Sunday, October 2, 2022
HomeNewsঅসম যোগ সংস্থাৰ সম্বৰ্ধনা অনুষ্ঠান সম্পন্ন

অসম যোগ সংস্থাৰ সম্বৰ্ধনা অনুষ্ঠান সম্পন্ন

নগাঁৱৰ পৰা অলিম্পিয়াৰ হৈ দীপশিখা বৰা হাজৰিকা

অন্ধ্ৰ প্ৰদেশৰ টাডেপল্লিগুডেমৰ ডিপিএছত সদ্যসমাপ্ত ৪৬ সংখ্যক ৰাষ্ট্ৰীয় ছিনিয়ৰ যোগাসন ক্ৰীড়া প্ৰতিযোগিতাত অসম দলটোৰ পদক আৰু স্থানপ্ৰাপক খেলুৱৈসকলক সম্বৰ্ধনা জনোৱাৰ উদ্দেশ্যে অসম যোগ সংস্থাই শুক্ৰবাৰে সন্ধিয়া ৮ বজাত নগাঁৱৰ চক দে ধাবাৰ সভকক্ষত এক সম্বৰ্ধনা অনুষ্ঠান অনুষ্ঠিত কৰে । এই উপলক্ষে অসম যোগ সংস্থাৰ সাধাৰণ সম্পাদক তথা যোগ গুৰু প্ৰভাত চন্দ্ৰ বৰাই আঁত ধৰা অনুষ্ঠানত যোগ সংস্থাৰ অধ্যক্ষ ডাঃ কৃষ্ণ কুমাৰ বৰা, সভাপতি তপন দাস, ৰ’টাৰী ক্লাবৰ সামূহিক সেৱাৰ সঞ্চালক তথা বিশিষ্ট সমাজ সংগঠক জোন ৰাজখোৱা, সত্যজিৎ বৰা, প্ৰবীন শিক্ষাবিদ নবীন চন্দ্ৰ বৰাই পদকপ্ৰাপক খেলুৱৈসকলক উদ্দেশি ভাষণ প্ৰদানৰে উৎসাহিত কৰে । অসম যোগ সংস্থাৰ বিষয়ববীয়া মঞ্জুলা লস্কৰ, সমীৰ হাজৰিকা, চিত্তৰঞ্জন বৰা, সমাজকৰ্মী মনোজ কলিতা, বুলবুল বৰা, ৰবীন্দ্ৰ কুমাৰ শ্বাহ, বিচিত্ৰ বড়া, হিৰণ্য গোহাঁই, উদীয়মান সাংবাদিক জেহিৰুল ইছলাম আদি উপস্থিত থকা অনুষ্ঠানটোত ইলেকট্ৰ’নিক মাধ্যমৰ সাংবাদিক বীৰেন বৰাক বিশেষভাৱে সম্বৰ্ধনা জনোৱা হয় । সদ্যসমাপ্ত ছিনিয়ৰ ৰাষ্ট্ৰীয় যোগাসন ক্ৰীড়াত অসমৰ পৰা শ্বেখৰ ভট্টাচাৰ্যী, সুধাংশু শ্বেখৰ, শুভজিৎ মণ্ডল, সোণ্টাকি বিকাশ জ্ঞানদেউ আৰু দীপক কুমাৰ দাসে পাঁচটাকৈ পদক পোৱাৰ লগতে আন ১২ গৰাকী খেলুৱৈয়ে চতুৰ্থৰ পৰা ষষ্ঠৰ ভিতৰত স্থান লাভ কৰিছিল ।মনকৰিবলগীয়া যে, অসমে দলগতভাৱে ফ্ৰি ফ্ল’ যোগাত ৰূপৰ পদক আজুৰি আনিবলৈয়ো সক্ষম হৈছিল । ৰাজ্যিক ছিনিয়ৰ যোগাসন ক্ৰীড়াত সুমন্ত মিত্ৰ মুখ্য প্ৰশিক্ষক, জয়াৰাণী ডেকা আৰু নিজৰা বৰা সহযোগী প্ৰশিক্ষকৰূপে আছিল ।ইয়াৰ উপৰি ৰাষ্ট্ৰীয় যোগাসন ৰেফাৰী পৰীক্ষাত এইবাৰ অসমৰ দহগৰাকী ৰেফাৰীয়ে সফলতাৰে উত্তীৰ্ণ হৈ ৰাজ্যখনলৈ গৌৰৱ কঢ়িয়াই অনাৰ বাবে তেওঁলোককো অনুষ্ঠানত সম্বৰ্ধনা আগবঢ়োৱা হয় ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

twelve − seven =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments