Wednesday, August 10, 2022
HomeNewsঅসম যুৱ অলিম্পিকৰ প্ৰস্তুতি তুংগত ঃ সমাবেশ ঘটিব ৰাজ্যৰ মুঠ ৩৫ খন...

অসম যুৱ অলিম্পিকৰ প্ৰস্তুতি তুংগত ঃ সমাবেশ ঘটিব ৰাজ্যৰ মুঠ ৩৫ খন জিলাৰ ৪,৫০০ খেলুৱৈ

অসম যুৱ অলিম্পিকৰ প্ৰস্তুতি তুংগত ঃ সমাবেশ ঘটিব ৰাজ্যৰ মুঠ ৩৫ খন জিলাৰ ৪,৫০০ খেলুৱৈ

অলিম্পিয়া প্ৰতিবেদন: অহা ২৩ জুলাইৰ পৰা ২৭ জুলাইলৈ পাঁচদিনীয়াকৈ গুৱাহাটীত অনুষ্ঠিত হ’ব অসম যুৱ অলিম্পিক ৷ অসম অলিম্পিক সন্থাই ৰাজ্যখনৰ ক্ৰীড়া ইতিহাসত প্ৰথমবাৰলৈ এনে এক প্ৰতিভাসন্ধানী ক্ৰীড়া প্ৰতিযোগিতা আয়োজন কৰিছে ৷ ৰাষ্ট্ৰীয় ক্ৰীড়াৰ আৰ্হিৰে আয়োজন কৰা এই বিশাল ক্ৰীড়া সমাৰোহত ৰাজ্যৰ ৩৫ খন জিলাৰ প্ৰায় ৪,৫০০ উদীয়মান খেলুৱৈৰ সমাবেশ ঘটিব ৷

আৰু অধিক পঢ়ক

অসম অলিম্পিক সন্থা আৰু অসম চৰকাৰৰ যুটিয়া প্ৰচেষ্টাত হ’ব লগা এই যুৱ অলিম্পিক গুৱাহাটীৰ ১৭ টা স্থানত অনুষ্ঠিত হ’ব ৷ এই স্থানবোৰৰ ভিতৰত আছে– সৰুসজাইৰ ইন্দিৰা গান্ধী এথলেটিকছ ষ্টেডিয়াম, ড॰ জাকিৰ হুছেইন জলক্ৰীড়া প্ৰকল্প, সৰুসজাইৰ লন বল গ্ৰীণ, সৰুসজাই ক্ৰীড়া প্ৰকল্প, পল্টনবজাৰ ছাই প্ৰশিক্ষণ কেন্দ্ৰ, নেহৰু ষ্টেডিয়াম, ভোগেশ্বৰী ফুকননী ইনড’ৰ ষ্টেডিয়াম, টেপেচিয়াৰ এল এন আই পি ই, টেপেচিয়াৰ ডনবস্কো বিশ্ববিদ্যালয়, চচল টেনিছ প্ৰকল্প, মৌলনা তৈয়বুল্লা হকী ষ্টেডিয়াম, দীঘলীপুখুৰী, কনকলতা ইনড’ৰ ষ্টেডিয়াম, দেশভক্ত তৰুণৰাম ফুকন ইনড’ৰ ষ্টেডিয়াম, আৰ জি বৰুৱা ক্ৰীড়া প্ৰকল্পৰ স্কোৱাছ কৰ্ট, মালিগাঁৱৰ এন এফ ৰেলৱে ষ্টেডিয়াম, কাহিলীপাৰাৰ চতুৰ্থ অসম আৰক্ষী বেটেলিয়ন শ্বুটিং ৰেঞ্জ আদি ৷

মুঠ ৩৩ টা ইভেণ্টৰ এই প্ৰতিযোগিতাত খেলুৱৈসকলক ৰখাৰ বাবে দেশভক্ত তৰুণৰাম ফুকন ইনড’ৰ ষ্টেডিয়াম, মালিগাঁও ৰেলৱে ষ্টেডিয়াম, সৰুসজাই ক্ৰীড়া প্ৰকল্প, হকী ষ্টেডিয়াম আৰু ডনবস্কোত ব্যৱস্থা কৰা হৈছে ।

এই যুৱ অলিম্পিকত থকা ৩৩ টা ক্ৰীড়া ইভেণ্ট হ’ল– বেডমিণ্টন, টেবুল টেনিছ, স্কোৱাছ, কাবাডী, টাং চু-ডো, যোগাসন, বক্সিং, ফেন্সিং, জুডো, আৰ্চাৰী, উশ্বু, ভলীবল, বাস্কেটবল, এথলেটিকছ, ছুইমিং, লনবল, ৰাগবী-৭, নেটবল, ফুটবল, জিমনাষ্টিকছ, ভাৰোত্তোলন, হেণ্ডবল, খো-খো, চাইক্লিং, ছেপাকট্ৰাক্ৰো, কাৰাটে, টাইকোৱানডো, লন টেনিছ, হকী, কায়াকিং এণ্ড কেনয়িং, ৰ’য়িং, ড্ৰেগণ ব’ট আৰু শ্বুটিং ৷

ইতিমধ্যে অসম যুৱ অলিম্পিকৰ টিজাৰ, পোষ্টাৰ, থীম ছং, টি-ছাৰ্ট আদি মুকলি কৰি দিয়া হৈছে ৷ এই ক্ৰীড়া সমাৰোহৰ দলীয় শাখাত প্ৰতিবিধ খেলৰ অসমৰ প্ৰথম ৮খন শ্ৰেষ্ঠ জিলাই অংশগ্ৰহণ কৰিব ৷ ল’ৰা আৰু ছোৱালী উভয় শাখাৰ বাবে এই নিয়ম প্ৰযোজ্য হ’ব ৷ একেদৰে ব্যক্তিগত শাখাত প্ৰতিবিধ খেলৰ প্ৰথম ৮ গৰাকী শ্ৰেষ্ঠ খেলুৱৈয়ে যোগদান কৰিব পাৰিব ৷

এই ক্ৰীড়াত অসমৰ গ্ৰাম্য প্ৰতিভাই এখন বৃহৎ মঞ্চ লাভ কৰিব ৷ এই প্ৰতিযোগিতাৰ পৰাই অসমত এক সুস্থ ক্ৰীড়াৰ বাতাবৰণ গঢ় লৈ উঠিব বুলি আশা কৰিব পাৰি ৷ অসম যুৱ অলিম্পিক আয়োজনত বিশেষভাৱে আগভাগ লৈছে কেন্দ্ৰীয় মন্ত্ৰী তথা অসম অলিম্পিক সন্থাৰ সভাপতি সৰ্বানন্দ সোণোৱালে ৷ আশা কৰা হৈছে — অসম যুৱ অলিম্পিকৰ জৰিয়তে অসমৰ গাঁৱে-ভূঞে লুকাই থকা সুপ্ত প্ৰতিভাসমূহ উজলি উঠিব ৷

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

13 − 3 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Archives list

Recent Comments