Friday, September 30, 2022
HomeNewsঅসম ভলীবল মিছনে ভৰি থলে তৃতীয় বছৰত

অসম ভলীবল মিছনে ভৰি থলে তৃতীয় বছৰত

অসম ভলীবল মিছনে ভৰি থলে তৃতীয় বছৰত

অলিম্পিয়া প্ৰতিবেদন: অসম ভলীবল মিছনে ভৰি থলে তৃতীয় বছৰত । আজিৰ পৰা ঠিক তিনি বছৰৰ পূৰ্বে অভিজিৎ ভট্টাচাৰ্যৰ নেতৃত্বত গজালি মেলিছিল এক মিছনৰ । গুৱাহাটী ভলীবল ক’চিং চেন্টাৰত বৰ্ষপুতি অনুষ্ঠান ।

১ ছেপ্টেম্বৰৰ দিনটোতেই প্ৰাক্তন ভাৰতীয় ভলীবল দলৰ অধিনায়ক অভিজিৎ ভট্টাচাৰ্যৰ তত্বাৱধানত অসমৰ গাঁৱে-ভূঞে গঢ়ি উঠিছিল অসম ভলীবল মিছন ১০০ । শূন্যৰ পৰা আৰম্ভ কৰা এই মিছনে বৰ্তমান বিশালতা স্পৰ্শ কৰিছে । বৰ্তমান ৰাজ্যৰ ১৫০ খন গাঁও, ২৮ খন জিলা স্পৰ্শ কৰিছে এই উদ্যোগী মিছনে ।

গাঁও অঞ্চলৰ আধাৰত আৰম্ভ কৰা এই মিছনত সংপৃক্ত হৈ আছে ৰাজ্যখনৰ প্ৰায় ৮০০০ পৰা ১০,০০০ ভলীবলাৰ । গ্ৰামাঞ্চলত খেলৰ এক সুন্দৰ পৰিবেশ সৃষ্টি কৰি সকলো খেলুৱৈয়ে যাতে ক্ৰীড়াঙ্গনলৈ ওলাই আহে, এয়া ভলীবল মিছন ১০০ ৰ লক্ষ্য । বৃহস্পতিবাৰে গুৱাহাটী ভলীবল কোচিং চেণ্টাৰত আয়োজন কৰা হয় এই মিছনৰ বৰ্ষপুৰ্তি । য’ত খেলুৱৈ তথা ক্ৰীড়া সংগঠক সকলক সম্বৰ্ধনা জনালে অসম ভলীবল মিছন ১০০ ৰ তৰফৰ পৰা । এই সম্পৰ্কে জনালে প্ৰাক্তন ভাৰতীয় ভলীবল দলৰ অধিনায়ক অভিজিৎ ভট্টাচাৰ্যই —

বৰ্তমান অসমৰ সু-সন্তান তেজপুৰৰ মৃত্যুঞ্জয় মহন্তই ভলীবল ক্ষেত্ৰত সুনাম কঢ়িয়াই আনিছে । দুবাৰকৈ ৰাষ্ট্ৰীয় শিবিৰত যোগদান কৰিছে তেওঁ । অনাগত ৩ -৪ বছৰৰ ভিতৰত ভাৰতীয় দলত অসমৰ ল’ৰা ছোৱালীয়ে গিজ গিজাই থাকিব বুলি আশাবাদী অভিজিৎ ভট্টাচাৰ্য —

ইফালে এই বৰ্ষপূতি অনুষ্ঠানত উপস্থিত থাকিল উদীয়মান ভলীবলাৰ মৃত্যুঞ্জয় মহন্ত । তেওঁ কেনেকৈ ছুইমিঙৰ পৰা ভলীবললৈ আহিল ক’লে মৃত্যুঞ্জয়ে –ঠায়ে ঠায়ে ৰাইজৰ সহযোগিতা লাভ কৰিছে অসম ভলীবল মিছন ১০০ য়ে । জিলা ক্ৰীড়া বিষয়াইও প্ৰয়োজনত বল, নেট আদি যোগান ধৰি আহিছে ।

উল্লেখযোগ্য যে, বৰ্তমান সময়ত ভলীবল মিছনৰ সৈতে প্ৰায় ১৪৮ টা চেন্টাৰ আছে । অনাগত দিনত অসমৰ প্ৰতিখন জিলাত যাতে ৫০ টাকৈ চেন্টাৰ হয় সেই উদ্দেশ্যে আগত ৰাখি আগবাঢ়িব অসম ভলীবল মিছন ১০০ ।।ক্ৰীড়া অনুৰাগীৰ আশা —- অসম ভলীবল মিছন ১০০ য়ে সঁচা অৰ্থত সফলতাৰ শিখৰ স্পৰ্শ কৰক । তৃৰ্ণমূল পৰ্যায়ৰ পৰা খেলুৱৈক সুবিধা প্ৰদান কৰি ভলীবল ক্ষেত্ৰলৈ আগুৱাই নিয়ক । এই মিছনৰ আছলত ধৰি জন্ম হওক দ্বিতীয় গৰাকী অভিজিৎ ভট্টাচাৰ্যৰ ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

nineteen − 16 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments