Wednesday, July 6, 2022
HomeInterviewঅসম টেনিছ সন্থাৰ সম্পাদক অংকুশ দত্তৰ সৈতে এখন্তেক

অসম টেনিছ সন্থাৰ সম্পাদক অংকুশ দত্তৰ সৈতে এখন্তেক

সাক্ষাৎ গ্ৰহণ ঃ পূৰ্ণানন্দ নেওগ

  অলিম্পিয়াই ধাৰাবাহিকভাৱে অসমৰ বিভিন্ন ক্ৰীড়া সন্থাসমূহৰ বৰ্তমানৰ কাম-কাজ সম্পৰ্কে পঢ়ুৱৈসকলক অৱগত কৰাই আহিছে। তাৰ অংশস্বৰূপে এইবেলি আমাৰ প্ৰতিবেদক কাষ চাপিছিল অসম টেনিছ সন্থাৰ সম্পাদক শ্ৰীযুত অংকুশ দত্তৰ। নিজেও এসময়ত টেনিছ খেলাৰ উপৰি টেনিছৰ প্ৰশিক্ষকৰ ৰূপতো দায়িত্ব পালন কৰা শ্ৰীযুত দত্ত সন্থাটোৰ সৈতে ১৯৯২ চনৰ পৰাই জড়িত। সন্থাই পাৰ কৰি অহা দীৰ্ঘ এক পৰিক্ৰমাৰ তেওঁ সাক্ষী। অসম টেনিছ সন্থাৰ ইতিহাস বৰ্তমান তথা ভৱিষ্যতৰ কাৰ্যপন্থা সম্পৰ্কে বহু কথাই আমাৰ প্ৰতিবেদকক জানিবলৈ দিলে দত্ত ডাঙৰীয়াই। তাৰেই সম্পাদিত ৰূপ আগবঢ়ালো আপোনালোকৰ বাবে—

প্ৰশ্ন ঃ আপুনি অসম টেনিছ সন্থাৰ লগত কেতিয়াৰ পৰা জড়িত হৈ আছে· কেনেকৈ জড়িত হ’ল·

উত্তৰ ঃ মই ব্যক্তিগতভাৱে অসম টেনিছ সন্থাৰ লগত ১৯৯২ চনৰ পৰা জড়িত। তাৰ¸ আগতে মই নিজে টেনিছ খেলিছিলো। টেনিছ খেলিবলৈ ডিব্ৰুগড় ক্লাবত আৰম্ভ কৰিছিলো। টেনিছৰ বুনিয়াদী শিক্ষা তাতেই আৰম্ভ কৰিছিলো। মাজে মাজে দুলীয়াজানৰ জাৰণি ক্লাবত অনুষ্ঠিত প্ৰশিক্ষণ শিবিৰসমূহতো অংশ লৈছিলো। সেই সময়ত অনুষ্ঠিত ৰাজ্যিক পৰ্যায়ৰ বিভিন্ন প্ৰতিযোগিতাসমূহত অংশ লৈছিলো। সেইখিনি সময়ত অসমত নেচনেল ৰেংকিং টুৰ্নামেণ্ট আজিৰ দৰে বৰকৈ অনুষ্ঠিত নহৈছিল। তথাপি যিকেইখন অনুষ্ঠিত হৈছিল তাত মই অংশগ্ৰহণ কৰিছিলো। এনেদৰে কিছুবছৰ খেলাৰ পিছত মই মোৰ মনোনিৱেশ খেলৰ পৰা প্ৰশিক্ষক হোৱালৈ পৰিৱৰ্তন কৰিলো।

pic:Ankush Dutta

প্ৰশ্ন ঃ টেনিছৰ প্ৰশিক্ষণৰ ক্ষেত্ৰখনত আপুনি কেনেদৰে জড়িত হ’ল·

উত্তৰ ঃ ১৯৮৯ চনত মই টেনিছৰ প্ৰশিক্ষণৰ দিশত মনোনিৱেশ কৰাৰ কথা ভাবিলো। বেংককত ইণ্টাৰনেচনেল টেনিছ ফেডাৰেচনৰ কোচিং স্কীমৰ অধীনত কৰ্মশালাত অংশ ল’লো। তাৰ পৰাই ইণ্টাৰনেচনেল টেনিছ ফেডাৰেচনৰ এ লেভেল প্ৰশিক্ষক হিচাপে স্বীকৃতি পাওঁ। তাৰপিছত গুৱাহাটীলৈ ঘূৰি আহো। সেই সময়ত গুৱাহাটীৰ দিছপুৰ ছুপাৰ মাৰ্কেটৰ সমীপত যিকেইখন টেনিছ ক’ৰ্ট আছিল তাত আই এছ এছ বিষয়াসকলে টেনিছ খেলিছিল। আই এছ এছ কলনীটো সেই সময়ত ছুপাৰ মাৰ্কেটৰ পৰা খানাপাৰালৈ স্থানান্তৰিত হোৱাত সেই টেনিছ ক’ৰ্টখনক সম্বল কৰি আমি শ্ৰদ্ধাৰ প্ৰসন্ন কুমাৰ শৰ্মা, পি জি আগৰৱাল, ৰঞ্জিত চলিহা আদিৰ সৈতে লগ হৈ সেই ঠাইতে ‘নৰ্থ ইষ্ট টেনিছ ফাউণ্ডেচন’ বুলি এটা ট্ৰাষ্টৰ জন্ম দিলো। আৰু ইয়াতেই প্ৰশিক্ষণৰো সুবিধা কৰি দিয়া হ’ল নতুন নতুন খেলুৱৈৰ সৃষ্টিৰ বাবে। মই যিহেতু প্ৰশিক্ষকৰ শিক্ষাৰে শিক্ষিত আছিলো সেয়ে এই ট্ৰাষ্টৰ জৰিয়তে উদীয়মান খেলুৱৈসকলক প্ৰশিক্ষণ প্ৰদান কৰা আৰম্ভ কৰিলো ১৯৯১ চনৰ এপ্ৰিল মাহৰ পৰা।

প্ৰশ্ন ঃ অসম টেনিছ সন্থাৰ ইতিহাস সম্পৰ্কে কিছু কথা জনাব নেকি·

উত্তৰ ঃ সদৌ অসম টেনিছ সন্থা ১৯৫৬ চনত গঠিত হৈছিল। তেতিয়াৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য স্বৰ্গীয় হিৰণ্য ভূঞা সন্থাৰ প্ৰথমগৰাকী সভাপতি। ডিব্ৰুগড়ৰ বিশিষ্ট ক্ৰীড়া সংগঠক স্বৰ্গীয় চন্দ্ৰ কুমাৰ ভূঞা, হিৰণ্য ভূঞা, পাৰ্বতি গোস্বামী আদিৰ প্ৰচেষ্টাত সন্থাটো গঠিত হৈছিল। তাৰ পিছৰে পৰা সন্থাটোৰ অধীনত নিয়মিতভাৱে বিভিন্ন প্ৰতিযোগিতাসমূহ অনুষ্ঠিত হৈ আহিছে। বৰ্তমান সময়ত প্ৰতিবছৰে এখনকৈ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিযোগিতা অনুষ্ঠিত কৰি অহাৰ চেষ্টা কৰি অহা হৈছে।

প্ৰশ্ন ঃ সাম্প্ৰতিক সময়ত অসমৰ টেনিছ কেনে পৰ্যায়ত আছে·

উত্তৰ ঃ ১৯৮৬ চনৰ পৰাই এক দীৰ্ঘ পৰিক্ৰমাৰ মাজেৰে আহি অসম টেনিছ সন্থাই আজিৰ অৱস্থা পাইছেহি। পূৰ্বতে অসম টেনিছ সন্থাৰ কোনো নিজাববীয়া চৌহদ নাছিল। ২০০৭ চনত অসমত অনুষ্ঠিত হোৱা ৰাষ্ট্ৰীয় খেলৰ সুবাদতে আমি নিজাববীয়া এটা চৌহদ পালো, য’ত এতিয়া টেনিছৰ বাবে প্ৰয়োজনীয় অত্যাধুনিক সকলোধৰণৰ সা-সুবিধা উপলব্ধ। বৰ্তমান ইয়াত তিনিশমান ল’ৰা-ছোৱালী প্ৰশিক্ষণৰত। আমাৰ ইয়াৰ পৰা বিভিন্ন সময়ত বিভিন্নজন খেলুৱৈ ওলাই গৈছে। ২০০৭-০৮ চনৰ পৰা যেতিয়া ইয়াত প্ৰশিক্ষণৰ ব্যৱস্থা কৰা হয় তেতিয়াৰ পৰাই বহুজনে এই সুবিধা গ্ৰহণ কৰি সফল টেনিছ খেলুৱৈৰূপে নিজকে গঢ় দিব পাৰিছে। জিজ্ঞাসমান হাজৰিকাই অনূৰ্ধ্ব ১৪ৰ ভাৰতীয় ৰেংকিঙত শীৰ্ষৰফালে স্থান লাভ কৰিবলৈ সক্ষম হৈছিল। তদুপৰি নৰ্থ ইষ্ট টেনিছ ফাউণ্ডেচনৰ পৰাও ঋধিমান দত্ত, অংশুমান দত্তইতো আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত ভাৰতক প্ৰতিনিধিত্ব কৰিছিল। তদুপৰি উৎপল কোঁৱৰ, সঞ্জীৱ মোহন আদিৰ দৰে খেলুৱৈৰ সৃষ্টি হৈছিল। বৰ্তমান কৃষ্টি বড়োৱে যথেষ্ট সম্ভাৱনা দেখুৱাইছে। তাই অনূৰ্ধ্ব ১৪ৰ সৰ্বভাৰতীয় ৰেংকিঙত শীৰ্ষ পাঁচৰ ভিতৰত স্থান লাভ কৰিছে। প্ৰিয়ানা কলিতাৰ নামত আন এগৰাকী প্ৰতিভাৱান টেনিছ খেলুৱৈ অসমে লাভ কৰিছে। প্ৰিয়ানা এতিয়া অহাইঅ’ ইউনিভাৰ্ছিটীত অধ্যয়নৰত আৰু বিভিন্ন আন্তঃৰাষ্ট্ৰীয় টেনিছত অংশ লৈ সুনাম অৰ্জন কৰিছে। ঠিক সেইদৰে অসম টেনিছ স্বীকৃতিপ্ৰাপ্ত অসমৰ বিভিন্ন টেনিছ ক্লাবসমূহৰ পৰা বছৰি যথেষ্ট প্ৰতিভাৱান খেলুৱৈ ওলাই আহিছে। যোৰহাট টেনিছ ক্লাব, গোলাঘাট টেনিছ ক্লাব, জাৰণি ক্লাব, নুমলীগড় ক্লাব আদিৰ পৰা বহু প্ৰতিভাৱান খেলুৱৈৰ সৃষ্টি হৈছে। সেয়ে ক’ব লাগিব যে অসমৰ টেনিছৰ সাম্প্ৰতিক ছবিখন যথেষ্ট আশাব্যঞ্জক।

প্ৰশ্ন ঃ অসমত টেনিছৰ সম্ভাৱনা তথা ভৱিষ্যৎ সম্পৰ্কে কি ক’ব বিচাৰিব·

উত্তৰ ঃ ইতিমধ্যে মই কৈছোৱেই আমাৰ দ্বাৰা স্বীকৃতিপ্ৰাপ্ত অসমৰ বিভিন্ন টেনিছ ক্লাবৰ পৰা কিদৰে বছৰি প্ৰতিভাৱান টেনিছ খেলুৱৈ ওলাই আহিছে। সাফল্যৰ এই ধাৰাক আগবঢ়াই নিয়াটোৱেই বৰ্তমান আমাৰ লক্ষ্য। অসমৰ উঠি অহা টেনিছ খেলুৱৈসকলক আন্তঃৰাষ্ট্ৰীয় মানৰ প্ৰশিক্ষণ দিয়াৰ বাবে আমি প্ৰখ্যাত আন্তঃৰাষ্ট্ৰীয় খেলুৱৈ পল ডেলক চুক্তিবদ্ধ কৰাইছো। তেওঁ লিয়েণ্ডাৰ পেজ, আচিদ স্মাইল আদিৰ দৰে খেলুৱৈসকলক প্ৰশিক্ষণ প্ৰদান কৰিছিল। তেওঁ বৰ্তমান বেংককত প্ৰশিক্ষণ প্ৰদান কৰে। তেওঁৰ দৰে প্ৰখ্যাত প্ৰশিক্ষকজনক আমি চুক্তিবদ্ধ কৰাইছো। তেওঁ প্ৰতি তিনি মাহৰ অন্তৰালত আমাৰ ইয়ালৈ আহে আৰু শিক্ষাৰ্থীসকলক প্ৰশিক্ষণ প্ৰদান কৰে। তেওঁ অহাৰ কাৰণে আমাৰ ল’ৰা-ছোৱালীখিনিৰ লগতে প্ৰশিক্ষকসকলৰো সুবিধা হৈছে। টেনিছৰ নতুন নতুন কৌশলসমূহৰ বিষয়ে তেওঁলোক অৱগত হ’ব পাৰিছে। পল ডেলৰ প্ৰশিক্ষণে ল’ৰা-ছেৱালীবোৰৰ ক্ৰীড়া শৈলী উন্নত হোৱাত সহায় কৰিছে। তেওঁৰ বাবেই বাহিৰৰ ল’ৰা-ছেৱালীয়েও ইয়াত আহি প্ৰশিক্ষণ গ্ৰহণ কৰাৰ বাবে আগ্ৰহ প্ৰকাশ কৰিছে। অৱশ্যে আমি আমাৰ ল’ৰা-ছোৱালীসকলক বঞ্চিত কৰি বাহিৰৰ ল’ৰা-ছেৱালীক প্ৰশিক্ষণ গ্ৰহণৰ অনুমতি দিয়া নাই। আমাৰ ইয়াতে এনেকুৱাও সুবিধা আছে যে যদি কোনোবা ল’ৰা-ছেৱালীয়ে বাহিৰৰ প্ৰশিক্ষণ শিবিৰত অংশগ্ৰহণৰ বাবে আগ্ৰহ প্ৰকাশ কৰে, তেন্তে তাৰ বাবেও আমি সকলো প্ৰকাৰৰ সহযোগিতা আগবঢ়াওঁ।

অসমৰ টেনিছৰ ভৱিষ্যত যথেষ্ট উজ্জ্বল। বৰ্তমান উদিত গগৈয়ে অনূৰ্ধ্ব ১৪ত যথেষ্ট ভাল খেলি আছে। অনূৰ্ধ্ব ১৪ত তেওঁৰ সৰ্বভাৰতীয় ৰেংকিং এক। ঠিক সেইদৰে টানিছা কাশ্যপৰ কথা ক’ব লাগিব। টানিছা যোৱা বছৰটোত ১৬ বছৰ অনূৰ্ধ্ব শাখাত এক নং ৰেংকিঙত আছিল। এতিয়া ১৮ বছৰ অনূৰ্ধ্বত তেওঁ বৰ্তমান আমেৰিকাত নিক পলে¿ট্ৰ বুলি যিগৰাকী প্ৰখ্যাত প্ৰশিক্ষক আছে, তেওঁৰ অধীনত প্ৰশিক্ষণ গ্ৰহণ কৰি আছে। বৰ্তমান তেওঁ যথেষ্ট ভাল খেলি আছে আৰু আশা কৰিব পাৰি অহা দিনবোৰত তেওঁ বিশ্বৰ ৰেংকিঙত বহুখিনি ওপৰত স্থান ল’ব পাৰিব। ঠিক সেইদৰে টেনিছ খেলুৱৈ কৃষ্টি বড়ো, প্ৰিয়ানা কলিতা, জিজ্ঞাসমান হাজৰিকা আদিৰ কথা ইতিমধ্যে উল্লেখ কৰিছোৱেই।

প্ৰশ্ন ঃ অসম টেনিছ সন্থাৰ অধীনৰ ষ্টেডিয়ামখনত কি কি সুবিধা উপলব্ধ·

উত্তৰ ঃ ইয়াত ছখন টেনিছ ক’ৰ্ট আছে। আজি প্ৰশিক্ষক নিযুক্তি দিয়া হৈছে। তদুপৰি অভিজ্ঞ Physical Trainner এজনকো নিয়োগ কৰা হৈছে। তেওঁ প্ৰশিক্ষাৰ্থীসকলৰ শাৰীৰিক দিশটো চোৱা-চিতা কৰে। ভৱিষ্যতে আমি এটা ছুইমিং পুলৰ ব্যৱস্থা কৰিবৰ বাবে চিন্তা-চৰ্চা কৰি আছো।

—শেষত আপোনাক ধন্যবাদ জনালো।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

three × two =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Archives list

Recent Comments