Tuesday, October 4, 2022
HomeNewsঅসম সচিবালয়ৰ কেৰম প্ৰতিযোগিতাত শতাধিকৰ অংশগ্ৰহণ

অসম সচিবালয়ৰ কেৰম প্ৰতিযোগিতাত শতাধিকৰ অংশগ্ৰহণ

অসম সচিবালয়ৰ কেৰম প্ৰতিযোগিতাত শতাধিকৰ অংশগ্ৰহণ

অলিম্পিয়া প্ৰতিবেদন: অসম সচিবালয়ত ক্ৰীড়া আৰু সাংস্কৃতিক সন্থাৰ উদ্যোগত যোৱা ২২ ছেপ্টেম্বৰৰ পৰা চাৰিদিনীয়াকৈ আৰম্ভ হৈছে কেৰম প্ৰতিযোগিতা ৷ এই প্ৰতিযোগিতাত অংশ লৈছে অসামৰিক সেৱা সন্থাৰ খেলুৱৈসকলে ৷ কেৱল ছিংগল ইভেণ্টৰ প্ৰতিযোগিতাহে অনুষ্ঠিত হৈছে ৷ দিছপুৰ জনতা ভৱনত কাৰ্যালয় বন্ধৰ পাছত প্ৰতিদিনে সন্ধিয়া ৫ বজাৰ পৰা নিশালৈকে অংশগ্ৰহণ কৰিছে শতাধিক প্ৰতিযোগীয়ে ৷

অসম সচিবালয় ক্ৰীড়া আৰু সাংস্কৃতিক সন্থাৰ সম্পাদক অঞ্জন বুজৰবৰুৱাই জানিবলৈ দিয়া মতে প্ৰথমদিনা ৬ খন বৰ্ডত প্ৰাথমিক ৰাউণ্ডৰ খেলসমূহ হয় যদিও দ্বিতীয় দিনাৰ পৰা প্ৰতিযোগীৰ সংখ্যা বৃদ্ধি হোৱাৰ প্ৰতি লক্ষ্য ৰাখি দুখন অতিৰিক্ত কেৰম বৰ্ডৰ ব্যৱস্থা কৰা হৈছে ৷ প্ৰাথমিক ৰাউণ্ডৰ প্ৰতিখন খেল ৬ বৰ্ডৰ হৈছে যদিও কোৱাৰ্টাৰ ফাইনেলৰ পৰা খেলসমূহ গেম পৰ্যায়ত অনুষ্ঠিত হ’ব ৷

এই প্ৰতিযোগিতাৰ প্ৰথম, দ্বিতীয় আৰু তৃতীয় স্থান প্ৰাপ্ত খেলুৱৈয়ে আগৰতলাত নৱেম্বৰত অনুষ্ঠিত হব লগা সৰ্বভাৰতীয় অসামৰিক সেৱাৰ কেৰম প্ৰতিযোগিতাত অসমক প্ৰতিনিধিত্ব কৰিব ৷ সেয়ে প্ৰতিগৰাকী প্ৰতিযোগীয়ে এই কেৰম প্ৰতিযোগিতাখন গুৰুত্ব সহকাৰে গ্ৰহণ কৰিছে ৷ প্ৰতিযোগিতা অন্ত পৰিব অহা দেওবাৰে । বিজয়ী প্ৰতিযোগীক ট্ৰফী আৰু মানপত্ৰ প্ৰদান কৰা হ’ব ।

উল্লেখ্য যে অসম সচিবালয় ক্ৰীড়া আৰু সাংস্কৃতিক সন্থা ১৯৭৩ চনত শ্বিলঙত গঠিত হৈছিল ৷ গুৱাহাটীত প্ৰথম অৱস্থাত এই সন্থা সক্ৰিয় ৰূপত আছিল যদিও কিছুদিন ধৰি নিষ্ক্ৰিয় হৈ পৰে ৷ ২০১৮ ত অঞ্জন বুজৰবৰুৱা সম্পাদক হোৱাৰ পাছত এই সন্থা পুনৰ সক্ৰিয় হৈ উঠে আৰু তেতিয়াৰে পৰা কেৰমকে ধৰি বিভিন্ন প্ৰতিযোগিতাৰ আয়োজন কৰি আহিছে ৷ সন্থাই অলপতে টেবুল টেনিছ, এথলেটিকছ আৰু মহিলাৰ ক্ৰিকেট প্ৰতিযোগিতা আয়োজনৰ ব্যৱস্থা কৰিছে ৷ অসম সচিবালয়ত কৰ্মৰত প্ৰতিগৰাকী কৰ্মচাৰীয়ে দৈনন্দিন ব্যস্ততাৰ মাজতে ক্ৰীড়া প্ৰতিভা অব্যাহত ৰাখিব বুলি সকলোৱে আশা প্ৰকাশ কৰিছে ৷

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

18 − thirteen =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments