Monday, October 3, 2022
HomeNewsঅসম শক্তিউত্তোলন দলৰ বিৰাট সাফল্য

অসম শক্তিউত্তোলন দলৰ বিৰাট সাফল্য

অলিম্পিয়া প্ৰতিবেদন

যোৱা ৫-৮ এপ্ৰিলত মহাৰাষ্ট্ৰৰ নাগপুৰত হোৱা ৰাষ্ট্ৰীয় শক্তি উত্তোলন প্রতিযোগিতাত অসম শক্তি উত্তোলন দলটিয়ে ২২ টা সোণৰ, ৮ টা ৰূপৰ আৰু ৫ টা ব্ৰঞ্জৰ পদকসহ মুঠ ৩৫ টা পদক পায় । প্রতিযোগিতাখনত সোণৰ পদক বিজয়ী অসমৰ খেলুৱৈসকল হ’ল – ঋষভ ঘোষ, পল্লৱ কোঁচ, জ্যোতিষ্মান ভাগৱতী, হৰি দাস, প্রাঞ্জল ডেকা, বিদ্যুত বৰা, প্ৰাঞ্জল বৰা, যোগেন দাস, গৌতম হাজৰিকা, ৰিয়া বড়ো, শিখামণি বায়ন, ৰুঞ্জাপ্ৰিয়া
পাঠক, চয়নিকা দ’লে, গাৰ্গী শৰ্মা আৰু শালিনী গগৈ । ৰূপৰ পদক বিজেতাসকল ক্রমে অম্লান বৰুৱা, প্ৰাঞ্জল প্রতীম শৰ্মা, জয় প্রকাশ ফুকন, ষ্টেলিন ইংতি, সুপর্ণা বৰ্মণ আৰু দীপা বৰুৱা; ব্ৰঞ্জৰ পদক পায় ৰিকি গগৈ, বিদ্যুত বৰা, প্ৰাঞ্জল ডেকা, জয় প্ৰকাশ ফুকন আৰু প্রাঞ্জল প্রতীম শৰ্মাই । প্রতিযোগিতাখনিত অসমৰ ৰিয়া বড়োৱে – ষ্ট্ৰং টিন গাৰ্ল আৰু ছুপাৰ টিন গাৰ্ল অৱ ইণ্ডিয়া-২০২২ দুটাকৈ খিতাপ ছাব-জুনিয়ৰ শাখাত, জুনিয়ৰ শাখাত গাৰ্গী শৰ্মাই- ঊছুপাৰ গাৰ্ল অৱ ইণ্ডিয়া – ২০২২ খিতাপ । ছাব-জুনিয়ৰ ল’ৰাৰ শাখাত ঋষভ ঘোষে
ছুপাৰ টিন বয় অৱ ইণ্ডিয়া- ২০২২ খিতাপ । প্রাঞ্জল বৰাই মাষ্টাৰ শাখাত ষ্ট্ৰং মেন অৱ ইণ্ডিয়া আৰু মাষ্টাৰ শাখাত গৌতম হাজৰিকাই ছুপাৰ মাষ্টাৰ মেন অৱ ইণ্ডিয়া – ২০২২ খিতাপ হস্তগত কৰে। অসমৰ শক্তি উত্তোলন ক্ৰীড়াৰ ইতিহাসত এই বৃহৎ সাফল্য ৰাষ্ট্ৰীয় পর্যায়ত এয়াই প্রথম। খেলুৱৈসকলৰ এই সফলতাৰ বাবে ৰাজ্যিক সন্থাটোৰ সভাপতি আৰু কাৰ্যকৰী সভাপতি ক্ৰমে মজনুৰ আলী আৰু ভৱজ্যোতি গোস্বামীয়ে দলটিক শুভেচ্ছা
জনায়। প্রতিযোগিতাখনিত অসম দলটিৰ মেনেজাৰ আৰু প্ৰশিক্ষক আছিল অনন্ত গগৈ আৰু দেবব্ৰত শৰ্মা । এই বাতৰি প্ৰেৰণ কৰিছে অসম শক্তি উত্তোলক সন্থাৰ ৰাজ্যিক সাধাৰণ সম্পাদক অজয় চেতিয়াই ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

twenty − thirteen =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments