনিত দে, শোণিতপুৰ, দশম,
২২) পৃথিৱী ৰাজ কাশ্যপ, শোণিতপুৰ, অষ্টম,
২৩ সিধান্থ বাজাজ, তিনিচুকীয়া, দশম,
২৪) শ্ৰেয়াংস আগৰৱাল, তিনিচুকীয়া, দশম,
২৫) তুষাৰ ৰুদ্ৰ বৰা, তেজপুৰ, নৱম,
২৬) বিপ্লৱ সিনহা, শিলচৰ, নৱম,
২৭) লক্ষ্যজিৎ শইকীয়া, লখিমপুৰ, নৱম,
২৮) ৰূপজ্যেতি দাস, গোৱালপাৰা, নৱম,
২৯) প্ৰাঞ্জল পাল, চৰাইদেউ, নৱম,
৩০) খুশ সিংভি, গুৱাহাটী, নৱম আৰু
৩১) ৰথিজিৎ কৰ্মকাৰ, গুৱাহাটী, নৱম ৷
এই বাতৰি প্ৰেৰণ কৰিছে অসম ক্ৰিকেট সন্থাৰ ভাৰপ্ৰাপ্ত মুখ্য কাৰ্যবাহী বিষয়া প্ৰীতম মহন্তই ৷