Wednesday, July 6, 2022
HomeNewsঅসম য়ুথ অলিম্পিক গেমছৰ বাবে অনলাইন লগো অংকন প্ৰতিযোগিতা

অসম য়ুথ অলিম্পিক গেমছৰ বাবে অনলাইন লগো অংকন প্ৰতিযোগিতা

অসম য়ুথ অলিম্পিক গেমছৰ বাবে অনলাইন লগো অংকন প্ৰতিযোগিতা

অলিম্পিয়া প্ৰতিবেদন:  অসম অলিম্পিক সন্থাৰ উদ্যোগত গুৱাহাটীত ২৩ জুলাইৰ পৰা অসম য়ুথ অলিম্পিক গেমছ আৰম্ভ হ’ব । য়ুথ অলিম্পিক গেমছৰ লগো নিৰ্ধাৰণ কৰাৰ বাবে অসম অলিম্পিক সন্থাই এখন অনলাইন লগো অংকন প্ৰতিযোগিতা অনুষ্ঠিত কৰিছে ।

আৰু অধিক পঢ়ক

সেই অনুসৰি প্ৰতিযোগীসকলে ১৪ জুনৰ ভিতৰত য়ুথ অলিম্পিক গেমছৰ লগো অংকন কৰি assamolympicassociation2019@gmail.com ইমেইলযোগে ১৪ জুন, ২০২২ বা তাৰ আগতে প্ৰেৰণ কৰিব লাগিব । প্ৰতিযোগীসকলে অংকন কৰা লগোৰ লগতে সম্পূৰ্ণ নাম, ঠিকনাসহ ফোন নম্বৰ প্ৰেৰণ কৰাটো বাধ্যতামুলক । লগো অংকন প্ৰতিযোগিতাত শ্ৰেষ্ঠ হোৱা লগোটোক য়ুথ অলিম্পিক গেমছৰ লগো হিচাপে বাছনি কৰা হ’ব ।

অলিম্পিয়া মাহেকীয়া আলোচনী পঢ়িবলৈ ইয়াত ক্লিক কৰক

প্ৰথম স্থান লাভ কৰা ব্যক্তিজনৰ উপস্থিতিত অসম অলিম্পিক সন্থাই এই লগোটো উন্মোচন কৰিব । তদুপৰি প্ৰথম স্থান লাভ কৰাজনক ৫,০০০, দ্বিতীয় স্থান লাভ কৰাজনক ৩,০০০ আৰু তৃতীয় স্থান প্ৰাপ্তজনক ২,০০০ টকাৰ প্ৰাইজমানি দিয়া হ’ব ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

fifteen − eleven =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Archives list

Recent Comments