নিজৰ ৬০ তম জন্মদিন পালন কৰাৰ পিছতে অসুস্থ হৈ পৰিছে ফুটবলৰ ৰাজপুত্ৰ ডিয়েগো মাৰাডোনা। স্বাস্থ্যৰ যথেষ্ট অবনতি ঘটাত মাৰাডোনাক কালি ভৰ্তি কৰোৱা হৈছে চিকিৎসালয়ত। অত্যন্ত মানসিক চাপত ভূগি থকাৰ বাবেই কিম্বদন্তী ফুটবলাৰজন অসুস্থ হৈ পৰিছে বুলি জানিব পৰা গৈছে।
আৰ্জেণ্টিনাৰ প্ৰাক্তন ফুটবলাৰগৰাকী চিকিৎসালয়ত ভৰ্তি কৰোৱাৰ পিছতে অনুৰাগীসকলৰ মাজত চৰ্চা চলিছিল তেওঁৰ অসুস্থতাৰ কাৰণক লৈ। একাংশই সামাজিক মাধ্যমত প্ৰচাৰ চলাইছিল তেওঁ কভিড-১৯ত আক্ৰান্ত হৈছে বুলি। আন একাংশই আকৌ তেওঁ হৃদ ৰোগত আক্ৰান্ত হোৱা বুলিও প্ৰচাৰ চলাইছিল। কিন্তু এইসকলো সামাজিক মাধ্যমৰ চৰ্চিত খবৰক নস্যাত কৰি মাৰাডোনাৰ ব্যক্তিগত চিকিৎসকে সংবাদ মাধ্যমৰ আগত জনাইছে যে অত্যাধিক মানসিক চাপৰ বাবেই অসুস্থ হৈ পৰিছে ফুটবলৰ ৰাজপুত্ৰ।