Monday, October 3, 2022
HomeNewsঅসম ফুটবল সন্থাৰ ফুটবল ৰেফাৰীৰ শাৰিৰীক সক্ষমতাৰ পৰীক্ষা

অসম ফুটবল সন্থাৰ ফুটবল ৰেফাৰীৰ শাৰিৰীক সক্ষমতাৰ পৰীক্ষা

অসম ফুটবল সন্থাৰ ফুটবল ৰেফাৰীৰ শাৰিৰীক সক্ষমতাৰ পৰীক্ষা

অলিম্পিয়া প্ৰতিবেদন: অসম ফুটবল সন্থাৰ এইছ. অ. আৰ দীপক কুমাৰ দেই জনোৱা মতে অসম ফুটবল সন্থাৰ স্বীকৃতিপ্রাপ্ত ফুটবল ৰেফাৰীৰ বছৰেকীয়া শাৰিৰীক সক্ষমতাৰ পৰীক্ষা ১৩ মেৰ পৰা ১৬ মে ২০২২ গুৱাহাটীৰ পল্টনবজাৰৰ ছাই খেল পথাৰত পুৱা ছয় বজাৰ পৰা অনুস্থিত হ’ব । পূৰ্বতে এই পৰীক্ষা ২৯, ৩০ এপ্রিলত অনুষ্ঠিত হোৱাৰ কথা আছিল । আনহাতে পৰীক্ষাৰ্থীসকলৰ প্ৰ-পত্ৰ জমা দিয়াৰ শেষ দিন ২৫ এপ্ৰিল ধাৰ্য কৰা হৈছে ।

আৰু অধিক পঢ়ক

এইছ অ আৰ দীপক কুমাৰ দেই লগতে জনাইছে যে মহিলা ৰেফাৰীসকলৰ শাৰিৰীক সক্ষমতাৰ পৰীক্ষা ১৬ মে’ৰ দিনা পুৱা হয় বজাৰ পৰা ছাই খেল পথাৰত অনুস্থিত হ’ব । পৰীক্ষাৰ্থীসকলে পৰীক্ষালৈ আহোতে তেওঁলোকৰ শাৰিৰীক সুস্থতাৰ প্ৰমাণপত্ৰ স্বীকৃতিপ্রাপ্ত চিকিৎসকৰ পৰা, শিক্ষাগত অৰ্হতাৰ প্ৰমাণপত্ৰ লগতে মাচুল জমা দিব লাগিব । তেওঁলোকৰ বয়স ৩৫ বছৰ উৰ্ধৰ আৰু ৫০ বছৰৰ ভিতৰত আছে আৰু ৰেফাৰী হিচাপে সক্রিয় সেইসকল ৰেফাৰীয়েও উক্ত বছৰেকীয়া শাৰিৰীক সক্ষমতাৰ পৰীক্ষাত অৱতীৰ্ণ হ’ব পাৰিব ।

অলিম্পিয়া মাহেকীয়া আলোচনী পঢ়িবলৈ ইয়াত ক্লিক কৰক

ফিফা ৰেফাৰীৰ লগতে ৰাষ্ট্ৰীয় ৰেফাৰীসকলেও পৰীক্ষাত অৱতীৰ্ণ হোৱাটো বাধ্যতামূলক আৰু তেওঁলোক অৱতীৰ্ণ নহ’লে অসম ফুটবল সন্থাৰ অধীনস্থ যি কোনো খেল বা প্ৰতিযোগিতা পৰিচালনাৰ বাবে বিবেচিত নহ’ব বুলি এক বিবৃতিযোগে প্ৰকাশ কৰা হৈছে ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

14 − 7 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments