Wednesday, July 6, 2022
HomeNewsঅসম ক্ৰিকেট সন্থাৰ কৃষি বিশ্ববিদ্যালয়ৰ লগত বুজাবুজিৰ চুক্তি : ৰাজ্যৰ ভিন্ন প্ৰান্তত...

অসম ক্ৰিকেট সন্থাৰ কৃষি বিশ্ববিদ্যালয়ৰ লগত বুজাবুজিৰ চুক্তি : ৰাজ্যৰ ভিন্ন প্ৰান্তত অসম ক্ৰিকেট সন্থাই আন্তঃগাঁথনি উন্নয়নৰ বাবে লৈছে বিশেষ পদক্ষেপ

অসম ক্ৰিকেট সন্থাই ৰাজ্যৰ ভিন্ন প্ৰান্তত ক্ৰিকেটৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে লৈছে বহু কেইটা গুৰুত্বপূৰ্ণ পদক্ষেপ। ইতিমধ্যে বহু কেইখন জিলাত খেলপথাৰ উন্নয়নৰ লগতে সামগ্ৰিকভাৱে ক্ৰিকেটৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে বহু কেইখন বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰিছে। ৰাজ্যৰ অগ্ৰণী উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান তেজপুৰ বিশ্ববিদ্যালয়ৰ লগত শেহতীয়াকৈ এক বুজাবুজিৰ চুক্তি স্বাক্ষৰ কৰাৰ পিছত এইবাৰ যোৰহাট কৃষি বিশ্ববিদ্যালয়ৰ লগত সম্পন্ন কৰিলে এক বুজাবুজিৰ চুক্তি।

কালি অসম ক্ৰিকেট সন্থাই যোৰহাট কৃষি বিশ্ববিদ্যালয়ৰ চৌহদৰ ক্ৰিকেটৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে বিশ্ববিদ্যালয়খনৰ কৰ্তৃপক্ষৰ লগত এক চুক্তিত স্বাক্ষৰ কৰিছে। চুক্তি অনুসৰি অসম ক্ৰিকেট সন্থাই বিশ্ববিদ্যালয়ৰ চৌহদত থকা খেলপথাৰ ক্ৰিকেট খেলৰ বাবে উপযোগীকৈ গঢ়ি তুলিব। খেল পথাৰত নিৰ্মাণ কৰিব তিনিখন পীটছ। ইয়াৰ উপৰিও বিশ্ববিদ্যালয়খনৰ খেল পথাৰত ক্ৰিকেটৰ অন্যান্য আন্তঃগাঁথনিও উন্নতিৰ বাবে কাম কৰিব। যাতে আগন্তুক সময়ছোৱাত ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ড আৰু অসম ক্ৰিকেট সন্থাৰ দ্বাৰা অনুমোদিত ক্ৰিকেট প্ৰতিযোগিতাৰ লগতে অনুশীলন আৰু প্ৰশিক্ষণ শিবিৰ খেলপথাৰখনত অনুষ্ঠিত কৰিব পাৰে।

পাঁচ বছৰৰ বাবে সম্পাদনা হোৱা এই চুক্তিত স্বাক্ষৰ কৰিছে অসম ক্ৰিকেট সন্থাৰ সভাপতি ৰমেন দত্ত আৰু যোৰহাট কৃষি বিশ্ববিদ্যালয়ৰ উপাচাৰ্য বিদ্যুৎ চন্দন ডেকাই। ইয়াৰ উপৰিও অসম ক্ৰিকেট সন্থাৰ ফালৰ পৰা উপস্থিত থাকে অসম ক্ৰিকেট সন্থাৰ সম্পাদক দেৱজিৎ শ‌ইকীয়া, উপ সভাপতি পৰিক্ষীত দত্ত, সুজিত কাকতি, কৃষি মহাবিদ্যালয়ৰ জয়ন্ত ডেকা, পঞ্জীয়ক অৰ্পণ কুমাৰ শ‌ইকীয়া আৰু ৰাণা প্ৰতাপ ভূঞা।

উল্লেখ্য যে আই পি এলৰ ফাইনেল মেচখনৰ শেষত ডুবাইত ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডৰ সভাপতি সৌৰভ গাংগুলী, সচিব জয় শ্বাহৰ লগতে অন্যান্য বিষয়ববীয়া সকলৰ লগত এক আলোচনাত মিলিত হৈ অসম ক্ৰিকেট সন্থাৰ সম্পাদক দেৱজিৎ শ‌ইকীয়াই অসম ক্ৰিকেট সন্থাই শেহতীয়াকৈ ক্ৰিকেটৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে লোৱা বিভিন্ন পদক্ষেপৰ কথা অৱগত কৰিছিল। অসম ক্ৰিকেট সন্থাই হাতত লোৱা আন্তঃগাঁথনি উন্নয়নৰ এই পদক্ষেপত সন্তুষ্টি প্ৰকাশ কৰিছিল গাংগুলী সহিতে বিষয়ববীয়া সকলে।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

13 − 10 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Archives list

Recent Comments