অলিম্পিয়া প্ৰতিবেদন
কাউন্ট ডাউন আৰম্ভ । ক্ৰীড়া ক্ষেত্ৰত নতুন দিগন্ত সূচনা হোৱাৰ দিশে অসম । পোন প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হ’ব অসম যুৱ অলিম্পিক । প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ ।
অহা ২৩ ৰ পৰা ২৭ জুলাইলৈ অসম চৰকাৰ আৰু অসম অলিম্পিক সন্থাৰ যুটীয়া প্ৰচেষ্টাত আয়োজন কৰা হৈছে অসম যুৱ অলিম্পিক । ২৩ জুন , বৃহস্পতিবাৰ আন্তঃৰাষ্ট্ৰীয় অলিম্পিক দিৱসৰ দিনাই অসম যুৱ অলিম্পিকৰ কাউন্ট ডাউন আৰম্ভ হ’ল । অসম অলিম্পিক সন্থাৰ উদ্যোগত আৰু কটন বিশ্ববিদ্যালয়ৰ ছাত্র একতা সভাৰ সহযোগত বৃহস্পতিবাৰে কটন বিশ্ববিদ্যালয়ৰ কে বি আৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হ’ল আন্তঃবিশ্ববিদ্যালয় তৰ্ক প্ৰতিযোগিতা আৰু আন্তঃমহাবিদ্যালয় কুইজ প্ৰতিযোগিতা । য’ত অংশগ্ৰহণ কৰিলে প্ৰায় ১০ খন বিশ্ববিদ্যালয় আৰু ৩০ খন মহাবিদ্যালয়ৰ ছাত্র-ছাত্রীয়ে । ইফালে এই অনুষ্ঠানতে অসম যুৱ অলিম্পিকৰ লগ’ উন্মোচন কৰিলে ৰাজ্যৰ জলসম্পদ মন্ত্রী তথা অসম অলিম্পিক সন্থাৰ উপ সভাপতি পীযুষ হাজৰিকাই । লগতে অসম যুৱ অলিম্পিকৰ টি চাৰ্ট, কফি কাপ মুকলি কৰিলে দৌৰবিদ অম্লান বৰগোঁহাই, সাঁতোৰবিদ শিংবাগী শৰ্মাই । কণ্ঠশিল্পী মৌচম গগৈৰ কন্ঠত জীপাল অসম যুৱ অলিম্পিকৰ থীম ছংটো এই অনুষ্ঠানতে মুকলি কৰা হয় । সকলোৰে সহযোগিতা বিচাৰিলে অসম অলিম্পিক সন্থাৰ উপ সভাপতি পীযুষ হাজৰিকাই ।
ৰাজ্যৰ ৩৫ খন জিলাই অংশগ্ৰহণ কৰিব লগা অসম যুৱ অলিম্পিকৰ বাবে ২৭ জুনৰ পৰা জিলা দলসমূহ ঘোষণা কৰা হ’ব । এনে প্ৰতিযোগিতাৰ পৰাই অসমত উচ্চ মানদণ্ডৰ খেলুৱৈ সৃষ্টি হ’ব বুলি আশাবাদী অসম অলিম্পিক সন্থাৰ সম্পাদক লক্ষ্য কোঁৱৰ ।
উল্লেখযোগ্য যে, অসম যুৱ অলিম্পিকৰ লগ’ উন্মোচন অনুষ্ঠানত উপস্থিত থাকিল কটন বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড০ ভবেশ চন্দ্ৰ গোস্বামী । বিশেষভাৱে সম্বৰ্ধনা জনোৱা হয় ক্ৰীড়া সঞ্চালক নিবেদন দাস পাটোৱাৰী, প্ৰাক্তন ৰঞ্জি ক্ৰিকেটাৰ ৰাজেশ বৰা , ৰাজীৱ মহাজন আদি বিশিষ্ট ব্যক্তিসকলে ।
ক্ৰীড়া অনুৰাগীৰ আশা– -অসম যুৱ অলিম্পিক সাফল্যমণ্ডিত হৈ উঠক । এনে প্ৰতিযোগিতাৰ পৰাই জন্ম হওক তাৰকা খেলুৱৈৰ ।