Thursday, July 7, 2022
HomeNewsSports Newsঅসম ৰাজ্যিক সাঁতোৰ প্ৰতিযোগিতালৈ সাজু বিমলা প্ৰসাদ ছুইমিং পুল, প্ৰায় ৩০০...

অসম ৰাজ্যিক সাঁতোৰ প্ৰতিযোগিতালৈ সাজু বিমলা প্ৰসাদ ছুইমিং পুল, প্ৰায় ৩০০ প্ৰতিযোগী

অলিম্পিয়া প্ৰতিবেদন

দুটা বছৰ বিৰতিৰ পাছত অসম সাঁতোৰ সন্থাই গ্ৰহণ কৰিছে এক উল্লেখযোগ্য পদক্ষেপ । অহা ১০ জুনৰ পৰা ১২ জুনলৈ গুৱাহাটীৰ বিমলা প্ৰসাদ চলিহা ছুইমিং পুলত অনুষ্ঠিত হ’ব ২৯ সংখ্যক অসম ৰাজ্যিক সাঁতোৰ প্ৰতিযোগিতা । গ্ৰুপ ১, গ্ৰুপ ২ আৰু গ্ৰুপ ৩ — এই তিনিটা শাখাত অনুষ্ঠিত হ’ব লগা প্ৰতিযোগিতাখনত ৰাজ্যখনৰ ১৪ খন জিলাৰ যোগদান নিশ্চিত হৈছে । আশাকৰা হৈছে ২৫০ ৰ পৰা ৩০০ গৰাকী প্ৰতিযোগীৰ সমাবেশ ঘটিব এই প্ৰতিযোগিতাত ।
উল্লেখযোগ্য যে, জুনত অনুষ্ঠিত হ’ব লগা ছাব জুনিয়ৰ ৰাষ্ট্ৰীয় আৰু জুলাইত অনুষ্ঠিত হ’ব লগা জুনিয়ৰ ৰাষ্ট্ৰীয় চেম্পিয়নশ্বিপৰ বাবে ইয়াৰ পৰাই অসম দলটোক বাছনি কৰা হ’ব । সেয়েহে এই প্ৰতিযোগিতাক লৈ আশাবাদী অসম সাঁতোৰ সন্থা । কোভিদজনিত পৰিস্থিতিৰ বাবে ৰাজ্যৰ আন ক্ৰীড়াৰ তুলনাত সাঁতোৰ ক্ষেত্ৰখন যথেষ্ট ক্ষতিগ্ৰস্ত হয় । সাৱধানতা অৱলম্বন কৰি চৰকাৰে ছুইমিং পুলবোৰ বন্ধ কৰি দিয়াৰ ফলত প্ৰতিভাবান খেলুৱৈসকলৰ প্ৰশিক্ষণ সম্পূৰ্ণৰূপে বন্ধ হৈ পৰে । এনে এক অৱস্থাত এইখিনি সময়ত বহু খেলুৱৈয়ে সাঁতোৰ বাদ দিব লগা হৈছিল । গাঁৱৰ পুখুৰীত দুই-একে প্ৰশিক্ষণ চলাই চমকপ্ৰদ সাফল্য অৰ্জন কৰিছে । ৰাজ্যিক সম্পাদনক ভাস্কৰ দাসে প্ৰতিযোগিতাখন সুকলমে আয়োজন কৰাৰ বাবে সকলো ধৰণৰ প্ৰস্তুতি সম্পূৰ্ণ হোৱা বুলি প্ৰকাশ কৰিছে ।
ক্ৰীড়া অনুৰাগীৰ আশা — অসম ৰাজ্যিক সাঁতোৰ প্ৰতিযোগিতাৰ জৰিয়তে জন্ম হওক উদীয়মান সাতোৰবিদৰ । আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈ উন্নীত হ‌ওক অসমৰ প্ৰতিভাৱান সাতোৰবিদ ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

seventeen + one =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Archives list

Recent Comments